তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

১৫ৰ পৰা ২১ জুন, ২০২৪ লৈ অনুষ্ঠিত হ'ব ‘অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’

দিল্লী, কলকাতা, চেন্নাই আৰু পুনেত সমান্তৰাল ‘স্ক্ৰীণিং’ৰ সৈতে মুম্বাইত উৎসৱ অনুষ্ঠিত হ'ব

৩৮ খন দেশৰ পৰা ৬৫ টা ভাষাৰ ১০০০ ৰো অধিক চলচ্চিত্ৰৰ অভিলেখ সংখ্যক যোগদান

তথ্যচিত্ৰ খণ্ডৰ নেতৃত্বত আৰোহণৰ লক্ষ্যৰে ২০২৪ সংস্কৰণ-ত ‘ডিঅচি ফিল্ম বজাৰ’ৰ প্ৰৱৰ্তন দেখিবলৈ পোৱা যাব

প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাসকলে ‘কিউৰেটেড’ বিষয়ত ২৫ টাতকৈ অধিক ‘মাষ্টাৰক্লাছ’, ‘পেনেল ডিছকাশ্যন’ আৰু ‘অ’পেন ফ'ৰাম’ত অংশগ্ৰহণ কৰিব

সন্মানীয় জুৰী সদস্যসকলৰ ভিতৰত আন্তৰ্জাতিক চলচ্চিত্ৰ নিৰ্মাতা অড্ৰিয়াছ ষ্টনিছ, ভাৰত বালা, ডঃ ববি শৰ্মা বৰুৱা, আন্না হেঙ্কেল-ডনাৰ্চমাৰ্ক আৰু প্ৰযোজক অপূৰ্ব বক্সী, এডেল চিলমান-এগবাৰ্ট, কেইকো বেং আৰু বাৰ্থেলেমি ফৌগেয়া অন্তৰ্ভুক্ত থাকিব

Posted On: 07 JUN 2024 4:10PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জজুৱে আজি ঘোষণা কৰে যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অষ্টাদশ সংস্কৰণ মুম্বাইত ১৫ জুনৰ পৰা ২১ জুন, ২০২৪ লৈ অনুষ্ঠিত হ'ব। তেওঁ কয় যে যদিও মহোৎসৱৰ স্থান ‘এফডি-এনএফডিচি কমপ্লেক্স, মুম্বাই’  হ'ব, পিছে, ‘এমআইএফএফ’ দিল্লী (চিৰিফৰ্ট প্ৰেক্ষাগৃহ), চেন্নাই (ঠাকুৰ চলচ্চিত্ৰ কেন্দ্ৰ), পুনে (এনএফএআই প্ৰেক্ষাগৃহ) আৰু কলকাতা (এছআৰএফটিআই প্ৰেক্ষাগৃহ)তো ইয়াৰ ‘স্ক্ৰীণিং’ অনুষ্ঠিত হ'ব।

 

অনুষ্ঠানটোত অতিৰিক্ত সচিব, শ্ৰীমতী নীৰজা শেখৰ, প্ৰধান মহা নিৰ্দেশক, পিআইবি, শ্ৰীমতী শ্বেফালী বি শৰণ আৰু ‘এনএফডিচি’-ৰ পৰিচালন সঞ্চালক, শ্ৰী প্ৰীথুল কুমাৰ উপস্থিত থকে।

 

এমআইএফএফ-ৰ চলচ্চিত্ৰ কাৰ্যক্ৰমণিকা

১. প্ৰতিযোগিতা শাখাৰ বাবে এই বছৰ ৩৮ খন দেশৰ ৬৫টা ভাষাৰ ১০১৮ খন চলচ্চিত্ৰৰ অভিলেখ সংখ্যক যোগদান

