ভাৰতীয় নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচন-২০২৪ত সক্ৰিয়ভাৱে ভুল-তথ্যৰেমোকাবিলাকৰণৰ অৰ্থে‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’ প্ৰৱৰ্তন কৰে

এয়া হৈছে এটা ক্লিকতে লাভ কৰা নিৰ্বাচন সম্পৰ্কীয়বিশ্বাসযোগ্য আৰু প্ৰমাণিত তথ্যৰ ওৱান-ষ্টপ প্লেটফৰ্ম

Posted On: 02 APR 2024 5:42PM by PIB Guwahati

সাধাৰণ নিৰ্বাচন-২০২৪ৰ প্ৰাকমুহূৰ্ততভুল তথ্যৰ প্ৰচাৰক প্ৰতিহতকৰণ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা ৰক্ষাৰ বাবে আজি ভাৰতীয় নিৰ্বাচন আয়োগে (ECI)‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’ ('Myth vs Reality Register) মুকলি কৰে।নতুন দিল্লীস্থিত নিৰ্বাচন সদনত মুখ্য নিৰ্বাচন আয়ুক্তশ্ৰী ৰাজীৱ কুমাৰে নিৰ্বাচন আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৰ সৈতে এয়া মুকলি কৰে। এই ‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’ নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ৱেবছাইট (https://mythvsreality.eci.gov.in/)ৰ জৰিয়তে জনসাধাৰণে প্ৰত্যক্ষ কৰিব পাৰিব। ইয়াততথ্যসমূহ নিয়মিতভাৱে আপডেট কৰা হ’ব তথা শেহতীয়া ভুৱাতথ্য আৰু নতুন এফএকিউসমূহ অন্তৰ্ভুক্ত কৰা হ’ব। ‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’ৰপ্ৰৱৰ্তনকাৰ্য্য নিৰ্বাচনী প্ৰক্ৰিয়াক ভুল তথ্যৰপৰা মুক্তকৰণৰ বাবে আয়োগে অব্যাহত ৰখা প্ৰচেষ্টাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

                                                                      

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ অৰ্থে আয়োজিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে নিৰ্বাচনী অখণ্ডতাৰ বাবে ধনবল, বাহুবল আৰু এমচিচি উলংঘাৰ লগতে ভুল তথ্যক অন্যতম প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰিছিল। বিশ্বজুৰি একাধিক গণতন্ত্ৰত ভুল তথ্য আৰু ভুৱা প্ৰচাৰ ক্ৰমাৎ চিন্তাৰ বিষয় হৈ পৰাৰ সময়তেআয়োগৰ এনে উদ্ভাৱনীমূলক আৰু সক্ৰিয় পদক্ষেপ হৈছে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ভোটাৰসকলে সঠিক আৰু পৰীক্ষিত তথ্যৰ সুবিধা লাভ কৰাটো নিশ্চিতকৰণৰ এটি প্ৰচেষ্টা।

‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’য়ে নিৰ্বাচনৰ সময়ছোৱাত প্ৰচলিত ভুৱা আৰু মিছা কথাবোৰ দূৰ কৰিবলৈ শুদ্ধ তথ্যৰ এক বিস্তৃত ভঁৰাল হিচাপে কাম কৰিব, যাৰ ফলশ্ৰুতিত ভোটাৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ’ব। ইয়াক ব্যৱহাৰকাৰী-অনুকূল আৰ্হিত ডিজাইন কৰা হৈছে, যিয়ে ইভিএম/ভিভিপিএটি, নিৰ্বাচনী তালিকা/ভোটাৰ সেৱা, নিৰ্বাচন পৰিচালনা আৰু আন-আন সম্পৰ্কীয় বিষয়কৈ লৈমিছা আৰু ভুল তথ্যৰেমোকাবিলা কৰিব। এই ব্যৱস্থাত ইতিমধ্যে চিনাক্তকৃত নিৰ্বাচন সম্পৰ্কীয় ভুৱা তথ্য, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচলিতমিছা কথা, গুৰুত্বপূৰ্ণ বিষয়ত এফএকিউ আৰু সকলো অংশীদাৰৰ বাবে ভিন্ন শিতানৰ অধীনত সমল সন্নিৱিষ্ট হৈছে। ইয়াক নিয়মীয়াকৈ আপডেট কৰা হ’ব।

                                                                     

আয়োগে সকলো অংশীদাৰকে যিকোনো মাধ্যমৰ জৰিয়তে তেওঁলোকে লাভ কৰা যিকোনো সন্দেহজনক তথ্য ‘মিথ বনাম ৰিয়েলিটি ৰেজিষ্টাৰ’ৰ তথ্যৰ সৈতে পৰীক্ষা আৰু মিলাই চাবলৈ উৎসাহিত কৰিছে। এই প্লেটফৰ্মৰ সহায়ত তথ্য পৰীক্ষা কৰিব পাৰি, ভুল তথ্যৰপ্ৰচাৰ ৰোধ কৰিব পাৰি, মিছা কথা প্ৰতিহত কৰিব পাৰিআৰু ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ মূল বিষয়সমূহৰ বিষয়ে অৱগত হৈ থাকিব পাৰি। ব্যৱহাৰকাৰীসকলে ইয়াৰ নিৰ্ভৰযোগ্য তথ্যৰাজি ভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতশ্বেয়াৰো কৰিব পাৰে।

******

DK/RP/SB
 



(Release ID: 2016993) Visitor Counter : 78