প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১১ মাৰ্চত হাৰিয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

বিভিন্ন ৰাজ্যৰ বাবে প্ৰায় ১ লাখ কোটি টকা ব্যয় সাপেক্ষ ১১২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

এই প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ বৃদ্ধিত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে সমগ্ৰ দেশতে আৰ্থ-সামাজিক বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব

Posted On: 10 MAR 2024 11:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ মাৰ্চ, ২০২৪ত হাৰিয়ানাৰ গুৰুগ্ৰাম ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে দেশজুৰি বিস্তৃত ১১২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব, যাৰ মূল্য প্ৰায় এক লাখ কোটি টকা।

৪৮নং ৰাষ্ট্ৰীয় ঘাইপথত দিল্লী আৰু গুৰুগ্ৰামৰ মাজত যান-বাহনৰ চলাচল উন্নত কৰাত সহায় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উদ্বোধন কৰিব। আঠ লেনযুক্ত দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশত প্ৰায় ৪,১০০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ১০.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-হাৰিয়ানা সীমান্তৰ পৰা বাসাই ৰে’ল-অভাৰব্ৰিজ (আৰঅ’ বি) আৰু ৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাছাই আৰঅ’বিৰ পৰা খেৰকী দৌলালৈ দুটা পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, এই ঘাইপথে দিল্লীৰ আইজিআই বিমানবন্দৰ আৰু গুৰুগ্ৰাম বাইপাছৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া আন আন বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত ৯.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত নগৰ সম্প্ৰসাৰণ পথ-II (UER-II)- পেকেজ ৩ৰ পৰা নাংলয়-নাজাফগড় পথৰ পৰা দিল্লীৰ ২৪নং ছেক্টৰ দ্বাৰকা অংশলৈকে; উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ৰিং ৰোডৰ তিনিটা পেকেজ ৪,৬০০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হয়। অন্ধ্ৰ প্ৰদেশত প্ৰায় ২,৯৫০ কোটি টকা ব্যয় সাপেক্ষে ১৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ আনন্দপুৰম-পেণ্ডুৰথী-অনাকাপল্লী অংশৰ উন্নয়ন। হিমাচল প্ৰদেশত ৩৪০০ কোটি টকা ব্যয় সাপেক্ষ ২১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিৰাটপুৰৰ পৰা নেৰচৌক অংশ (দুটা পেকেজ); কৰ্ণাটকত ২,৭৫০ কোটি টকা ব্যয় সাপেক্ষ ডোবাস্পেট-হেস্কোটে ছেকচন (দুটা পেকেজ)ৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ২০,৫০০ কোটি টকা ব্যয়েৰে  আন ৪২টা প্ৰকল্প আছে৷

দেশজুৰি বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। আধাৰশিলা স্থাপন কৰিবলগীয়া বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত ১৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ বেংগালুৰু-কদাপ্পা-বিজয়াৱাডা এক্সপ্ৰেছৱেৰ ১৪টা পেকেজ, কৰ্ণাটকত ৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৭৪৮এনং ৰাষ্ট্ৰীয় ঘাইপথৰ বেলগাম-হুংগুণ্ড-ৰাইচুৰ ছেকচনৰ ছটা পেকেজ; হাৰিয়ানাত ৪,৯০০ কোটি টকা ব্যয় সাপেক্ষ শামলী-আম্বালা ঘাইপথৰ তিনিটা পেকেজ; পঞ্জাৱত ৩৮০০ কোটি টকা ব্যয় সাপেক্ষ অমৃতসৰ-ভাতিণ্ডা কৰিডৰৰ দুটা পেকেজ আৰু দেশৰ বিভিন্ন ৰাজ্যত ৩২,৭০০ কোটি টকা ব্যয় সাপেক্ষ আন ৩৯টা প্ৰকল্প আছে।

এই প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ বৃদ্ধিত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে আৰ্থ-সামাজিক দিশৰ বিকাশত উদ্গনি যোগাব, চাকৰিৰ সুযোগ বৃদ্ধি আৰু দেশৰ বিভিন্ন অঞ্চলত বাণিজ্য আৰু বাণিজ্যক প্ৰসাৰিত কৰাত সহায় কৰিব।

****

DS/ST/DB



(Release ID: 2013254) Visitor Counter : 81