২. বিশিষ্ট চলচ্চিত্ৰ বিশেষজ্ঞৰ ৩ খন বাছনি সমিতিয়ে আন্তৰ্জাতিক (২৫) আৰু ৰাষ্ট্ৰীয় (৭৭) প্ৰতিযোগিতা শাখাৰ বাবে ১১৮ খন চলচ্চিত্ৰ বাছনি কৰিছে। এই বছৰ অতি উচ্চ মানৰ চলচ্চিত্ৰ লাভ কৰা হৈছে আৰু সেয়ে মহোত্সৱৰ বাবে ছবি নিৰ্বাচন কৰিবলৈ যাওতে বিশেষ কষ্ট কৰিবলগীয়া হৈছে বুলি বাছনি সমিতিয়ে সৰ্বসন্মতিক্ৰমে মন্তব্য কৰিছে।

৩. এই বছৰ ‘এমআইএফএফ’ কাৰ্যক্ৰমত মুঠ ৩১৪ খন চলচ্চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে

৪. ৮ টা ‘ৱৰ্ল্ড প্ৰিমিয়াৰ’, ৬ টা ‘আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ’, ১৭ টা ‘এছিয়া প্ৰিমিয়াৰ’ আৰু ১৫ টা ‘ইণ্ডিয়া প্ৰিমিয়াৰ’ অনুষ্ঠিত হ'ব।

৫. এই সংস্কৰণত বিশেষ ‘পেকেজ’বোৰ ‘কিউৰেট’ কৰা হৈছে, যাৰ ভিতৰত আছে:

ক.      অস্কাৰ আৰু বাৰ্লিনেলৰ পুৰস্কাৰ প্ৰাপক চলচ্চিত্ৰ-ৰ ‘পেকেজ’ (প্ৰতিটোত ১২ খন চুটি ছবি)

খ. ৰাছিয়া, জাপান, বেলাৰুছ, ইটালী, ইৰাণ, ভিয়েটনাম আৰু মালি- ৭ খন দেশৰ সৈতে সহযোগিতাৰে 'বিশেষ দেশ ফোকাছ পেকেজ'

গ. ৪খন দেশ- ফ্ৰান্স, স্লোভেনিয়া, আৰ্জেণ্টিনা আৰু গ্ৰীচ-ৰ পৰা সংগ্ৰহ কৰা ‘এনিমেশ্যন পেকেজ’

ঘ. সমগ্ৰ দেশৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ ছাত্ৰসকলৰ চলচ্চিত্ৰ (৪৫ খন চলচ্চিত্ৰ)

ঙ. ‘এনএফডিচি’-ৰ ‘ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ’ৰ পৰা ‘ক্লাছিক পেকেজ’ পুনৰুদ্ধাৰ কৰা হৈছে

চ. দেশৰ প্ৰগতি, বিকাশ আৰু সমৃদ্ধি প্ৰদৰ্শন কৰা ‘অমৃত কালত ভাৰত’ৰ বিশেষ বিষয়বস্তু আধাৰিত প্ৰতিযোগিতামূলক চলচ্চিত্ৰ

ছ. শ্ৰাব্য' বৰ্ণনা আৰু সাংকেতিক ভাষাৰ বিৱৰণৰ সৈতে দৃষ্টিশক্তি তথা শ্ৰৱণ শক্তিহীনসকলৰ বাবে ‘দিব্যাংগজন পেকেজ’ৰ বাবে চলচ্চিত্ৰ।

জ.      চলচ্চিত্ৰৰ নিৰ্বাচিত ‘পেকেজ’বোৰো অন্তৰ্ভুক্ত থাকিব -

১. বন্যপ্ৰাণী

২. মিছন লাইফ

৩. এছিয়ান মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ চলচ্চিত্ৰ

এমআইএফএফ-ৰ আৰম্ভণি আৰু সামৰণিৰ চলচ্চিত্ৰ

৬. ‘অষ্টাদশ এমআইএফএফ’-ৰ উদ্বোধনী চলচ্চিত্ৰ হ'ব "বিলি এণ্ড মলি, এন অটাৰ লাভ ষ্ট'ৰী", ১৫ জুন, ২০২৪ তাৰিখে মুম্বাই, দিল্লী, কলকাতা, পুনে আৰু চেন্নাইত প্ৰদৰ্শনেৰে উৎসৱৰ শুভাৰম্ভ কৰা হ’ব।

