প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 24 FEB 2024 2:38PM by PIB Guwahati

গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অৰ্জুন মুণ্ডা জী আৰু শ্ৰী পীয়ূষ গোৱেল জী, ৰাষ্ট্ৰীয় সমবায় সমিতিৰ বিষয়া, আন-আন বিশিষ্ট ব্যক্তিসকল!

আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁকৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁআৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছেআজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁএই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ

বন্ধুসকল,

সমবায় ভাৰতৰ এক প্ৰাচীন ধাৰণা। আমাৰ শাস্ত্ৰতো কোৱা হৈছে– সৰু-সৰু কথা আৰু সীমিত সম্পদৰ সংমিশ্ৰণ ঘটা মাত্ৰেকে ই উল্লেখযোগ্য কৃতিত্বৰ সূচনা কৰে। প্ৰাচীন ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত এই অন্তৰ্নিহিত সমবায় ব্যৱস্থাই কাম কৰি আহিছে। সমবায় আছিল আমাৰ স্বাৱলম্বী সমাজৰ ভেটি। সমবায় কেৱল এটা ব্যৱস্থা নহয়; ই এটা আৱেগ, ই এটা আত্মা। সমবায়ৰ মনোভাৱে প্ৰায়ে প্ৰতিষ্ঠান আৰু সম্পদৰ সীমাৰ বাহিৰত উল্লেখযোগ্য ফলাফল আগবঢ়ায়সমবায়সমূহে জীৱিকাৰ সৈতে জড়িত এক সৰল ব্যৱস্থাক এটি উল্লেখযোগ্য ঔদ্যোগিক সামৰ্থ্যলৈ ৰূপান্তৰিত কৰিব পাৰে। বিশেষকৈ দেশৰ গ্ৰাম্য আৰু কৃষি অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ এক বিশ্বাসযোগ্য উপায়। এটা সুকীয়া মন্ত্ৰালয়ৰ জৰিয়তে আমি দেশৰ এই সামৰ্থ্যক একত্ৰিতকৰণৰ লগতে কৃষি খণ্ডত সিঁচৰতি হৈ থকা শক্তিক ব্যৱহাৰ কৰিবলৈয়ো প্ৰচেষ্টা চলাইছোঁকৃষক উৎপাদক সংগঠনৰ (FPO) এটা অতি গুৰুত্বপূৰ্ণ উদাহৰণ আমাৰ সন্মুখত আছে। এফপিঅ’ৰ জৰিয়তে গাঁৱে-ভূঞে ক্ষুদ্ৰ কৃষকসকলো আজি উদ্যোগী হৈ উঠিছে, নিজৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিছে। আমি দেশত ১০ হাজাৰ এফপিঅ’ গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ। সুকীয়া সমবায় মন্ত্ৰালয় থকাৰ ফলত ইতিমধ্যে ৮ হাজাৰ এফপিঅ’ গঠন হৈছে আৰু কাৰ্য্যক্ষম হৈ আছে। বহু এফপিঅ’ৰ সফলতাৰ কাহিনী কেৱল দেশৰ ভিতৰতে নহয়, বাহিৰতো চৰ্চিত হৈছে। একেদৰে আন এটা সন্তোষজনক পৰিৱৰ্তন হ’ল সমবায়ৰ সুবিধা এতিয়া পশুপালক আৰু মাছমৰীয়াসকলৰ মাজলৈয়ো লৈ যোৱা হৈছে। আজি ২৫ হাজাৰৰো অধিক সমবায় ইউনিট মীন পালনত কাৰ্য্যক্ষম হৈ আছে। চৰকাৰে আগন্তুক পাঁচ বছৰত দুই লাখ সমবায় সমিতি গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰে যথেষ্ট সংখ্যক মীন খণ্ডত হ’ব বুলি আশা কৰা হৈছে।

