প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন কি বাত কাৰ্যসূচীৰ জুন, ২০২৪ খণ্ডৰ বাবে ধাৰণা আৰু ইনপুট আমন্ত্ৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 18 JUN 2024 3:18PM by PIB Guwahati

নিৰ্বাচনৰ বাবে অলপ সময়ৰ বিৰতিৰ পিছত অল ইণ্ডিয়া ৰেডিঅ'ৰ মন কি বাত অনুষ্ঠানৰ সমাগত খণ্ডটোক লৈ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। তেওঁ জনায় যে এই মাহৰ মন কি বাত কাৰ্যসূচী ৩০ জুন, দেওবাৰে অনুষ্ঠিত হ’ব।

 

শ্ৰী মোদীয়ে জনসাধাৰণক মন কি বাতৰ ১১১ তম খণ্ডৰ বাবে তেওঁলোকৰ ধাৰণা আৰু ইনপুট সমূহ মাইগভ অপেন ফ'ৰাম, নমো এপত লিখি বা ১৮০০ ১১ ৭৮০০ ত বাৰ্তাটো ৰেকৰ্ড কৰি ভাগ বাটোৱাৰা কৰিবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ ত এটা পোষ্টত কয়:

 

"নিৰ্বাচনৰ বাবে কিছু মাহৰ ব্যৱধানৰ পিছত, #MannKiBaat ঘূৰি আহিছে বুলি জনাবলৈ পাই আনন্দিত হৈছো! এই মাহৰ কাৰ্যসূচী ৩০ জুন, দেওবাৰে অনুষ্ঠিত হ'ব। মই আপোনালোক সকলোকে ইয়াৰ বাবে আপোনালোকৰ ধাৰণা আৰু ইনপুট ভাগ বাটোৱাৰা কৰিবলৈ আহ্বান জনাইছো। মাইগভ অপেন ফ'ৰাম, নমো এপত লিখক বা আপোনাৰ বাৰ্তা  ১৮০০ ১১ ৭৮০০ ত ৰেকৰ্ড কৰক।"

 

Delighted to share that after a gap of some months due to the elections, #MannKiBaat is back! This month's programme will take place on Sunday, 30th June. I call upon all of you to share your ideas and inputs for the same. Write on the MyGov Open Forum, NaMo App or record your…

— Narendra Modi (@narendramodi) June 18, 2024

 

 

DS/SR/HS/ID



(Release ID: 2026361) Visitor Counter : 28