৭. মহোৎসৱৰ সামৰণিৰ চলচ্চিত্ৰ হ’ব ‘সোণালী শংখ’ জয় কৰা ছবিখন আৰু ২১ জুন, ২০২৪ তাৰিখে এই ছবি প্ৰদৰ্শিত হ'ব।

জুৰী আৰু বঁটাসমূহ

৮. আন্তৰ্জাতিক জুৰীমণ্ডলীত সমগ্ৰ বিশ্বৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব অন্তৰ্ভুক্ত হৈছে। তেওঁলোক হৈছে - কেইকো বেং, বাৰ্থেলেমি ফৌগেয়া, অড্ৰিয়াছ ষ্টনিছ, ভাৰত বালা, আৰু মানস চৌধুৰী, এওঁলোকে ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ’ৰ বাবে ‘সোণালী শংখ’, ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চুটি কল্পকাহিনী চলচ্চিত্ৰ’ আৰু ‘শ্ৰেষ্ঠ এনিমেশ্যন চলচ্চিত্ৰ’ৰ বাবে ‘ৰূপালী শংখ’, আৰু ‘আটাইতকৈ অভিনৱ পৰীক্ষামূলক/চলচ্চিত্ৰ’ৰ বাবে ‘প্ৰমোদ পাটী বঁটা’ প্ৰদান কৰিব।

৯. ‘অষ্টাদশ এমআইএফএফ’-ৰ ৰাষ্ট্ৰীয় জুৰীত এডেল চিলমান-এগবাৰ্ট, ড০ ববি শৰ্মা বৰুৱা, অপূৰ্ব বক্সী, মুঞ্জল শ্ৰফ আৰু আন্না হেংকেল-ডন নৰ্চমাৰ্কৰ দৰে উল্লেখযোগ্য ব্যক্তিত্ব আছে। এওঁলোকে শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰ, চুটি চলচ্চিত্ৰ, এনিমেশ্যন, ‘প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশকাৰীৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা’ (মহাৰাষ্ট্ৰ চৰকাৰে পৃষ্ঠপোষকতা কৰা) আৰু ‘ছাত্ৰসকলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা’ (‘আইডিপিএ’ই পৃষ্ঠপোষকতা কৰা) প্ৰদান কৰিব, ইয়াৰ উপৰিও বহুতো কাৰিকৰী বঁটা আৰু "অমৃতকালত ভাৰত" শিতানৰ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বাবে এক বিশেষ বঁটা প্ৰদান কৰিব।

১০. ৩ টা কাৰিকৰী বঁটা ১) চিনেমাটোগ্ৰাফী, ২) সম্পাদনা আৰু ৩) ছাউণ্ড ডিজাইন, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা উমৈহতীয়া ভাবে প্ৰদান কৰা হ'ব।

১১. ৩ গৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচকক এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ তথ্যচিত্ৰৰ বাবেও এটা ‘ফিপ্ৰেচি জুৰী বঁটা’ প্ৰদান কৰা হ’ব

১২. মুঠ ৪২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

সুগম মহোত্ৎসৱ

১৩. অডিঅ' বৰ্ণনা আৰু সাংকেতিক ভাষাৰ বিৱৰণৰ সৈতে দৃষ্টিহীন তথা শ্ৰৱণ শক্তিহীনসকলৰ বাবে চলচ্চিত্ৰ।

১৪. বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ চলচ্চিত্ৰৰ উপৰিও, ‘এনএফডিচি’য়ে ‘এনএফডিচি-এফডি চৌহদ’ত ‘এমআইএফএফ উৎসৱ’ৰ স্থানডোখৰ পৃথকভাৱে সক্ষম লোকসকলৰ লগতে বিশেষ প্ৰয়োজনীয়তা থকা লোকসকলৰ বাবে সম্পূৰ্ণৰূপে সুগম কৰাৰ বাবে এক অনালাভকাৰী সংগঠন ‘স্বয়ম’ৰে সৈতে অংশীদাৰিত্ব কৰিছে।