বন্ধুসকল,

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সমবায়ৰ শক্তিৰ প্ৰত্যক্ষ অভিজ্ঞতা মই লাভ কৰিছোঁগুজৰাটৰ আমূলৰ সফলতাৰ কাহিনী আজি বিশ্বজুৰি পৰিচিত। সমগ্ৰ বিশ্বৰ বজাৰত লিজ্জত পাপৰৰ উপস্থিতিৰ বিষয়ে আমি সকলোৱে জানো। এই আন্দোলনসমূহক মূলতঃ আমাৰ দেশৰ মহিলাসকলে নেতৃত্ব দি আহিছে। আজি দুগ্ধ আৰু কৃষি খণ্ডৰ সমবায়ৰ সৈতেও মহিলাসকল জড়িত হৈ আছে, ইয়াৰে লাখ-লাখ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মহিলাসকলৰ সামৰ্থ্যক স্বীকৃতি দি চৰকাৰে সমবায় সম্পৰ্কীয় নীতিসমূহতো তেওঁলোকক অগ্ৰাধিকাৰ দিছে। আপোনালোকে হয়তো জানে যে শেহতীয়াকৈ বহু ৰাজ্যিক সমবায় সমিতি আইনত সংশোধন কৰা হৈছে। ইয়াৰ অধীনত এতিয়া বহু-ৰাজ্যিক সমবায় সমিতিৰ ব’ৰ্ডত মহিলা পৰিচালক থকাটো বাধ্যতামূলক। সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱা কাৰ্য্যই যথেষ্ট চৰ্চা লাভ কৰিছেঅৱশ্যে বহু ৰাজ্যিক সমবায় সমিতি সন্দৰ্ভত আমি ইমান শক্তিশালী আৰু গুৰুত্বপূৰ্ণ আইন প্ৰৱৰ্তন কৰিছোঁ যদিও ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে আলোচনা কৰে।

বন্ধুসকল,

সমবায়সমূহে সামূহিক শক্তিৰ ব্যৱহাৰেৰে কৃষকৰ ব্যক্তিগত সমস্যাসমূহ সমাধান কৰে আৰু সংৰক্ষণ ইয়াৰ এক উদাহৰণ। পূৰ্বে মজুতকৰণৰ লগত জড়িত আন্তঃগাঁথনিৰ অভাৱৰ বাবে কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। পূৰ্বৰ চৰকাৰসমূহে এই প্ৰয়োজনীয়তাক কেতিয়াও বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু আজি সমবায় সমিতিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰা হৈছে। এয়া এক উল্লেখযোগ্য বিকাশ। বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ প্লেনৰ অধীনত অহা ৫ বছৰত ৭০০ লাখ মেট্ৰিক টন ষ্ট’ৰেজৰ ক্ষমতা সংস্থাপন কৰা হ’ব। এই অভিযানত ১.২৫ লাখ কোটি টকাৰো অধিক খৰচ হ’ব। এই পৰিকল্পনা সম্পূর্ণ হোৱাৰ লগে-লগে আমাৰ কৃষকসকলে তেওঁলোকৰ প্রয়োজন অনুযায়ী উৎপাদিত সামগ্ৰী মজুত কৰিব পাৰিব বেংকৰপৰা ঋণ লোৱাতো সহজ হ’ব। আৰু যেতিয়া তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময় উপযুক্ত বুলি অনুভৱ কৰিব, তেতিয়া তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী সঠিক সময়ত বজাৰলৈ আনি বিক্ৰী কৰিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

