বিত্ত মন্ত্ৰালয়

কৃষি খণ্ডই বিগত ৫ বছৰত গড় বাৰ্ষিক বৃদ্ধিৰ হাৰ ৪.১৮ শতাংশ পঞ্জীয়ন কৰিছে: অৰ্থনৈতিক সমীক্ষা

ক্ষুদ্ৰ কৃষকসকলে উচ্চ মূল্যৰ শস্য উৎপাদন কৰিব লাগিব

সকলো তৈলবীজৰ মুঠ ৰোপণ এলেকা ২০১৪-১৫ বৰ্ষত ২৫.৬০ নিযুত হেক্টৰৰ পৰা ২০২৩-২৪ চনত ৩০.০৮ নিযুত হেক্টৰলৈ বৃদ্ধি হৈছে

কৃষি খণ্ডক উৎসাহিত কৰিবলৈ, ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি কৰাটো প্ৰয়োজনীয়

Posted On: 22 JUL 2024 2:59PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪ উপস্থাপন কৰে। অৰ্থনৈতিক সমীক্ষাত ক্ষুদ্ৰ কৃষকসকলে উচ্চ মূল্যৰ শস্য খেতি কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। জৰীপ অনুসৰি,  ক্ষুদ্ৰ কৃষকৰ আয় বৃদ্ধিয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিব লগতে উৎপাদন খণ্ডলৈ অধিক পৰিৱৰ্তন আনিব।

                                                                  

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে ভাৰতীয় কৃষি খণ্ডই জনসংখ্যাৰ প্ৰায় ৪২.৩ শতাংশ লোকক জীৱিকাৰ সহায় আগবঢ়ায় আৰু বৰ্তমান মূল্যত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৮.২ শতাংশ অংশ কৃষিখণ্ডই আগবঢায় আহিছে। বিগত ৫ বছৰত কৃষি খণ্ডৰ গড় বাৰ্ষিক বৃদ্ধিৰ হাৰ ৪.১৮ শতাংশ পঞ্জীয়ন কৰা হৈছে আৰু ২০২৩-২৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি  বিকাশৰ হাৰ আছিল ১.৪ শতাংশ।

অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ কৰা অনুসৰি কৃষি গৱেষণাত বিনিয়োগ আৰু নীতি প্ৰযোজ্যই খাদ্য সুৰক্ষাত যথেষ্ট অৰিহণা যোগাইছে । অনুমান কৰা হৈছে যে কৃষি গৱেষণাত বিনিয়োগ কৰা প্ৰতি টকাৰ বাবে (শিক্ষাকে ধৰি), ১৩.৮৫ টকা পৰিশোধ কৰা হয় । ২০২২-২৩ বৰ্ষত, ১৯.৬৫ হাজাৰ কোটি টকা কৃষি গৱেষণাৰ বাবে ব্যয় কৰা হয়।

অৰ্থনৈতিক সমীক্ষাই কৃষি ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধিৰ আহ্বান জনাই কয় যে কৃষি খণ্ডক গতি প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ। প্ৰযুক্তি, উৎপাদন পদ্ধতি, বিপণন আন্তঃগাঁথনি, আৰু শস্য চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাসত বিনিয়োগ বৃদ্ধি কৰাটো প্ৰয়োজনীয়। শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ফলত অপচয়/লোকচান হ্ৰাস হ'ব পাৰে আৰু সঞ্চয় বৃদ্ধি হ'ব পাৰে, যাৰ ফলত কৃষকসকলে উচিত মূল্য নিশ্চিত কৰিব পাৰিব।

                                                                  

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে ২০২২-২৩ বৰ্ষত, খাদ্যশস্য উৎপাদন সৰ্বকালৰ সৰ্বাধিক ৩২৯.৭ নিযুত টন তৈলবীজ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু তৈলবীজ উৎপাদন ৪১.৪ নিযুত টনত লক্ষ্যত উপনীত হৈছে। ২০২৩-২৪ বৰ্ষত খাদ্যশস্যৰ উৎপাদন কম বৰষুণৰ বাবে ৩২৮.৮ নিযুত টন হৈ সামান্য হ্ৰাস পাইছিল। খোৱা তেলৰ ঘৰুৱা উপলব্ধতা ২০১৫-১৬ বৰ্ষত ৮৬.৩০ লাখ টনৰ পৰা ২০২৩-২৪ বৰ্ষত ১২১.৩৩ লাখ টনলৈ বৃদ্ধি পাইছে । সকলো তৈলবীজৰ ৰোপণ এলেকা ২০১৪-১৫ বৰ্ষত ২৫.৬০ নিযুত হেক্টৰৰ পৰা ২০২৩-২৪ বৰ্ষত ৩০.০৮ নিযুত হেক্টৰলৈ বৃদ্ধি হৈছে (১৭.৫%) বৃদ্ধি হৈছে । ইয়াৰ ফলত আমদানি কৰা খোৱা তেলৰ পৰিমাণ হ্ৰাস পাইছে । ঘৰুৱা চাহিদা বৃদ্ধি আৰু তেল ব্যৱহাৰৰ প্ৰৱণতাৰ পৰিৱৰ্তন স্বত্বেও, ই ২০১৫-১৬ বৰ্ষত ৬৩.২ শতাংশৰ পৰা ২০২২-২৩ বৰ্ষত ৫৭.৩ শতাংশলৈ হ্ৰাস পাইছে।