বৰ্ণাঢ্য উদ্বোধনী /সামৰণি অনুষ্ঠান আৰু ৰেড কাৰ্পেট

১৫ মুম্বাইৰ নৰিমন পইণ্টৰ ‘এনচিপিএ’ত বৰ্ণাঢ্য শুভাৰম্ভণি আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানসমূহত সাংস্কৃতিক কাৰ্যক্ৰমৰ এক শৈল্পিক সমন্বয় দেখা যাব য'ত ভাৰতীয় এনিমেশ্যনৰ যাত্ৰা, উদ্বোধনী অনুষ্ঠানত শ্ৰীলংকাৰ পৰা আৰু সামৰণি অনুষ্ঠানত আৰ্জেণ্টিনাৰ পৰা সাংস্কৃতিক প্ৰদৰ্শন আৰু এই বছৰৰ ‘৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱ’ত ‘লা চিনেফ বঁটা’ লাভ কৰা,  ‘এফটিআইআই’-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ চুটি চলচ্চিত্ৰ "ছানফ্লাৱাৰ ৱে’ৰ দা ফাৰ্ষ্ট ওৱান টু ন’" প্ৰদৰ্শন কৰা হ'ব।

১৬. মুম্বাইৰ ‘এনএফডিচি-এফডি কমপ্লেক্স’ত ১৫ জুনত উদ্বোধনী চলচ্চিত্ৰৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে ‘ৰেড কাৰ্পেট স্ক্ৰীণিং’ অনুষ্ঠিত হ'ব। বিশিষ্ট চলচ্চিত্ৰ তাৰকাসকলৰ সৈতে পৰিকল্পনা কৰা আন ‘ৰেড কাৰ্পেট’সমূহ হৈছে ‘পোচাৰ’, ‘ইনচাইড আউট-২’, ‘দ্য কমাণ্ডমেণ্টছ শ্বেডো’, ‘মাই মাৰ্কিউৰী’, ‘শ্ৰীকান্ত’, ‘ব্ৰেণ্ড বলীউড’ ইত্যাদি।

১৭. চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণেৰে দিল্লী (১৭ জুন), চেন্নাই (১৮ জুন), কলকাতা (১৯ জুন) আৰু পুনে (২০ জুন)ত আচুতীয়া ‘ৰেড কাৰ্পেট’ কাৰ্যক্ৰম অনুষ্ঠিত হ'ব।

মাষ্টাৰক্লাছ আৰু পেনেল ডিছকাশ্যন:

১৮. ‘অষ্টাদশ এমআইএফএফ’-ত চলচ্চিত্ৰ নিৰ্মাতা সন্তোষ শিৱান, অড্ৰিয়াছ ষ্টনিছ, কেতন মেহতা, ৰিচি মেহতা, টি এছ  নাগাভাৰানা, জৰ্জেছ শ্বিজগেবেল আদিৰ দৰে ছবি  উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে ২০ টা ‘মাষ্টাৰক্লাছ’, বাৰ্তালাপ আৰু ‘পেনেল ডিছকাশ্যন’ অনুষ্ঠিত হ'ব।

১৯. চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে জীৱন্ত এম্ফিথিয়েটাৰত প্ৰতিদিনে ‘ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজক সংস্থা’ (আইডিপিএ)ৰ সহযোগত মুক্ত মঞ্চৰ আলোচনা অনুষ্ঠিত হ'ব।

২০. পঞ্জীভুক্ত অংশগ্ৰহণকাৰীসকলৰ বাবে ‘এনিমেশ্যন আৰু ভিএফএক্স পাইপলাইন’ৰ এটা দ্ৰুত পাঠ্যক্ৰমৰ আয়োজন কৰা হৈছে।

 

ডিঅচি ফিল্ম বজাৰ:

২১. চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ প্ৰকল্পৰ বাবে ক্ৰেতা, পৃষ্ঠপোষক আৰু সহযোগী বিচাৰিবলৈ এখন মঞ্চ প্ৰদান কৰি চলচ্চিত্ৰ নিৰ্মাণ বৃদ্ধিত সহায় কৰিবলৈ প্ৰথমবাৰৰ বাবে ‘ডিঅচি চলচ্চিত্ৰ বজাৰ’ৰ আয়োজন কৰা হৈছে।

২২. ১০ খন দেশৰ পৰা ২৭ টা ভাষাত প্ৰায় ২০০টা প্ৰকল্প লাভ কৰা হৈছে।

২৩. ‘ডিঅচি ফিল্ম বজাৰ’ত ৩ টা ‘কিউৰেটেড’ উলম্ব আয়োজন কৰা হ'ব – 'কো-প্ৰডাকশ্যন মাৰ্কেট' (১৬ টা প্ৰকল্প), 'ৱৰ্ক-ইন-প্ৰগ্ৰেছ (ডব্লিউআইপি) লেব' (৬ টা প্ৰকল্প) আৰু 'ভিউয়িং ৰুম' (১০৬ টা প্ৰকল্প)।

২৪. নিৰ্বাচিত প্ৰকল্পসমূহৰ বাবে এই সুযোগসমূহৰ উপৰিও এক 'মুক্ত ক্ৰেতা-বিক্ৰেতা সন্মিলন' থাকিব যি চলচ্চিত্ৰ নিৰ্মাতাসকলক নিৰ্মাণ, ‘চিণ্ডিকেশ্যন’, অধিগ্ৰহণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত ক্ৰেতা আৰু কৰ্পোৰেটৰ সৈতে সহযোগিতা কৰাত সহায় কৰিব।

২৫. তথ্যচিত্ৰ নিৰ্মাণ আৰু ‘কৰ্পোৰেট ব্ৰেণ্ডিং’ৰ মাজত সহজীৱী সম্পৰ্ক অন্বেষণ কৰাৰ বাবে এক উচৰ্গিত অধিৱেশন অনুষ্ঠিত হ’ব। ‘এফআইচিচিআই’-ৰ দৰে বিভিন্ন উদ্যোগ-উলম্বৰ নেতৃবৃন্দৰ সৈতে ব্ৰেণ্ড বৃদ্ধিৰ বাবে শক্তিশালী সঁজুলি হিচাপে আৰু ইতিবাচক সামাজিক প্ৰভাৱৰ বাবে অনুঘটক হিচাপে তথ্যচিত্ৰৰ ‘চিএছআৰ পুঁজি’ৰ অন্বেষণ কৰা হ’ব।

এমআইএফএফ-ৰ বাবে সমৰ্পিত পৰ্টেল আৰু ম'বাইল

২৬. মহোৎসৱত পৰিকল্পনা কৰা চলচ্চিত্ৰ, অনুষ্ঠান আৰু কাৰ্যকলাপসমূহৰ বিষয়ে আকৰ্ষণীয় বিৱৰণ প্ৰদান কৰি ‘এমআইএফএফ’-ৰ এটা ‘ইন্টাৰেক্টিভ ৱে’বছাইট’ বিকশিত কৰা হৈছে www.miff.in

২৭. বিভিন্ন কাৰ্যকলাপ যেনে চলচ্চিত্ৰ প্ৰদৰ্শনৰ আগতীয়া বুকিং, মাষ্টাৰক্লাছত অংশগ্ৰহণ, অ’পেন ফ'ৰাম আদিত প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰ সুবিধাৰ বাবে এক সমৰ্পিত ম'বাইল এপ বিকশিত কৰা হৈছে। ই মহোৎসৱটোক প্ৰতিনিধিসকলৰ পৰা মূল্যৱান প্ৰতিক্ৰিয়া লাভ কৰাত সহায় কৰিব।

প্ৰতিনিধি পঞ্জীয়ন

২৮. ‘এমআইএফএফ’-ৰ প্ৰচাৰমূলক সামগ্ৰীত প্ৰদান কৰা ‘ৱে’বছাইট’ বা ‘কিউআৰ কোড’ৰ জৰিয়তে মহোৎসৱত উপস্থিত থকাৰ বাবে প্ৰতিনিধি পঞ্জীয়ন সৰল অথচ বাধ্যতামূলক কৰা হৈছে।

২৯. প্ৰতিনিধি পঞ্জীয়ন ‘বুক মাই শ্ব'ৰ জৰিয়তেও প্ৰদান কৰা হৈছে।

৩০. যিকোনো সংখ্যক চলচ্চিত্ৰ প্ৰদৰ্শন বা মাষ্টাৰক্লাছ বা ‘ডিঅচি চলচ্চিত্ৰ বজাৰ’ত উপস্থিত থকাৰ বাবে কোনো অতিৰিক্ত মাচুল দিব নালাগে।

৩১. প্ৰতিনিধিৰ পঞ্জীয়ন মাচুল-

 ক. মুম্বাই - সমগ্ৰ মহোৎসৱত উপস্থিত থকাৰ বাবে ৫০০ টকা

 খ. দিল্লী, চেন্নাই, কলকাতা আৰু পুনে – বিনামূলীয়া

 গ. শিক্ষাৰ্থী আৰু প্ৰেছ – বিনামূলীয়া

 ঘ. পৰৱৰ্তী ৩ দিনত সকলো প্ৰতিনিধি পঞ্জীয়ন 'বিনামূলীয়া'।

অংশীদাৰিত্ব

এই বছৰ প্ৰথমবাৰৰ বাবে ‘এমআইএফএফ’-এ মহোৎসৱটোত ২০ টাতকৈয়ো অধিক ‘ব্ৰেণ্ড’-ৰ পৰা কৰ্পোৰেট সহযোগিতা লাভ কৰিছে। উৎসৱৰ বিভিন্ন দিশৰ পৃষ্ঠপোষকতাৰ পৰা মহোৎসৱৰ সামৰ্থ্যবৰ্দ্ধন কৰাৰ বাবে বিশেষজ্ঞতা অনালৈকে ‘ব্ৰেণ্ড’সমূহে মহোৎসৱৰ সৈতে বিভিন্ন স্তৰত সহযোগিতা কৰিছে।

পটভূমি

‘এমআইএফএফ’ হৈছে দক্ষিণ এছিয়াৰ অনা-কাহিনী চলচ্চিত্ৰ (ডকুমেণ্টৰী, শ্বৰ্ট ফিকশ্যন এণ্ড এনিমেশ্যন)ৰ বাবে আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ আৰু তথ্যচিত্ৰ চলচ্চিত্ৰ জগতৰ এক মুখ্য আন্তৰ্জাতিক অনুষ্ঠান। এই মহোত্সৱ ১৯৯০ চনত আৰম্ভ হৈছিল। এই মহোত্সৱ ২ বছৰত এবাৰ আয়োজিত এটা দ্বিবাৰ্ষিক অনুষ্ঠান।

‘এমআইএফএফ’-য়ে সমগ্ৰ বিশ্বৰ তথ্যচিত্ৰ নিৰ্মাতাসকলক সাক্ষাৎ, ধাৰণা বিনিময়, তথ্যচিত্ৰ, চুটি আৰু এনিমেশ্যন চলচ্চিত্ৰৰ সহ-প্ৰযোজনা আৰু বিপণনৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আৰু বিশ্ব চলচ্চিত্ৰৰ তুলনাত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দৃষ্টিভঙ্গী বিস্তৃত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰি আহিছে। মহোৎসৱটোৱে তথ্যচিত্ৰ, এনিমেশ্যন আৰু চুটি চলচ্চিত্ৰ সন্দৰ্ভত অধিক কথোপকথন আৰু আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰিব; কলাত্মক অভিব্যক্তি কঢ়িয়াই অনা আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে এক সৃষ্টিশীল অনুঘটক হিচাপে সফল প্ৰমাণিত হৈছে।

*****

Pragya Paliwal Gaur/Saurabh Singh/KB



(Release ID: 2023561) Visitor Counter : 36