কৃষি ব্যৱস্থাৰ আধুনিকীকৰণ ‘বিকশিত ভাৰত’ৰ বিকাশৰ বাবেও সমানেই অপৰিহাৰ্য্যকৃষি খণ্ডত নতুন ব্যৱস্থা সৃষ্টিৰ সমান্তৰালকৈ আমি ‘পেকছ’ৰ দৰে সমবায় প্ৰতিষ্ঠানকো নতুন ভূমিকাৰ বাবে সাজু কৰি আছোঁএই সমাজসমূহে এতিয়া প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ হিচাপেও কাম কৰি আছে। সহস্ৰাধিক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰও চলাই আছে। আমি সমবায় সমিতিকো পেট্ৰল আৰু ডিজেলৰ খুচুৰা বিপণীলৈ ৰূপান্তৰিত কৰিছোঁবহু সমবায় সমিতিয়েও এতিয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰি আছে। কেইবাখনো গাঁৱত ‘পানী সমিতি’ৰ ভূমিকাও পালন কৰি আছে ‘পেকছে’অৰ্থাৎ, ‘পেকছ’ আৰু ক্ৰেডিট ছ’চাইটিৰ উপযোগিতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ আয়ৰ উপায়ো বৃদ্ধি পাইছে। তদুপৰি সমবায় সমিতিসমূহে এতিয়া গাঁৱে-ভূঞে কমন চাৰ্ভিচ চেন্টাৰ হিচাপে শ-শ চৰকাৰী সা-সুবিধা আগবঢ়াইছে। এই সমাজসমূহে কম্পিউটাৰৰ জৰিয়তে প্ৰযুক্তি আৰু ডিজিটেল ইণ্ডিয়াৰ সুযোগৰ সৈতে গ্ৰাম্য অঞ্চলসমূহক বৃহত্তৰ পৰিসৰত সংযোগেৰে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

বন্ধুসকল,

‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ বাবে সমবায় সংগঠনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ ভূমিকাৰ তাৎপৰ্য্য আৰু সমবায় প্ৰতিষ্ঠানৰ ভূমিকা মই ভালদৰে বুজি পাওঁ। গতিকে আপোনালোক সকলোৰেপৰা মোৰ অধিক আশা আছে। কাৰণ, আশাবোৰ কাম কৰাসকলৰ পৰাই হয়; যিসকলে কাম নকৰে, তেওঁলোকৰপৰা কোনে আশা কৰিব পাৰে? ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণত যিমানেই সক্ৰিয় আৰু উল্লেখযোগ্যভাৱে অৰিহণা যোগাব, সিমানেই আমি আমাৰ লক্ষ্যত উপনীত হ’ম। ‘আত্মনিৰ্ভৰ ভাৰত’ অবিহনে ‘বিকশিত ভাৰত’ গঢ়ি তোলা সম্ভৱ নহয়। আপোনালোকৰ সামৰ্থ্য আৰু আপোনালোকৰ সাংগঠনিক ক্ষমতা বিবেচনা কৰিলে বহু পৰামৰ্শ মোৰ মনলৈ আহিছে। সকলোবোৰ একেলগে আপোনালোকৰ আগত উপস্থাপন কৰিব খোজা নাই, কিন্তু কিবা এটা পৰামৰ্শ দিব বিচাৰিছোঁউদাহৰণস্বৰূপে, মই পৰামৰ্শ দিওঁ যে আমাৰ সমবায়সমূহে এখন তালিকা তৈয়াৰ কৰক, য’ত আমি বিদেশৰপৰা কোনবোৰ বস্তু আমদানি কৰোঁ সেইটো নিৰ্দিষ্ট কৰি দিব লাগে। এতিয়া আমি সেই বস্তুবোৰ আমদানি নকৰোঁএই ক্ষেত্ৰত সমবায় খণ্ডই কি কৰিব পাৰে? তাৰ বাবে আমি দেশত এক সমৰ্থন ব্যৱস্থা গঢ়ি তুলিব লাগিব। সমবায় প্ৰতিষ্ঠানসমূহে এই দায়িত্ব সহজেই ল’ব পাৰে। এতিয়া উদাহৰণস্বৰূপে আমাক যদিও কৃষিকেন্দ্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। তথাপিও আমি প্ৰতি বছৰে কোটি-কোটি টকাৰ মিঠা তেল আমদানি কৰাটোও এক দুৰ্ভাগ্যজনক সত্য। আমি কেনেকৈ মিঠা তেলত আত্মনিৰ্ভৰশীল হ’ম? এই মাটিতে খেতি কৰা তিল, ইয়াৰপৰা উলিওৱা তেলে আমাৰ নাগৰিকৰ জীৱন উন্নত কৰিব পাৰে। আৰু যদি মোৰ সমবায় খণ্ডৰ সহকৰ্মীসকলে ইয়াৰ বাবে একেলগে কাম নকৰে, তেন্তে কোনে কৰিব? মই সঠিক কথা কৈছোঁ নে নাই? আপোনালোকে কৰিব, নহয়নে? চাওঁকচোন, আনকি আমি ব্যৱহাৰ কৰা তেলবোৰো বিদেশৰপৰা আহে আৰু যান-বাহন চলাবলৈ, ট্ৰেক্টৰ চলাবলৈ যি তেল লাগে, এই ইন্ধনবোৰো আমদানি কৰা হয় আৰু আমি এই আমদানি বিলো হ্ৰাস কৰিব লাগিব। ইয়াৰ বাবে আমি বৰ্তমান ইথানলেৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁযোৱা ১০ বছৰত ইথানলৰ উৎপাদন, ক্ৰয় আৰু মিশ্ৰণ বহুগুণে বৃদ্ধি পাইছেআজি এই কাম বেছিভাগেই চেনি কলৰদ্বাৰা পৰিচালিত হয় আৰু চৰকাৰী কোম্পানীয়ে ইয়াৰপৰা ইথানল ক্ৰয় কৰে। ইয়াৰ লগত সমবায় সমিতি জড়িত হ’ব নোৱাৰেনে? তেওঁলোকে যিমানেই জড়িত হ’ব, সিমানেই ইয়াৰ পৰিসৰ বৃদ্ধি পাব। দালিৰ আমদানি হ্ৰাস কৰাৰ সন্দৰ্ভত আপোনালোকে দেখিছে, আমি কৃষিকেন্দ্ৰিক ৰাষ্ট্ৰ হ’লেও বাহিৰৰপৰা দালি আমদানি কৰোঁ। দালিৰ আমদানি হ্ৰাসৰ ক্ষেত্ৰতো সমবায় খণ্ডৰ লোকসকলে উল্লেখযোগ্য কাম কৰিব পাৰে, অগ্ৰণী ভূমিকা ল’ব পাৰে।

বন্ধুসকল,

আজি আমি জৈৱিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব দিছোঁইয়াতো সমবায়সমূহে উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। খাদ্য প্ৰদানকাৰীকো শক্তি প্ৰদানকাৰী আৰু সাৰ প্ৰদানকাৰী হিচাপে গঢ়ি তোলাত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। যদি সমবায়সমূহ ইয়াৰ লগত জড়িত হয়, তেন্তে ফলাফল সোনকালে প্ৰাপ্তি হ’ব আজিকালি আমি দেখিবলৈ পাইছোঁ যে বৃহৎ-বৃহৎ বহুজাতিক কোম্পানীয়ে গোবৰ-ধন যোজনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এয়া শক্তিৰ এক উল্লেখযোগ্য উৎস হ’বলৈ গৈ আছে। এই ক্ষেত্ৰত সমবায়সমূহ কিয় পিছ পৰি থাকিব লাগে? আৱৰ্জনা ধন-সম্পত্তিলৈ ৰূপান্তৰিত কৰা, গৰুৰ গোবৰৰপৰা জৈৱ গেছ প্ৰস্তুত কৰা, জৈৱিক সাৰ উৎপাদন কৰা ইত্যাদি কামেই হওঁক, সমবায় সংগঠনসমূহে নিজৰ ভূমিকা সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব পাৰে। ইয়াৰ ফলত সাৰ সম্পৰ্কীয় দেশৰ আমদানি বিলো হ্ৰাস পাব। আমাৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰপৰা উৎপাদিত সামগ্ৰীৰ বিশ্বব্যাপী ব্ৰেণ্ডিঙৰ ক্ষেত্ৰতো আপোনালোক আগবাঢ়ি যোৱা উচিত। এতিয়া গুজৰাটলৈ চাওঁক। ইয়াৰ পূৰ্বে গুজৰাটত ভিন্ন নামেৰে বহু দুগ্ধ কাৰখানা চলি আছিলএতিয়াও বহু ডেইৰী আছে যদিও আমূল হৈ পৰিছে ব্ৰেণ্ড। আজি ইয়াৰ কণ্ঠ বিশ্বজুৰি শুনা যায়। আমাৰ ভিন্ন সামগ্ৰীৰ বাবেও আমি এটা উমৈহতীয়া ব্ৰেণ্ড সৃষ্টি কৰিব পাৰোঁআমাৰ লক্ষ্য হ'ব লাগে আমাৰ বাজৰা অৰ্থাৎ "শ্ৰী অন্ন"ক ব্ৰেণ্ড হিচাপে গঢ়ি তোলা। বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলত ভাৰত ব্ৰেণ্ডৰ বাজৰা কিয় দেখা নাযায়? এই ক্ষেত্ৰত সমবায়সমূহে এক বিস্তৃত কাৰ্য্য পৰিকল্পনাৰে আগবাঢ়ি আহিব লাগে।