অৰ্থনৈতিক সমীক্ষাই পৰামৰ্শ দিয়ে যে কৃষি বিপণনত দক্ষতা বৃদ্ধি কৰিবলৈ, আৰু উচিত মূল্য নিশ্চিত কৰিবলৈ, চৰকাৰে ই-এনএএম আঁচনি ৰূপায়ণ কৰিছিল আৰু ১৪ মাৰ্চ ২০২৪ তাৰিখলৈকে, ই-এনএএম পৰ্টেলত ১.৭৭ কোটিৰো অধিক কৃষক আৰু ২.৫৬ লাখ ব্যৱসায়ীক পঞ্জীয়ন কৰা হৈছে। ভাৰত চৰকাৰে ২০২৭-২৮ বৰ্ষলৈকে ৬.৮৬ হাজাৰ কোটি বাজেট ব্যয়ৰ সৈতে ২০২০ চনত ১০,০ এফপিঅ' গঠন আৰু প্ৰচাৰ আঁচনি আৰম্ভ কৰিছিল।  ২৯ ফেব্ৰুৱাৰী ২০২৪ তাৰিখলৈকে, নতুন এফপিঅ' আঁচনিৰ অধীনত ৮১৯৫ টা এফপিঅ'য়ে পঞ্জীয়ন কৰিছে, আৰু ৩,৩২৫এফপিঅ'ক ১৫৭.৪.কোটি টকাৰ  অনুদান মুকলি কৰা হৈছে।

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে কৃষি মূল্য সমৰ্থনে কৃষকসকলক লাভজনক লাভ, উপাৰ্জন বৃদ্ধিৰ আশ্বাস দিয়ে আৰু চৰকাৰক যুক্তিসঙ্গত মূল্যত যোগান নিশ্চিত কৰিবলৈ অনুমতি দিয়ে। সেই অনুসৰি, চৰকাৰে ২০১৮-১৯ বৰ্ষৰ পৰা সৰ্বভাৰতীয় ওজনযুক্ত উৎপাদন ব্যয়তকৈ কমেও ৫০ শতাংশৰ ব্যৱধানত সকলো খৰিফ, ৰবি আৰু অন্যান্য বাণিজ্যিক শস্যৰ বাবে এমএছপি বৃদ্ধি কৰি আহিছে।

 

 

অৰ্থনৈতিক সমীক্ষাই দেখুৱাইছে যে আটাইতকৈ দুৰ্বল কৃষক পৰিয়ালসমূহক সামাজিক সুৰক্ষা প্ৰদান কৰিবলৈ, চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ মান্ধান যোজনা (পিএমকেএমৱাই) কাৰ্যকৰী কৰে। আঁচনিখনে ৬০ বছৰ বয়সৰ নামভৰ্তি কৰা কৃষকসকলক মাহিলী ৩০০০ টকাৰ পেঞ্চন প্ৰদান কৰে।

অৰ্থনৈতিক জৰীপে, ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰধানমন্ত্ৰী কাৰ্যসূচী পুনৰুদ্ধাৰ, সজাগতা সৃষ্টি, পুষ্টি, আৰু পৃথিৱী উন্নতি (পিএম-প্ৰনাম) পদক্ষেপে ৰাজ্যসমূহক ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰে। ই বহনক্ষম পদ্ধতি  বৈকল্পিক সাৰৰ ব্যৱহাৰ, যেনে নেনো ইউৰিয়া, নেনো ডিএপি, আৰু জৈৱিক সাৰৰ ব্যৱহাৰৰ প্ৰচাৰ কৰে।

কৃষকৰ শস্যৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰ্থনৈতিক সমীক্ষাত প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ (পিএমএফবিৱাই) ওপৰত আলোকপাত কৰা হয় যিয়ে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগ বা ৰোগৰ ফলত শস্যৰ ক্ষতিৰ বিৰুদ্ধে সুৰক্ষা জাল প্ৰদান কৰে, যাৰ ফলত কৃষকসকলৰ বাবে বিত্তীয় স্থিৰতা নিশ্চিত হয়। আঁচনিখনে কৃষকসকলৰ জীৱিকা সুৰক্ষিত কৰে আৰু তেওঁলোকক আধুনিক কৃষি পদ্ধতি আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। পি.এম.এফ.বি.ৱাই. হৈছে কৃষকৰ নামভৰ্তিৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ শস্য বীমা আঁচনি আৰু বীমা প্ৰিমিয়ামৰ ক্ষেত্ৰত তৃতীয় সৰ্ববৃহৎ আঁচনি । আঁচনিখনে শস্য চপোৱাৰ পিছত আগতে ৰোপণ কৰাৰ পৰা সকলো অ-প্ৰতিৰোধযোগ্য প্ৰাকৃতিক বিপদাশংকাৰ বিপৰীতে কৃষকসকলক শস্যৰ বাবে ব্যাপক বিপদাশংকাৰ আৱৰণ প্ৰদান কৰে। ২০২৩-২৪ বৰ্ষত সামগ্ৰিক বীমাকৃত এলেকা ৬১০ লাখ হেক্টৰত উপনীত হৈছিল, ২০২২-২৩ বৰ্ষত ৫০০.২ লাখ হেক্টৰৰ তুলনাত। ২০১৬-১৭ বৰ্ষৰ পৰা আঁচনিখনৰ অধীনত মুঠ ৫৫৪৯.৪০ লাখ কৃষকৰ আৱেদন বীমা কৰা হৈছিল, আৰু দাবী হিচাপে ১৫০৫৮৯.১০ টকা পৰিশোধ কৰা হৈছে।

 

***

 

NB/SK/SS/AR



(Release ID: 2035435) Visitor Counter : 9