কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কাইলৈ বাৰাণসীত পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব

৯.২৬ কোটিৰো অধিক কৃষকে ২০,০০০ কোটি টকাৰো অধিক ধন লাভ কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে কৃষি সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক প্ৰমাণ-পত্ৰ বিতৰণ কৰিব

Posted On: 17 JUN 2024 2:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত বাৰাণসীত পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ জৰিয়তে ৯.২৬ কোটি কৃষকে ২০,০০০ কোটি টকাৰো অধিক ধন লাভ কৰিব। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক (SHG) পেৰা এক্সটেনচন কৰ্মী হিচাপে কাম কৰিবলৈ প্ৰমাণ-পত্ৰ বিতৰণ কৰিব।

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াত ২.৫ কোটিৰো অধিক কৃষকে সমগ্ৰ দেশৰ ৭৩২ টা কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), ১ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতি আৰু ৫ লাখ কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে যোগদান কৰিব।

এই উপলক্ষে নিৰ্বাচিত ৫০ টা কৃষি বিকাশ কেন্দ্ৰ (KVK)ত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে য’ত ভাল সংখ্যক কৃষক-ৰাইজে যোগদান কৰিব। এই কেন্দ্ৰসমূহলৈ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী গৈ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ জৰিয়তে কৃষকসকলক উত্তম কৃষি পদ্ধতি, কৃষি ক্ষেত্ৰৰ উদীয়মান প্ৰযুক্তি, জলবায়ু স্থিতিস্থাপক কৃষি পন্থা ইত্যাদি সম্পৰ্কে সজাগ কৰি তোলা হ’ব। তেওঁলোকক পি এম-কিষাণৰ হিতাধিকাৰী স্থিতি কেনেকৈ চাব পাৰি, পেমেন্টৰ তথ্য, কিষাণ- ইমিত্ৰ চাটবটৰ ব্যৱহাৰ আদি সম্পৰ্কে এক আভাস দাঙি ধৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসকলে অঞ্চলসমূহৰ প্ৰশিক্ষণপ্ৰাপ্ত কৃষি সখীসকলক প্ৰমাণ-পত্ৰও বিতৰণ কৰিব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে গত ১৫ জুনত এখনি সংবাদমেলৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু কৃষকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে কৃষি সদায়েই এক অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। ২০১৯ত শুভাৰম্ভ কৰা পিএম-কিষাণ আঁচনিখনৰ জৰিয়তে কৃষকসকলক তেওঁলোকৰ বেংক একাউন্টত পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানেৰে যথেষ্ট উপকাৰ সাধন কৰা হৈছে। কৃষি ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড বুলি উল্লেখেৰে তেওঁক গুৰুত্বপূৰ্ণ কৃষি দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে আজিও বেছিভাগ নিয়োগৰ সুযোগ কৃষিৰ জৰিয়তে সৃষ্টি হয় আৰু দেশৰ খাদ্য ভাণ্ডাৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কৃষকসকলে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কৃষি আৰু কৃষকৰ সেৱা কৰাটো ঈশ্বৰ সেৱাৰ দৰে বুলি অভিহিত কৰে। আগন্তুক ১০০-দিনীয়া পৰিকল্পনাকে প্ৰমুখ্য কৰি চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কৌশলগত পৰিকল্পনাই কৃষি খণ্ডৰ বিকাশৰ বাবে চৰকাৰৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে।

 

উল্লেখযোগ্য যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। পিএম-কিষাণৰ অধীনত প্ৰতি চাৰি মাহৰ মূৰে-মূৰে তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬,০০০/- টকাৰ আৰ্থিক সুবিধা আগবঢ়োৱা হয়। সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) মাধ্যমেৰে ধনৰাশি প্ৰেৰণ কৰা হয়। ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব।

 

কৃষি সখীসকলক কৃষি পেৰা-এক্সটেনচন কৰ্মী হিচাপে বাছনি কৰা হৈছে কিয়নো তেওঁলোক বিশ্বাসযোগ্য সামাজিক-সমল ব্যক্তি আৰু অভিজ্ঞ কৃষক। ইতিমধ্যে কৃষি সখীসকলে ভিন্ন কৃষি পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ লাভেৰে সহ-কৃষকসকলক ফলপ্ৰসূভাৱে সহায় আৰু পথ-প্ৰদৰ্শন কৰিবলৈ সমৃদ্ধ হৈ উঠিছে। আজিলৈকে ৭০,০০০ ৰ ভিতৰত ৩৪,০০০ ৰো অধিক কৃষি সখীয়ে পেৰা-এক্সটেনচন ৱৰ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

*******

SK/SS/SB


(Release ID: 2025890) Visitor Counter : 235