ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

২০২৪ চনৰ ১২ এপ্ৰিলত প্ৰকাশ পাব তৃতীয় পৰ্যায়ৰ লোকসভা সাধাৰণ নিৰ্বাচন ২০২৪ ৰ ৰাজপত্ৰিত অধিসূচনা

১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সংসদীয় সমষ্টি আৰু মধ্যপ্ৰদেশৰ ২৯ টা সংসদীয় সমষ্টিৰ বাবে ৭ মে’ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে তৃতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম তাৰিখ ১৯ এপ্ৰিল, ২০২৪

प्रविष्टि तिथि: 11 APR 2024 2:04PM by PIB Guwahati

কাইলৈৰ পৰা আৰম্ভ হ’ব ২০২৪ ৰ তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্ব। ১২খন ৰাজ্য - কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সংসদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া ২০২৪ ৰ লোকসভা সাধাৰণ নিৰ্বাচনৰ গেজেট অধিসূচনা কাইলৈ অৰ্থাৎ ১২.০৪.২০২৪ তাৰিখে প্ৰকাশ পাব। ইফালে, মধ্যপ্ৰদেশৰ ২৯-বেতুল (এছ টি) সংসদীয় সমষ্টিত বিলম্বিত ভোটগ্ৰহণৰ অধিসূচনাও কাইলৈ প্ৰকাশ পাব।

এই ৯৪টা সংসদীয় সমষ্টিত ০৭.০৫.২০২৪ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, লগতে মধ্যপ্ৰদেশৰ ২৯টা বেতুল (এছ টি) সংসদীয় সমষ্টিত বিলম্বিত ভোটগ্ৰহণ হ’ব। বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে মধ্যপ্ৰদেশৰ ২৯ নং বেতুল (এছ টি) সংসদীয় সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছিল।

তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ক্ৰমে অসম, বিহাৰ, ছট্টিশগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, গোৱা, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগ।

তৃতীয় পৰ্যায়ৰ সময়সূচী তলত দিয়া ধৰণে দিয়া হৈছে :

                                                                     

****

 

DK/RP


(रिलीज़ आईडी: 2017704) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Malayalam , Bengali , English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati , Odia , Kannada