বিত্ত মন্ত্ৰালয়

নাৰী শক্তিৰ বাবে প্ৰাণোচ্ছল সময়

উদ্যোগীকৰণ, জীৱন-যাপনৰ সুচলতা, আৰু মহিলাসকলক মৰ্যাদাপূৰ্ণ জীৱন দিয়াৰ প্ৰয়াসৰ বাবে নাৰী সবলীকৰণে গতি লাভ কৰিছে: বিত্তমন্ত্ৰী

৩০ কোটি টকাৰ মুদ্ৰা যোজনাৰ ঋণ মহিলা উদ্যোগীলৈ

উচ্চ শিক্ষাত মহিলাৰ নামভৰ্তিৰ হাৰ ২৮ শতাংশ বৃদ্ধি

ষ্টেম পাঠ্যক্ৰমত ছোৱালী আৰু মহিলাই নামভৰ্তিৰ ৪৩ শতাংশ অংশ গ্ৰহণ কৰে - যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক

কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি

‘ট্ৰিপল তালাক’ক অবৈধ কৰা হ’ল

লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ

Posted On: 01 FEB 2024 12:41PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি কয় যে উদ্যোগীকৰণ, জীৱন-যাপনৰ সুচলতা, আৰু তেওঁলোকক এক মৰ্যাদাপূৰ্ণ জীৱন দিয়াৰ প্ৰয়াসৰ জৰিয়তে নাৰী সৱলীকৰণৰ দিশটোৱে এই দহ বছৰত এক উত্তম গতি লাভ কৰিছে।
 

মহিলা উদ্যোগীসকলক ত্ৰিশ কোটি মুদ্ৰা যোজনাৰ ঋণ দিয়া হৈছে বুলিও তেওঁ কয়। উচ্চ শিক্ষাত মহিলাৰ নামভৰ্তি দহ বছৰত আঠাইশ শতাংশ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে STEM পাঠ্যক্ৰমত ছোৱালী আৰু মহিলাৰ নামভৰ্তিৰ ৪৩ শতাংশ, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক। এই সকলোবোৰ ব্যৱস্থাই কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিক প্ৰতিফলিত কৰি আহিছে।
 

বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ‘ট্ৰিপল তালাক’ক অবৈধ ঘোষণা কৰা, লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা, আৰু গ্ৰাম্য অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সত্তৰ শতাংশতকৈ অধিক ঘৰৰ একক বা যুটীয়া মালিকীস্বত্ত্ব মহিলাক প্ৰদান কৰা ব্যৱস্থাই মহিলাসকলৰ মৰ্যাদা বৃদ্ধি কৰিছে।
 

বিত্তমন্ত্ৰীয়ে কয় যে আমি চাৰিটা প্ৰধান শ্ৰেণীৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি বিশ্বাস কৰে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে। সেই শ্ৰেণীকেইটা ক্ৰমে দৰিদ্ৰ, মহিলাসকল, যুৱসমাজ আৰু কৃষকসমাজ বা অন্নদাঁতাসকল। তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা, আৰু তেওঁলোকৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ”। তেওঁলোকে যেতিয়া আগবাঢ়ি যায় তেতিয়া দেশখনো আগবাঢ়ি যায়। এই চাৰিওটা শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে চৰকাৰী সহায়ৰ প্ৰয়োজন। সেয়ে তেওঁলোকৰ সৱলীকৰণ আৰু মংগলে দেশখনক আগুৱাই নিব বুলিও তেওঁ আলোকপাত কৰে।

********


YB/NB/SS/VV



(Release ID: 2001861) Visitor Counter : 43