বন্ধুসকল,

সমবায়সমূহে গাঁৱৰ আয় বৃদ্ধিত যথেষ্ট অৱদান আগবঢ়াব পাৰে। দুগ্ধ খণ্ডত আমি স্পষ্ট পৰিৱৰ্তন দেখিবলৈ পাইছোঁযোৱা তিনিদিন ধৰি সমবায় খণ্ডৰ কাৰ্য্যসূচীত আছোঁপ্ৰথমে মই আহমেদাবাদত আছিলোঁ য’ত আমূলে ৫০ বছৰ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত কালি মই বাৰাণসীত আছিলোঁ য'ত মই বেনাৰস ডেইৰী উদ্বোধন কৰিছিলোঁবাৰাণসীৰ অভিজ্ঞতাই দেখুৱাইছে যে দুগ্ধ সমবায়ৰ আগমনৰ লগে-লগে মহিলা দুগ্ধ পালকসকলৰ আয় দ্ৰুতগতিত বৃদ্ধি পাইছে। আন এলেকাত প্ৰৱেশ কৰিছে সমবায়সমূহেগুজৰাটৰ সমবায় খণ্ডৰ ৰাইজক মৌৰ জগতত প্ৰৱেশ কৰিবলৈ আহ্বান জনালোঁ। আমাৰ শ্বেত বিপ্লৱ হৈছে; এতিয়া আহকচোন এটা মধু বিপ্লৱৰ সূচনা কৰোঁআৰু আমাৰ ৰাইজ মৌখণ্ডত আগবাঢ়ি আহিব লাগে। মৌখণ্ডৰপৰা কৃষকসকলে কিমান লাভ পাইছে সেয়াও আপোনালোকে জানে। যোৱা ১০ বছৰত মৌৰ উৎপাদন ৭৫ হাজাৰ মেট্ৰিক টনৰপৰা বৰ্তমান প্ৰায় ১.৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। লগতে মৌৰ ৰপ্তানি ২৮ হাজাৰ মেট্ৰিক টনৰপৰা ৮০ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। ইয়াত নাফেড আৰু ট্ৰাইফেডৰ লগতে ৰাজ্যসমূহৰ সমবায় সংগঠনসমূহেও উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আমি এই পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

