ভাৰতীয় নিৰ্বাচন আয়োগ

কাইলৈ অনুষ্ঠিত হ’বলগীয়া ‘চতুৰ্থ পৰ্যায়’ৰ ভোটগ্ৰহণৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে

বিস্তাৰ: ৯৬ খন লোকসভা আসন, ১৭.৭ কোটি ভোটাৰ, ১.৯২ লাখ ভোটকেন্দ্ৰ, ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

এই পৰ্যায়ত অন্ধ্ৰ প্ৰদেশ বিধান সভাৰ ১৭৫ খন আসন আৰু উৰিষ্যাৰ ২৮ খন বিধান সভা আসনতো নিৰ্বাচন অনুষ্ঠিত হ'ব

নিৰ্বাচনৰ দিনা কোনো উষ্ণ-প্ৰবাহৰ পূৰ্বানুমান কৰা হোৱা নাই; স্বাভাৱিক অথবা স্বাভাৱিকতকৈ তললৈ (±২ ডিগ্ৰী) তাপমাত্ৰা নামিব বুলি ভৱিষ্যতবাণী কৰা হৈছে

ভোটাৰৰ অংশগ্ৰহণ বঢ়োৱাৰ লক্ষ্যেৰে তেলেংগানাত ভোটদানৰ সময় বৃদ্ধি

Posted On: 12 MAY 2024 3:43PM by PIB Guwahati

সাধাৰণ নিৰ্বাচনৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া ‘চতুৰ্থ পৰ্যায়’ৰ ভোট গ্ৰহণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চতুৰ্থ পৰ্যায়ত ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ হ'ব; একে সময়তে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিধান সভাৰ ১৭৫ খন আসন আৰু উৰিষ্যাৰ ৰাজ্যিক বিধান সভাৰ ২৮ খন আসনৰ বাবেও ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যেৰে আয়োগে তেলেংগানাৰ ১৭টা সংসদীয় সমষ্টিৰ কিছুমান বিধানসভা খণ্ডত ভোটদানৰ সময় (পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ) বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘ভাৰতীয় বতৰবিজ্ঞান বিভাগে’ প্ৰকাশ কৰা পূৰ্বানুমান অনুসৰি ‘চতুৰ্থ পৰ্যায়’ৰ ভোটগ্ৰহণৰ সময়ছোৱাত গৰমক লৈ বিশেষ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাথাকিব। দিনটোৰ তাপমত্ৰা সন্দৰ্ভত প্ৰকাশ কৰা পূৰ্বানুমান অনুসৰি  নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সংসদীয় সমষ্টিসমূহত তাপমাত্ৰা স্বাভাৱিক অথবা স্বাভাৱিকতকৈ (±২ ডিগ্ৰী) অৱনমিত হোৱাৰ সম্ভাৱনা আছে আৰু ভোটদানৰ দিনা এই অঞ্চলবোৰত কোনো উষ্ণ-প্ৰবাহৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱা আশংকা নাই। অৱশ্যে, ভোটাদাতাসকলৰ সুবিধাৰ বাবে সকলো ভোটকেন্দ্ৰত পানী, ছামিয়ানা আৰু পাংখা আদিৰ দৰে সুবিধাসমূহ সতৰ্কতাৰে দিহা কৰা হৈছে।

এতিয়ালৈকে, ‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ তৃতীয় পৰ্যায় পৰ্যন্ত ২৮৩টা সংসদীয় সমষ্টি আৰু ২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। ভোটগণনা অহা ৪ জুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৰ্যায়-৪ৰ তথ্যাৱলী:

  1. সাধাৰণ নিৰ্বাচন ২০২৪-ৰ চতুৰ্থ পৰ্যায়ত ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ ১৩ মে’, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব (সাধাৰণ-৬৪; অনুসূচিত জনজাতি- ১২, অনুসূচিত জাতি-২০; ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত)। ভোটদান পুৱা ৭ বজাত আৰম্ভ হব আৰু সন্ধিয়া ৬ বজাত সমাপ্ত হব (ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰাৰ সময় সংসদীয় সমষ্টি অনুসৰি পৃথক হ'ব পাৰে)
  2. ১৩ মে'ত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই একে লগতে অন্ধ্ৰ প্ৰদেশ বিধান সভাৰ ১৭৫ খন আসন (সাধাৰণ-১৩৯;অনুসূচিত জনজাতি-৭; অন্ধ্ৰ প্ৰদেশ বিধান সভাৰ অনুসূচিত জাতি-২৯) আৰু উৰিষ্যা বিধান সভাৰ ২৮ খন (সাধাৰণ-১১, অনুসূচিত জনজাতি-১৪; অনুসূচিত জাতি- ৩)আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব ।
  3. লোকসভা নিৰ্বাচন ২০২৪-ৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। চতুৰ্থ পৰ্যায়ত একোটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ গড় সংখ্যা হৈছে ১৮।
  4. চতুৰ্থ পৰ্যায়ত তিনিখন ৰাজ্যত (অন্ধ্ৰ প্ৰদেশ-০২, ঝাৰখণ্ড- ১০৮; উৰিষ্যা -১২) ভোটগ্ৰহণ আৰু নিৰাপত্তা বিষয়াসকলক অনা-নিয়া কৰাৰ বাবে ১২২ টা বিমান যাত্ৰাৰ প্ৰয়োজন হব। 
  5. ১৯ লাখতকৈয়ো অধিক নিৰ্বাচনী বিষয়াই ১.৯২ লাখ ভোটকেন্দ্ৰত ১৭.৭ কোটিৰো অধিক ভোটাৰক আদৰণি জনাব।
  6. ৮.৯৭ কোটি পুৰুষ আৰু ৮.৭৩ কোটি মহিলা ভোটাৰসহ ১৭.৭০ কোটিৰো অধিক ভোটাৰ।
  7. চতুৰ্থ পৰ্যায়ত ৮৫+ বছৰ বয়সৰ ১২.৪৯ লাখৰো অধিক আৰু ১৯.৯৯ লাখ ‘পিডব্লিউডি’ ভোটাৰ আছে আৰু তেওঁলোকক ঘৰৰ পৰাই আৰামেৰে ভোট দিয়াৰ বিকল্প সুবিধা প্ৰদান কৰা হৈছে। বৈকল্পিক গৃহ ভোটদান সুবিধাই ইতিমধ্যে প্ৰচণ্ড প্ৰশংসা আৰু সঁহাৰি লাভ কৰিছে।
  8. ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে নিয়োজিত ৩৬৪ গৰাকী (১২৬ গৰাকী সাধাৰণ পৰ্যবেক্ষক, ৭০ গৰাকী আৰক্ষী পৰ্যবেক্ষক, ১৬৮ গৰকী ব্যয় পৰ্যবেক্ষক)পৰ্যবেক্ষক ইতিমধ্যে নিৰ্বাচনৰ কেইদিনমান আগতে গৈ সমষ্টিমূহত উপস্থিত হৈছেগৈ। তেওঁলোকে পৰম সতৰ্কতা অৱলম্বন কৰিবলৈ আয়োগৰ চকু আৰু কাণ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ উপৰিও, কিছুমান ৰাজ্যত বিশেষ পৰ্যবেক্ষককো মোতায়েন কৰা হৈছে।
  9. ভোটাৰসকলক দিয়া যিকোনো প্ৰকাৰৰ প্ৰলোভনক কঠোৰভাৱে আৰু দ্ৰুততাৰে মোকাবিলা কৰিবলৈ মুঠ ৪৬৬১ টা ফ্লাইং স্কোৱাড, ৪৪৩৮ ষ্টেটিক ছাৰ্ভিলেঞ্চ দল, ১৭১০ টা ভিডিঅ' ছাৰ্ভিলেঞ্চ দল আৰু ৯৩৪ টা ভিডিঅ' দৰ্শন দলে ২৪ঘণ্টাই নিৰীক্ষণ কৰি আছে।
  10. মুঠ ১০১৬ টা আন্তঃৰাজ্যিক আৰু ১২১ টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰীক্ষা চকীত সুৰা, ড্ৰাগছ, নগদ ধন আৰু বিনামূলীয়া সামগ্ৰীৰ যিকোনো অবৈধ প্ৰবাহৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। সাগৰ আৰু বিমান পথসমূহত কঠোৰ নিৰীক্ষণ ৰখা হৈছে।
  11. বৃদ্ধ আৰু প্ৰতিবন্ধী ব্যক্তিসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে ভোটদান কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে পানী, শ্বে’ড, শৌচালয়, ৰেম্প, স্বেচ্ছাসেৱক, হুইলচেয়াৰ আৰু বিদ্যুতৰ দৰে ন্যূনতম সুবিধা নিশ্চিত কৰা হৈছে।
  12. সকলো পঞ্জীভুক্ত ভোটাৰক ভোটাৰ তথ্য ‘স্লিপ’ বিতৰণ কৰা হৈছে। এই ‘স্লিপ’বোৰে এক সুবিধামূলক ব্যৱস্থা হিচাপে আৰু আয়োগৰ পৰা ভোট দিবলৈ জনোৱা আমন্ত্ৰণ হিচাপে কাম কৰে
  13. ভোটাৰসকলে এই লিংকৰ জৰিয়তে তেওঁলোকৰ ভোটকেন্দ্ৰৰ বিৱৰণ, আৰু নিৰ্বাচনৰ তাৰিখ আদি পৰীক্ষা কৰিব পাৰে https://electoralsearch.eci.gov.in/
  14. আয়োগে ভোটকেন্দ্ৰসমূহত পৰিচয় প্ৰমাণীকৰণৰ বাবে ভোটাৰ পৰিচয় পত্ৰ (ইপিআইচি)ৰ বাহিৰে আন ১২ খন বৈকল্পিক নথিও প্ৰদান কৰিছে। যদি ভোটাৰ তালিকাত ভোটাৰ এজনৰ নাম পঞ্জীয়ন হৈছে তেন্তে ইয়াৰে যিকোনো এখন নথি প্ৰদৰ্শন কৰি তেওঁ ভোটদান কৰিব পাৰিব। বৈকল্পিক চিনাক্তকৰণ নথিপত্ৰৰ বাবে ‘ইচিআই’ ৰ নিৰ্দেশৰ সৈতে লিংক কৰক: 

