প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৭ জানুৱাৰীত ‘কৰিয়াপ্পা গ্ৰাউণ্ড’ত ‘এনচিচি’ৰ ‘প্ৰধানমন্ত্ৰী ৰেলী’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 JAN 2024 4:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী, ২০২৪ তাৰিখে আবেলি ৪:৩০ বজাত দিল্লীৰ ‘কৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত ‘এনচিচি’ৰ বাৰ্ষিক ‘প্ৰধানমন্ত্ৰী ৰেলী’ত ভাষণ দিব।
অনুষ্ঠানটোত ‘অমৃত পীড়িৰ অৱদান আৰু সৱলীকৰণ’ক প্ৰদৰ্শন কৰা 'অমৃত কাল কী এনচিচি' শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ‘বসুধৈৱ কুটুম্বকম’ৰ প্ৰকৃত ভাৰতীয় চেতনাৰে উদ্বুদ্ধ ২,২০০ তকৈয়ো অধিক ‘এনচিচি কেডেট’ৰ লগতে ২৪ খন দেশৰ যুৱ কেডেট এই বছৰৰ ৰেলীৰ অংশ হ'ব।
বিশেষ অতিথি হিচাপে ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ ৪০০ৰো অধিক ‘চৰপঞ্চ’ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ‘আত্ম-সহায়ক গোট’ৰ ১০০ৰো অধিক মহিলাই ‘এনচিচি পিএম ৰেলী’ত অংশগ্ৰহণ কৰিব।
***
DS/LP/KB
(रिलीज़ आईडी: 1999964)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam