বিত্ত মন্ত্ৰালয়

ক্ৰমবৰ্ধমান জনসংখ্যা আৰু জনগাঁথনিৰ পৰিৱৰ্তন 'বিকশিত ভাৰত'ৰ লক্ষ্যৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান

জনসংখ্যা বৃদ্ধি আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ পৰা উদ্ভৱ প্ৰত্যাহ্বানৰ ওপৰত ব্যাপকভাৱে বিবেচনা কৰিবলৈ এখন সমিতি গঠন কৰা হ'ব

Posted On: 01 FEB 2024 12:43PM by PIB Guwahati

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত আৰু অমৃত কালৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি, দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্যৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান সৃষ্টি হৈছে বুলি কয়।

 

শ্ৰীমতী নিৰ্মলা সীতাৰমণে দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জনগাঁথনিগত পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ ব্যাপকভাৱে বিবেচনা কৰিবলৈ এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ আৰু কয় যে এই সমিতিখনক 'বিকশিত ভাৰত’ৰ লক্ষ্যৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে মোকাবিলা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব দিয়া হ’ব।

**********

YKB/NB/MV/VC/SJ



(Release ID: 2001774) Visitor Counter : 53