https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2FzBiU51zPFZI5qMtjV1qgjFsi8N4zYcCRaQ2199MM81QYarA39BJWGAJqpL2w0Jta9CSv%2B1yJkuMeCkTzY9fhBvw%3D%3D

  1. লোকসভাৰ ‘সাধাৰণ নিৰ্বাচন ২০১৯’ত ভোটাৰৰ ভোটদানৰ তথ্য নিম্নলিখিত লিংকসমূহত উপলব্ধ হ’ব: https://old.eci.gov.in/files/file/13579-13-pc-wise-voters-turn-out/
  2. তৃতীয় পৰ্যায়ৰ পৰা ‘ভোটাৰ টাৰ্ণআউট এপ্প’টো প্ৰতিটো পৰ্যায়ৰ বাবে ‘সামগ্ৰিক আনুমানিক ভোটদান’ৰ ‘লাইভ’ প্ৰদৰ্শন কৰাৰ এক নতুন সুবিধাৰ সৈতে ‘আপডেট’ কৰা হৈছে। মন কৰিবলগীয়া যে ভোটদানৰ দিনা ভোটাৰৰ ক্ষেত্ৰত পৰ্যায় অনুসৰি/ৰাজ্যঅনুসৰি/বিধান সভাৰ সমষ্টি অনুসৰি আনুমানিক ভোটদানৰ তথ্য, ভোটদানৰ দিনা সন্ধিয়া ৭ বজা পৰ্যন্ত দুঘণ্টাৰ ব্যৱধানত আনুমানিক ভোটদানৰ তথ্য  উপলব্ধ হব, ইয়াৰ পৰৱৰ্তী সময়ত নিৰ্বাচনী বিষয়াৰ দলসমূহৰ আগমনৰ পিছত ইয়াক নিৰন্তৰ ‘আপডেট’ কৰা হয়।

***************

DK/RP/KB



(Release ID: 2020551) Visitor Counter : 41