প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱাসকলৰ মাজত 'মেৰা পেহলা ভোট দেশ কে লিয়ে' শীৰ্ষক অভিযান সম্পৰ্কীয় বাৰ্তা প্ৰচাৰ কৰিবলৈ সমাজৰ সকলো ক্ষেত্ৰৰ জনসাধাৰণক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 FEB 2024 1:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো স্তৰৰ জনসাধৰণক ‘প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা’সকলৰ মাজত 'মেৰা পেহলা ভোট দেশ কে লিয়ে' শীৰ্ষক অভিযানৰ বিষয়ে বাৰ্তা প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে।

‘প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা’সকলৰ মাজত সজাগতা বিয়পাবলৈ আৰু যুৱ ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ বাবে উৎসাহিত কৰিবলৈ 'মেৰা পেহলা ভোট দেশ কে লিয়ে' শীৰ্ষক এক অভিযান চলি আছে।

‘এক্স হেণ্ডেল’-ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ‘মেৰা পেহলা ভোট দেশ কে লিয়ে’-ৰ শীৰ্ষ সংগীত ‘শ্বেয়াৰ’ কৰাৰ লগতে সকলোকে এই গীতটো ‘শ্বেয়াৰ’ কৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘এক্স’-ত দিয়া ‘পোষ্ট’-ৰ  প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"আহক আমি আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াক আৰু অধিক অংশগ্ৰহণমূলক কৰি তোলোঁ। মই সমাজৰ সকলো ক্ষেত্ৰৰ জনসাধাৰণক তেওঁলোকৰ নিজৰ শৈলীত, ‘প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা’সকলৰ মাজত বাৰ্তাটো প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছোঁ - #MeraPehlaVoteDeshKeLiye!"

***

DS/ST/KB


(रिलीज़ आईडी: 2009355) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Tamil , Marathi , Malayalam , Khasi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia