ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ভাৰতৰ নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰাৰ পাছত কাইলৈৰ পৰা মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

এই পৰ্যায়ত ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ টা সংসদীয় সমষ্টিৰ লগতে আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে ২৬ এপ্ৰিল, ২০২৪ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব

দ্বিতীয় পৰ্যায়ত ১২ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইবোৰৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ৪ এপ্ৰিল, ২০২৪

জম্মু-কাশ্মীৰৰ বাহিৰে আন ১১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে মনোনয়ন পৰীক্ষা কৰাৰ দিন ৫ এপ্ৰিল, ২০২৪; জম্মু-কাশ্মীৰৰ বাবে ৬ এপ্ৰিল, ২০২৪

प्रविष्टि तिथि: 27 MAR 2024 2:30PM by PIB Guwahati

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ মনোনয়ন-পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। সাধাৰণ নিৰ্বাচনত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88 টা সংসদীয় সমষ্টিৰ বাবে ২৮ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। দ্বিতীয় পৰ্যায়ত মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশ (আউটাৰ মণিপুৰ)ৰ সৈতে ৮৮টা সংসদীয় সমষ্টিত অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ বাবে জাৰি কৰা অধিসূচনাত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিত নিৰ্বাচনৰ অধিসূচনা অন্তৰ্ভুক্ত কৰা হৈছিল। ১৫টা বিধানসভা সমষ্টিক সামৰি আউটাৰ মণিপুৰ সংসদীয় সমষ্টিত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১৩টা বিধানসভা সমষ্টিক সামৰি এই সংসদীয় সমষ্টিৰ আনটো অংশৰ বাবে দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব।

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে অসম, বিহাৰ, ছত্তীশগড়, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাহিৰে (আউটাৰ মণিপুৰ)।

দ্বিতীয় পৰ্যায়ৰ সময়সূচী তলত দিয়া অনুসৰি-

                                                                             

 

******

DK/RP/NB/BB


(रिलीज़ आईडी: 2016478) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Odia , Tamil , Telugu , Malayalam