প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএমএৱাইৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণ কোটি কোটি ভাৰতীয়ৰ বাবে ‘জীয়াই থকাৰ সুচলতা’ৰ বাবে এক প্ৰেৰণা আৰু মৰ্যাদা - প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
10 JUN 2024 9:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া ঘৰ আবণ্টনৰ সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ মান উন্নত কৰা হৈছে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
কোটি কোটি ভাৰতীয়ৰ বাবে জীয়াই থকাৰ সুচলতা আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ প্ৰতি এয়া এক প্ৰেৰণা।
আজি কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিক সম্প্ৰসাৰণৰ লগতে ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু প্ৰতিগৰাকী নাগৰিকে যাতে এক উন্নত জীৱন যাপন কৰিব পাৰে, তাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি পিএমএৱাইৰ সম্প্ৰসাৰণে আমাৰ চৰকাৰৰ সৰ্বাংগীন বিকাশ আৰু সমাজ কল্যাণৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।"
***
DS
(रिलीज़ आईडी: 2023922)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Telugu
,
English
,
Gujarati
,
Bengali
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Kannada
,
Malayalam