সংসদীয় পৰিক্ৰমা
azadi ka amrit mahotsav

২০২৪ চনৰ ২৪ জুনৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হ’ব ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন

प्रविष्टि तिथि: 12 JUN 2024 1:42PM by PIB Guwahati

১৮ সংখ্যক  লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুন, ২০২৪ৰ পৰা ৩ জুলাই, ২০২৪লৈ অনুষ্ঠিত হ'ব।এই অধিৱেশনত লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণৰ লগতে  অধ্যক্ষ নিৰ্বাচন, ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আৰু তাৰ পিছতে আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’(পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টৰ জৰিয়তে সংসদৰ অধিৱেশন সন্দৰ্ভত  সবিশেষ তথ্য অৱগত কৰিছে। মন্ত্ৰীগৰাকীয়ে  লগতে জনাইছে যে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২০২৪ চনৰ ২৭ জুন তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু ২০২৪ চনৰ ৩ জুলাইত সমাপ্ত হ’ব।

******


(रिलीज़ आईडी: 2024806) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Hindi_MP , Punjabi , Gujarati , Tamil , Malayalam , Manipuri , Bengali , English , Khasi , Urdu , Telugu