ভাৰতীয় নিৰ্বাচন আয়োগ

‘পঞ্চম পৰ্যায়’ত ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সংসদীয় সমষ্টিত শান্তিপূৰ্ণ ভোটগ্ৰহণ

জম্ম-কাশ্মীৰৰ বাৰামুলা সংসদীয় সমষ্টিয়ে যোৱা ৩৫ বছৰৰ ভিতৰতে সৰ্বাধিক ভোটদানৰ অভিলেখ গঢ়ে

‘পঞ্চম পৰ্যায়’ৰ ভোটদান পৰ্বত সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত ভোটাৰৰ হাৰ ৫৭.৪৭

‘সাধাৰণ নিৰ্বাচন-২৪’ৰ ২৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪২৮টা সংসদীয় সমষ্টি আৰু উৰিষ্যাৰ ৬৩ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল

লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলে ভোটাৰৰ উৎসাহজনক সঁহাৰি প্ৰত্যক্ষ কৰিলে

Posted On: 20 MAY 2024 9:00PM by PIB Guwahati

আজি পুৱা ৭ বজাত আৰম্ভ হোৱা ‘সাধাৰণ নিৰ্বাচন ২০২৪’ৰ ‘পঞ্চম পৰ্যায়’ত ৪৯ টা সমষ্টিত সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৫৭.৪৭%। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ বহুতো ঠাইত গৰম বতৰৰ সন্মুখীন হোৱা স্বত্বেও ভোটাৰসকল বৃহৎ সংখ্যাত ওলাই অহা পৰিলক্ষিত হৈছিল। সন্ধিয়া ৬ বজাত ভোটগ্ৰহণ বন্ধ কৰা হয় যদিও ভোটকেন্দ্ৰসমূহত তেতিয়াও বৃহৎ সংখ্যক ভোটাৰৰ শাৰী প্ৰত্যক্ষ কৰা হয়। জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ধিয়া ৭.৪৫ বজাত ৫৪.৪৯% ভোটদানৰ সৈতে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, আৰু ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰতে সৰ্বাধিক বুলি চিহ্নিত হয়। বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ হৈছে এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল। মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল।

জম্মু-কাশ্মীৰৰ বাৰামুলাত শাৰী পাতি ধৈৰ্য্য  সহকাৰে অপেক্ষাৰত ভোটাৰসকল

সকলো সমষ্টিতে সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগে নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ সৈতে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতিটো দিশত তীক্ষ্ণ নজৰ ৰাখে আৰু দিনটোত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰি আছিল। কঠোৰ নিৰাপত্তা ব্যৱস্থাই ভোটাৰসকলৰ বাবে ভয়-ভাবুকীৰ সন্মুখীন নোহোৱাকৈ ভোটদান কৰাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। বিক্ষিপ্তভাবে দুই-এক স্থানত গৰমৰ প্ৰকোপ সহ্য কৰিবলগীয়া হোৱাৰ বাহিৰে দিনটোত বতৰ মুখ্যতঃ স্বাভাৱিক আছিল।

ভোটকেন্দ্ৰত মহিলা ভোটাৰসকলে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটদান কৰে

 

এতিয়াও চূড়ান্ত নোহোৱা ভোটদানৰ শেহতীয়া পৰিসংখ্যা নিৰ্বাচন আয়োগ-ৰ ‘ভোটাৰ টাৰ্ণআউট এপ’ত উপলব্ধ হ'ব। ই ৰাজ্য/সংসদীয় সমষ্টি/বিধানসভা সমষ্টি অনুসৰি পৰিসংখ্যা প্ৰকাশ কৰাৰ উপৰিও মুঠ পৰ্যায় অনুসৰি পৰিসংখ্যা প্ৰদান কৰিব। আয়োগে অতিৰিক্তভাৱে অংশীদাৰসকলৰ সুবিধাৰ বাবে, ২৩.৪৫ বজাত ভোটাৰৰ পৰিসংখ্যাৰ সৈতে আন এক প্ৰেছ নোট জাৰী কৰিব।

পৰ্যায় – ৫ (সন্ধিয়া ৭:৪৫ বজাত) ৰাজ্য অনুসৰি আনুমানিক ভোটদানৰ পৰিসংখ্যা

 

ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ আনুমানিক হাৰ %

1

বিহাৰ

05

52.60

2

জম্মু-কাশ্মীৰ

01

54.49

3

ঝাৰখণ্ড

03

63.00

4

লাডাখ

01

67.15

5

মহাৰাষ্ট্ৰ

13

48.88

6

ওড়িশা

05

60.72

7

উত্তৰ প্ৰদেশ

14

57.79

8

পশ্চিম বংগ

07

73.00

উপৰোক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল (৪৯ সস)

