গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা বৃহস্পতিবাৰে ১৮ জুলাই, ২০২৪ত নতুন দিল্লীত এনচিঅ’আৰডিৰ সপ্তম শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিব

গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নাৰ্ক’টিক্স হেল্পলাইন ‘MANAS’ মুকলি কৰাৰ লগতে শ্ৰীনগৰত এনচিবিৰ মাণ্ডলিক কাৰ্যালয় উদ্বোধন কৰিব

শ্ৰী অমিত শ্বাহে এনচিবিৰ ‘বাৰ্ষিক প্ৰতিবেদন ২০২৩’ আৰু ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ৰ ওপৰত সাৰাংশ মুকলি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰে ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ‘জিৰ’ টলাৰেন্স পলিচি’ গ্ৰহণ কৰিছে যাতে ড্ৰাগছৰ বিপদ হ্ৰাস কৰিব পৰা যায়

গৃহ মন্ত্ৰালয়ে প্ৰতিষ্ঠানিক কাঠামো শক্তিশালী কৰা, সকলো নাৰ্ক’ এজেঞ্চীৰ মাজত সমন্বয় আৰু ব্যাপক জনজাগৰণ অভিযানৰ ৩ দফীয়া কৌশল অনুসৰণ কৰি ২০৪৭ চনৰ ভিতৰত মোদী জীৰ নিচামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’ব

Posted On: 15 JUL 2024 6:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ১৮ জুলাই, ২০২৪ত নতুন দিল্লীত নাৰ্ক’ সমন্বয় কেন্দ্ৰৰ (এনচিঅ’আৰডি) সপ্তম শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিব। গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নাৰ্ক’টিক্স হেল্পলাইন ‘MANAS’ মুকলি কৰাৰ লগতে শ্ৰীনগৰত নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ মাণ্ডলিক কাৰ্যালয়ো উদ্বোধন কৰিব। ইয়াৰ সমান্তৰালকৈ শ্ৰী অমিত শ্বাহে এনচিবিৰ ‘বাৰ্ষিক প্ৰতিবেদন ২০২৩’ আৰু ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ৰ ওপৰত সাৰাংশ মুকলি কৰিব। এই বৈঠকৰ উদ্দেশ্য হৈছে, ভাৰতত মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ জড়িত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ প্ৰচেষ্টাত সমন্বয় আৰু সহযোগিতা স্থাপন কৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰে ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ‘জিৰ’ টলাৰেন্স পলিচি’ গ্ৰহণ কৰিছে যাতে ড্ৰাগছৰ বিপদ হ্ৰাস কৰিব পৰা যায়। গৃহ মন্ত্ৰালয়ে প্রতিষ্ঠানিক কাঠামো শক্তিশালী কৰা, সকলো নার্ক’ এজেঞ্চীৰ মাজত সমন্বয় আৰু ব্যাপক জনসচেতনতা অভিযানৰ ৩ দফীয়া কৌশল অনুসৰণ কৰি, ২০৪৭ চনৰ ভিতৰত মোদী জীৰ নিচামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’ব৷

এই কৌশলৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে, য’ত তলত দিয়াবোৰ অন্তৰ্ভুক্ত—

  • চাৰিটা স্তৰৰ ব্যৱস্থাটোৰ সকলো স্তৰত সকলো অংশীদাৰৰ নিয়মীয়া এনচিঅ’আৰডি বৈঠক
  • কাৰ্যকলাপ আৰু উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ এটা সমৰ্পিত কেন্দ্ৰীভূত এনচিঅ’আৰডি পৰ্টেল আৰম্ভ কৰা
  • বিশেষ ডাঙৰ গোচৰ, যাৰ অন্যান্য অপৰাধ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱৰ সৈতে সম্পৰ্ক আছে, সিবিলাকৰ সম্পৰ্কত সমন্বয়ৰ বাবে এখন যৌথ সমন্বয় সমিতি গঠন কৰা
  • প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত এটা সমৰ্পিত এণ্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চ (এএনটিএফ) গঠন
  • মাদক দ্ৰব্য নষ্ট কৰাৰ অভিযানক উচ্চ অগ্ৰাধিকাৰ
  • নাৰ্ক’ অপৰাধীৰ বাবে NIDAAN পৰ্টেল মুকলি
  • মাদক দ্ৰব্য ধৰা পেলোৱাৰ বাবে কেনাইন (canine) স্কোৱাড গঠন
  • ফৰেনছিক ক্ষমতা শক্তিশালী কৰা
  • বিশেষ এনডিপিএছ আদালত আৰু ফাষ্ট ট্ৰেক আদালত স্থাপন
  • মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিচামুক্ত ভাৰত অভিযান (এনএমবিএ)

ৰাজ্য আৰু গৃহ মন্ত্ৰালয়ৰ মাজত উন্নত সমন্বয়ৰ বাবে ২০১৬ চনত এনচিঅ’আৰডি ব্যৱস্থা স্থাপন কৰা হৈছিল। ২০১৯ চনত ইয়াক চাৰিটা স্তৰৰ ব্যৱস্থাৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰা হয়। শীৰ্ষ পৰ্যায়ৰ এনচিঅ’আৰডি সমিতিৰ অধ্যক্ষ কেন্দ্ৰীয় গৃহ সচিব, কাৰ্যবাহী পৰ্যায়ৰ এনচিঅ’আৰডি সমিতিৰ অধ্যক্ষ গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিব, ৰাজ্যিক পৰ্যায়ৰ এনচিঅ’আৰডি সমিতিসমূহৰ অধ্যক্ষ ৰাজ্যসমূহৰ মুখ্য সচিব আৰু জিলা পৰ্যায়ৰ এনচিঅ’আৰডি সমিতিসমূহৰ অধ্যক্ষ জিলা দণ্ডাধীশ।

**********

RK/VV/ASH/PS



(Release ID: 2033522) Visitor Counter : 16