গুজৰাটত আমি দেখিছোঁ যে গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰা ধন যেতিয়া পোনপটীয়াকৈ ভগ্নীহঁতৰ বেংক একাউন্টলৈ যাবলৈ ধৰিলে, তেতিয়া ই এক অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তন আনিলে। এতিয়া আমাৰ সমবায় সমিতি, আমাৰ ‘পেকছ’ কম্পিউটাৰাইজ কৰা হৈছে। গতিকে এতিয়া নিশ্চিত হ’ব লাগে যে যি কাম কৰা হয়, যি পেমেন্ট কৰা হয়, সেইবোৰ ডিজিটেল হ’ব লাগে। বিশেষকৈ সমবায় বেংকসমূহে ডিজিটেল প্ৰযুক্তি গ্ৰহণৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিব লাগে। আন এটা বিষয় হ’ল মাটিৰ হেল্থ কাৰ্ড। মাটিৰ গুণাগুণ পৰীক্ষাৰ বাবে আমি ইমান ডাঙৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছোঁসমবায় সংস্থাসমূহ, ‘পেকছ’ক নিজ-নিজ অঞ্চলত সৰু-সৰু মাটি পৰীক্ষণ লেব স্থাপন কৰিবলৈ আহ্বান জনাইছোঁতেওঁলোকে কৃষকসকলক উৎসাহিত কৰি নিজৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰন্তৰ নজৰ ৰখাটো অভ্যাস হিচাপে গঢ়ি তুলিব লাগে। তেওঁলোকে মাটি পৰীক্ষাৰ নেটৱৰ্ক গঢ়ি তুলিব লাগে।

বন্ধুসকল,

সমবায়ত যুৱক-যুৱতী আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাটো আন এটা ক্ষেত্ৰ য’ত আমি আমাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিব লাগিব। সমবায় খণ্ডৰ লগত জড়িত কৃষকসকলে এই ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। ইয়াৰ লগতে আমি তেওঁলোকক ক’ব পাৰোঁ যে তেওঁলোকে লাভ কৰা লভ্যাংশ আৰু অন্যান্য সুবিধাসমূহৰ ভিতৰত এতিয়া তেওঁলোকৰ সমবায় সংস্থাই প্ৰদান কৰা বিনামূলীয়া মাটি পৰীক্ষাও অন্তৰ্ভুক্ত হ’ব। মাটি পৰীক্ষাৰপৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত শস্যৰ ওপৰত গুৰুত্ব দিবলৈ শিকাব লাগে।

বন্ধুসকল,

ইয়াৰদ্বাৰা সমবায়লৈ সতেজতা আহিব, এক নতুন শক্তিৰ উন্মেষ ঘটিব। সমবায়সমূহত দক্ষতা বিকাশ, প্ৰশিক্ষণ, সজাগতা বৃদ্ধিও অতি প্ৰয়োজনীয়। বহুত সলনি হৈছে আৰু সকলো কাম কাগজত কৰা উচিত। আগতে বহুত মৌখিক প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেয়েহে প্ৰশিক্ষণ অতি গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত প্ৰচেষ্টা চলোৱা উচিত। ‘পেকছ’ আৰু সমবায় সমিতিসমূহেও পৰস্পৰে-পৰস্পৰৰপৰা শিকিব লাগিব। বহুতো সমবায় প্ৰতিষ্ঠানে উদ্ভাৱনীমূলক কাম কৰে। তেওঁলোকে বহু উদ্যোগ লয়। দেশৰ বহু অঞ্চল এই সন্দৰ্ভত অজ্ঞাত। আমি উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ এটা উমৈহতীয়া পৰ্টেল সৃষ্টি কৰিব পাৰোনে? আৰু সকলোৱে নিজৰ নতুন অভিজ্ঞতা, নতুন পদ্ধতি ইয়াত আপলোড কৰিব পাৰে। এই উত্তম পদ্ধতিসমূহক কেনেকৈ অধিক প্ৰসাৰিত কৰিব পাৰি? অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে আৰু তাৰ বাবে কিছুমান মডিউল সৃষ্টি কৰিব লাগে। আপোনাসৱে জানে যে অভিলাষী জিলাসমূহৰ অভিযান আকাংক্ষী জিলা কাৰ্য্যসূচীৰ এক অনন্য বৈশিষ্ট্য আছে। সুস্থ প্ৰতিযোগিতাৰ ব্যৱস্থা আছে, য’ত দিনটোত দহবাৰকৈ ৰেংকিঙৰ উঠা-নমা হয়। প্ৰতিজন বিষয়াই ভাবে যে তেওঁলোকৰ জিলাখন আগবাঢ়িব লাগে। সমবায় সংগঠনত প্ৰতিযোগিতা হ’ব লাগে আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক পুৰস্কাৰ দিব লাগে। এনে সমবায় অনুষ্ঠানৰপৰা কিবা এটা উদ্ভাৱনীমূলক কথা প্ৰকাশ পাব লাগে