৪৯

৫৭.৪৭

 

নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ভোটদানৰ এদিন পিছত প্ৰাৰ্থী বা তেওঁলোকৰ কৰ্তৃত্বপ্ৰাপ্ত ‘নিৰ্বাচনী এজেণ্ট’সকলৰ উপস্থিতিত নিৰ্বাচনী কাকত-পত্ৰসমূহৰ পৰীক্ষা কৰা হয়। ইয়াৰ পিছতে পৰিস্থিতি সাপেক্ষে পুনৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়। ভৌগোলিক/লজিষ্টিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ভোট গ্ৰহণকাৰী দল ভোটদানৰ পিছতে উভতি আহে। আয়োগে পৰীক্ষাৰ পিছত আৰু পুনৰ নিৰ্বাচনৰ সংখ্যা/অনুসূচীৰ আধাৰত  ২৪.০৫.২০২৪ তাৰিখৰ ভিতৰত লিংগ ভিত্তিক তথ্যৰ সৈতে ভোটদানৰ শেহতীয়া পৰিসংখ্যা প্ৰকাশ কৰিব।

ভোটকেন্দ্ৰসমূহত চিঞাহী সনা আঙুলি দেখুৱাই হাঁহি থকা ভিন্ন বয়সৰ ভোটদাতাসকল 

 

‘সাধাৰণ নিৰ্বাচন ২০১৯’-ত লক্ষ্য কৰাৰ দৰেই এইবেলিও মুম্বাই, থানে, নাছিক আৰু লক্ষ্ণৌৰ দৰে বিভিন্ন নগৰ-চহৰৰ সংসদীয় সমষ্টিসমূহে ‘নগৰীয়া উদাসীনতা’ৰ ধাৰা অব্যাহত ৰাখিছে। মুম্বাইত চেলিব্ৰিটি আৰু সাধাৰণ নাগৰিকসকলে একেধৰণেই তেওঁলোকৰ ভোটদানৰ পালৰ বাবে ধৈৰ্য্যসহকাৰে অপেক্ষা কৰিছিল আৰু ভোটদানৰ পিছত চিঞাহী সনা আঙুলিবোৰ গৌৰৱেৰে প্ৰদৰ্শন কৰিছিল। ‘সাধাৰণ নিৰ্বাচন ২০২৪’ত ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰেৰিত কৰিবলৈ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ চেলিব্ৰিটীসকলে আয়োগৰ সৈতে সহযোগিতা আগবঢ়াইছে। তেওঁলোকৰ ‘সামাজিক মাধ্যমৰ মঞ্চ’সমূহত এনে ধৰণৰ বিভিন্ন অনুপ্ৰেৰণামূলক ভিডিঅ'  ‘আপলোড’ কৰা হৈছে।

এছভিইইপি নেশ্যনেল আইকন ৰাজকুমাৰ ৰাওকে ধৰি চেলিব্ৰিটীসকলে চিঞাহী সনা আঙুলিবোৰ প্ৰদৰ্শন কৰিছে

বিহাৰ আৰু ওড়িশাৰ বয়োবৃদ্ধ ভোটাৰসকল

 

‘পঞ্চম পৰ্যায়’ৰ সমাপ্তিৰ লগে লগে ‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ বাবে ভোটগ্ৰহণ এতিয়া ২৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৪২৮টা সংসদীয় সমষ্টিত সম্পূৰ্ণ হ’ল।

পশ্চিম বংগৰ বনগাঁও (অনুসূচিত জাতি) সংসদীয় সমষ্টিৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভোট দিবলৈ অহা ভোটাৰ সকল আৰু লেহৰ ইয়ৰটুং ভোটকেন্দ্ৰত ৮৫ বছৰ বয়সীয়া সোনম গনবো

 

অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিধান সভা আৰু উৰিষ্যা ৰাজ্যিক বিধানসভাৰ ৬৩ খন বিধানসভা আসনৰ সাধাৰণ নিৰ্বাচনৰো ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। নিৰ্বাচনৰ দিনাৰ উচ্চ ‘ৰিজলিউশ্বন’যুক্ত ফটো ইয়াত দাখিল কৰিব পাৰিব: https://www.eci.gov.in/ge-2024-photogallery

পৰৱৰ্তী পৰ্যায় (পৰ্যায় ৬)ৰ ভোটগ্ৰহণ ২৫ মে’, ২০২৪ তাৰিখে ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮ টা সংসদীয় সমষ্টি(অনন্তনাগ-ৰাজৌৰী পিচিত স্থগিত কৰা নিৰ্বাচনসহ)ত  অনুষ্ঠিত হ'ব।

***************

DK/RP/KB



(Release ID: 2022198) Visitor Counter : 26