প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউপিআইৰ আনুষ্ঠানিক আৰম্ভণিৰ বাবে ফ্ৰান্সক অভিনন্দন প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 02 FEB 2024 10:30PM by PIB Guwahati

আজি পেৰিছৰ আইফেল টাৱাৰত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সক অভিনন্দন জনায়।

তেওঁ এই পদক্ষেপক ডিজিটেল পেমেণ্টক উৎসাহিত কৰা আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক অনবদ্য উদাহৰণ বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্ট লিখিছে:

"এইটো দেখি বৰ ভাল লাগিল - ই ইউপিআইক বিশ্বস্তৰীয় কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ডিজিটেল পেমেণ্টক উৎসাহিত কৰা আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰি গঢ়ি তোলাৰ এক অনবদ্য উদাহৰণ।"

****

DS/RT


(रिलीज़ आईडी: 2002901) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam