ভাৰতীয় নিৰ্বাচন আয়োগ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৱতীৰ্ণ হ’ব ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১,২১০ জন প্ৰাৰ্থী

২০২৪ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে দাখিল ২,৬৩৩খন মনোনয়ন প্ৰ-পত্ৰ

Posted On: 09 APR 2024 11:27AM by PIB Guwahati

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১,২০৬ জন প্ৰাৰ্থীৰ লগতে বৰ্হি মণিপুৰ সংসদীয় সমষ্টিৰ ৪জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব৷ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া ১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত ২,৬৩৩জনে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল অন্তিম তাৰিখ আছিল ৪ এপ্ৰিল। দাখিল কৰা ২,৬৩৩খন মনোনয়নৰ পৰীক্ষণৰ অন্তত ১,৪২৮খন মনোনয়ন বৈধ ঘোষণা কৰে৷ ১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ৮ এপ্ৰিল।

দ্বিতীয় পৰ্যায়ত কেৰালাৰ ২০টা সংসদীয় সমষ্টিত সৰ্বাধিক ৫০০খন মনোনয়ন লাভ কৰা কৰাৰ বিপীৰতে ১৪টা সংসদীয় সমষ্টিত ৪৯১টা মনোনয়নেৰে কৰ্ণাটক দ্বিতীয় স্থানত আছে৷ ত্ৰিপুৰাৰ এটা সংসদীয় সমষ্টিত ন্যূনতম ১৪খন মনোনয়ন লাভ কৰা হৈছে৷ মহাৰাষ্ট্ৰৰ ১৬নং নন্দেদ সংসদীয় সমষ্টিত সৰ্বাধিক ৯২খন মনোনয়ন লাভ কৰা হৈছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে দাখিল কৰা ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক মনোনয়নৰ সবিশেষঃ

 

ৰাজ্য/কেঃশাঃঅঃ

সংসদীয় সমষ্টিৰ সংখ্যা

মনোনয়ন পত্ৰ লাভ

পৰীক্ষণৰ পাছত বৈধ প্ৰাৰ্থী

প্ৰত্যাহাৰৰ পাছত,

চূড়ান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী

 

 

অসম

১১৮

৬২

৬১

বিহাৰ

১৪৬

৫৫

৫০

ছত্তীশগড়

৯৫

৪৬

৪১

জম্মু আৰু কাশ্মীৰ

৩৭

২৩

২২

কৰ্ণাটক

১৪

৪৯১

৩০০

২৪৭

কেৰালা

২০

৫০০

২০৪

১৯৪

মধ্যপ্ৰদেশ

১৫৭

৯৩

৮৮

মহাৰাষ্ট্ৰ

৪৭৭

২৯৯

২০৪

ৰাজস্থান

১৩

৩০৪

১৯১

১৫২

ত্ৰিপুৰা

১৪

১৪

উত্তৰপ্ৰদেশ

২২৬

৯৪

৯১

পশ্চিমবংগ

৬৮

৪৭

৪৭

মুঠ

৮৮

,৬৩৩

,৪২৮

,২০৬

 

উল্লেখ্য যে বৰ্হি মণিপুৰ সংসদীয় সমষ্টিৰ ১৫টা বিধানসভা সমষ্টিত ১৯.০৪.২০২৪ (প্ৰথম পৰ্যায়)ত আৰু এই সংসদীয় সমষ্টিৰ ১৩টা বিধানসভা সমষ্টিত ২৬.০৪.২০২৪ (দ্বিতীয় পৰ্যায়)ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ৫ এপ্ৰিল, ২০২৪ত জাৰি কৰা অধিসূচনাত অৱগত কৰা বৰ্হি মণিপুৰ সংসদীয় সমষ্টিত ৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সামগ্ৰিকভাৱে প্ৰথম পৰ্যায়ৰ বাবে ২১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১,৪৯১ জন পুৰুষ প্ৰাৰ্থী আৰু ১৩৪গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ ১,৬২৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

******

DK/RP/DB



(Release ID: 2017578) Visitor Counter : 137