বন্ধুসকল,

সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰশ্নবোধক হৈ থকা এটা কথা হ’ল নিৰ্বাচনত স্বচ্ছতা। সমবায় নিৰ্বাচনত স্বচ্ছতা অনাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত জনতাৰ আস্থা বৃদ্ধি পাব আৰু অধিক সংখ্যক লোকে সমবায়ত যোগদান কৰিব।

বন্ধুসকল,

সমবায় সমিতিসমূহক সমৃদ্ধিৰ ভেটি হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰেও এইসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰি আছে। আপোনালোকৰ হয়তো মনত আছে যে কোম্পানীসমূহৰ উপ-কৰ কম আছিল যদিও সমবায় সমিতিবোৰে বেছি উপ-কৰ দিবলগীয়া হৈছিল। এক কোটিৰপৰা ১০ কোটি টকালৈকে আয়ৰ সমবায় সমিতিৰ বাবে আমি চেছৰ হাৰ ১২% ৰপৰা ৭%লৈ হ্ৰাস কৰিছোঁইয়াৰ ফলত এই সমিতিসমূহৰ পৰিচালনাৰ বাবে উপলব্ধ ধন বৃদ্ধি পাইছে, যাৰ ফলত কোম্পানীসমূহৰ দৰে আগবাঢ়ি যোৱাৰ পথ মুকলি হৈছে। আগতে সমবায় সমিতি আৰু কোম্পানীসমূহৰ মাজতো বিকল্প কৰত বৈষম্য আছিল। আমি ন্যূনতম বিকল্প কৰ ১৮% ৰপৰা ১৫%লৈ হ্ৰাস কৰিছোঁ, যাৰ জৰিয়তে ইয়াক কৰ্পৰেট জগতৰ সমতুল্য কৰি তুলিছোঁআন এটা বিষয় আছিল যে সমবায় সমিতিসমূহে এক কোটি টকাৰ অধিক ধন উলিওৱাৰ ক্ষেত্ৰত টিডিএছ দিব লগীয়া হৈছিল। আমি এই উলিওৱাৰ সীমা বছৰি তিনি কোটি টকালৈ বৃদ্ধি কৰিছোঁএই সুবিধা এতিয়া সদস্যসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। সমবায়ৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টাই দেশৰ সামূহিক শক্তিৰ জৰিয়তে উন্নয়নৰ সকলো সম্ভাৱনা মুকলি কৰিব বুলি মোৰ বিশ্বাস।

এই কামনাৰে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁআৰু অমিতভায়ে উল্লেখ কৰা মতে আজি ভিন্ন কেন্দ্ৰত লাখ-লাখ লোক সমবেত হৈছে। লগতে আজিও ইমান উৎসাহ আৰু আগ্ৰহেৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপত যোগদানৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ, লগতে তেওঁলোকক শুভকামনাও জনাইছোঁআহক, আমি এখনি ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ, হাতে-হাত ধৰোঁ, খোজত খোজ মিলাওঁ, সহযোগিতাৰ প্ৰকৃত মনোভাৱ লৈ একত্ৰিত হওঁ। আহক, আমি একেলগে এটা দিশত আগবাঢ়ি যাওঁ আৰু আমি ফলাফল লাভ কৰোঁআপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

***

DS/VJ/VK/AK/SB



(Release ID: 2010936) Visitor Counter : 80