বিত্ত মন্ত্ৰালয়

লাখপতি দিদিৰ লক্ষ্য ২ কোটিৰপৰা ৩ কোটিলৈ বৃদ্ধি কৰা হ’বঃ বিত্ত মন্ত্ৰী

প্ৰায় ১ কোটি মহিলাক লাখপতি দিদি হ'বলৈ সহায় কৰা হৈছে

৯ কোটি মহিলাৰে ৮৩লাখ আত্ম-সহায়ক গোটে(SHG) সৱলীকৰণ আৰু আত্ম-নিৰ্ভৰশীলতাৰে গ্ৰাম্য আৰ্থ-সামাজিক পৰিবেশৰ ৰূপান্তৰ সাধন কৰিছে

Posted On: 01 FEB 2024 12:45PM by PIB Guwahati

আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে লাখপতি দিদিৰ লক্ষ্য ২ কোটিৰপৰা ৩ কোটিলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৯ কোটি মহিলাৰে ৮৩ লাখ আত্ম-সহায়ক গোটে (SHG) সৱলীকৰণ আৰু আত্ম-নিৰ্ভৰশীলতাৰে গ্ৰাম্য আৰ্থ-সামাজিক পৰিবেশৰ ৰূপান্তৰ সাধন কৰিছে। এই ব্যৱস্থাই ইতিমধ্যে প্ৰায় এক কোটি মহিলাক লাখপতি দিদি হ’বলৈ সহায় কৰিছে। আন মহিলাসকলৰ বাবে তেওঁলোক এক প্ৰেৰণা। তেওঁলোকক সন্মান জনোৱাৰ জৰিয়তে তেওঁলোকৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা হ’ব। বিত্তমন্ত্ৰীয়ে কয় যে এই সফলতাৰে উৎসাহিত হৈয়েই লাখপতি দিদিৰ লক্ষ্য বৃদ্ধি কৰা হৈছে।

                                                                                

বিত্তমন্ত্ৰীয়ে কয়, আমাৰ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে আমি চাৰি গুৰুত্বপূৰ্ণ জাতিৰ (caste) ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়া হৈছে, ‘গৰীৱ’ (Poor), ‘মহিলা’ (Women), ‘যুৱ’ (Youth) আৰু ‘অন্নদাতা’(Farmer)।“তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা আৰু তেওঁলোকৰ কল্যাণ সাধনত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোক আগবাঢ়িলেহে দেশখন আগবাঢ়ি যাব।” তেখেতে লগতে কয় যে তেওঁলোকক নিজৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰী সমৰ্থনৰ প্ৰয়োজন আৰু এয়া তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ সৱলীকৰণ তথা কল্যাণে দেশখনক আগুৱাই নিব।

তেওঁ আৰু কয় যে চৰকাৰে উন্নয়নৰ বাবে এনে এক পন্থাৰে কাম কৰি আছে যি সৰ্বাংগীন, সৰ্বস্পৰ্শী আৰু সৰ্বসমাৱেশী। এই ক্ষেত্ৰত সৰ্বস্তৰৰ লোকক সামৰি লোৱা হৈছে। ২০৪৭ৰ ভিতৰত ভাৰতক এখন ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কাম কৰি আছে বুলিও কয় তেওঁ। তেওঁ কয়, “সেই লক্ষ্যত উপনীত হ’বলৈ, আমি জনসাধাৰণৰ সামৰ্থ্যৰঅগ্ৰগতি সাধন কৰিব লাগিব আৰু তেওঁলোকৰ সৱলীকৰণ কৰিব লাগিব।”

****

 

YB/NB/SS/VV/SB



(Release ID: 2001379) Visitor Counter : 70