প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছামাক্কা-ছাৰাক্কা মেদাৰাম জাথাৰা শীৰ্ষক বৃহত্তম জনজাতি উৎসৱৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 21 FEB 2024 10:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাম্মাক্কা-ছাৰাক্কা মেদাৰাম জাঠাৰা শীৰ্ষক অন্যতম বৃহত্তম জনজাতি উৎসৱৰ আৰম্ভণি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে লগতে ছাম্মাক্কা-ছাৰাক্কাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁলোকৰ ঐক্য আৰু শৌৰ্য্যৰ মনোভাৱক দোঁহাৰে৷

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“জনজাতীয় বৃহত্তম উৎসৱসমূহৰ ভিতৰত অন্যতম ছাম্মাক্কা-ছাৰাক্কা মেদাৰাম জাথাৰা আৰম্ভ হোৱাৰ শুভেচ্ছা আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ চিৰস্থায়ী মনোভাৱৰ সজীৱ প্ৰকাশ। এই জাথাৰাত ভক্তি, পৰম্পৰা আৰু সামূহিক মনোভাৱৰ এক মহান সংমিশ্ৰণ। আমি ছাম্মাক্কা-ছাৰাক্কাক প্ৰণাম কৰোঁ আৰু তেওঁলোকে মূৰ্ত কৰি তোলা ঐক্য আৰু শৌৰ্য্যৰ মনোভাৱৰ কথা মনত পেলাওঁ।”

***

DS/ST/DB



(Release ID: 2007641) Visitor Counter : 29