বিত্ত মন্ত্ৰালয়

চিবিআইচিয়ে ২৬ জুন, ২০২৪ৰ ভিতৰত অংশীদাৰসকলৰপৰা পূৰ্ব-নিৰ্ধাৰিত আৰ্হিত 'কেন্দ্ৰীয় আবকাৰী বিধেয়ক, ২০২৪'ৰ খচৰা সন্দৰ্ভত পৰামৰ্শৰ আহ্বান জনাইছে

Posted On: 04 JUN 2024 2:36PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে (CBIC) ২৬ জুন, ২০২৪ৰ ভিতৰত অংশীদাৰসকলৰপৰা ‘কেন্দ্ৰীয় আবকাৰী বিধেয়ক, ২০২৪’ (Central Excise Bill, 2024)ৰ খচৰা সন্দৰ্ভত পৰামৰ্শৰ আহ্বান জনাইছে।

চিবিআইচিয়ে ‘কেন্দ্ৰীয় আবকাৰী বিধেয়ক, ২০২৪’ৰ খচৰা প্ৰস্তুত কৰিছে। বিধেয়কখন প্ৰণয়নৰ পিছত ই কেন্দ্ৰীয় আবকাৰী আইন, ১৯৪৪ৰ ঠাই ল’ব। বিধেয়কখনৰ লক্ষ্য হৈছে ইজ অৱ ডুয়িং বিজেনেছক প্ৰোৎসাহন আৰু পুৰণি তথা অতিৰিক্ত ব্যৱস্থাৰ অৱসান ঘটোৱাত গুৰুত্ব আৰোপেৰে এখনি বিস্তৃত আধুনিক কেন্দ্ৰীয় আবকাৰী আইন প্ৰণয়ন কৰা। বিধেয়কখনত বাৰটা অধ্যায়, ১১৪ টা (এশ চৈধ্য) অনুচ্ছেদ আৰু দুই অনুসূচী আছে।

প্ৰাক-আইনী পৰামৰ্শমূলক প্ৰক্ৰিয়াৰ অংশ হিচাপে চিবিআইচিৰ ৱেবছাইটত [https://www.cbic.gov.in] 'কেন্দ্ৰীয় আবকাৰী বিধেয়ক, ২০২৪'ৰ খচৰাখন আপল’ড কৰা হৈছে আৰু ২১ দিনৰ ভিতৰত নিম্ন-উল্লেখিত আৰ্হিত অংশীদাৰসকলৰপৰা পৰামৰ্শ আহ্বান কৰা হৈছেঃ

 

পৰামৰ্শ/মন্তব্য/অভিমত প্ৰেৰণৰ আৰ্হি

ক্ৰমিক নং

খচৰা বিধেয়কৰ দফা নং

দফাৰ শিৰোনাম

যিকোনো প্ৰস্তাৱিত অদল-বদল

পৰামৰ্শ/মন্তব্য/অভিমত

 

এই আৰ্হিত খচৰা বিধেয়কখন সন্দৰ্ভত পৰামৰ্শ/মন্তব্য এমএছ ৱৰ্ড (বা উপযুক্ত ধৰণেৰে) বা মেচিন-ৰিডেবল পিডিএফত ইমেইলযোগে cx.stwing[at]gov[dot]in লৈ প্ৰেৰণ কৰিব পাৰিব।

****

NB/KMN/SB



(Release ID: 2022847) Visitor Counter : 34