প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি বাইডেনে

প্ৰধানমন্ত্ৰীয়ে ইয়াক গণতন্ত্ৰ আৰু গণতান্ত্ৰিক বিশ্বৰ বিজয় আখ্যা দিয়ে

দুয়োগৰাকী নেতাই বিশ্বৰ মংগলৰ বাবে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে

সমগ্ৰ বিষয়ৰ সন্দৰ্ভত সম্পৰ্ক ৰাখি যোৱাৰ সহমত প্ৰকাশ দুয়োগৰাকী নেতাৰ

प्रविष्टि तिथि: 05 JUN 2024 11:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি শ্ৰীযুত যোচেফ আৰ. বাইডেনৰ পৰা এক ফোন লাভ কৰে৷

তৃতীয়বাৰলৈ পুনৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনালে ৰাষ্ট্ৰপতি বাইডেনে৷

ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক গণতন্ত্ৰ আৰু গণতান্ত্ৰিক বিশ্বৰ বিজয় আখ্যা দিয়ে৷

দুয়োগৰাকী নেতাই বিশ্বৰ মংগলৰ বাবে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত  সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে চলিত আইচিচি টি-২০ ক্ৰিকেট বিশ্বকাপৰ সফল সহ-আয়োজনাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

সমগ্ৰ বিষয়ৰ সন্দৰ্ভত সম্পৰ্ক ৰক্ষাৰ সহমত প্ৰকাশ কৰিলে দুয়োগৰাকী নেতাই৷

***

DS/SR/DB


(रिलीज़ आईडी: 2023086) आगंतुक पटल : 97
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam