কেবিনেট

কেবিনেটে ডিজিটেল ৰূপান্তৰৰ অৰ্থে জনসংখ্যা অনুপাতে ৰূপায়িত সফল ডিজিটেল চলুচনৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু কেনিয়াৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনায়

Posted On: 18 JAN 2024 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটক ৫ ডিচেম্বৰ, ২০২৩ত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত চৰকাৰ আৰু তথ্য, যোগাযোগ আৰু ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ জৰিয়তে কেনিয়াৰ মাজত ডিজিটেল ৰূপান্তৰৰ অৰ্থে জনসংখ্যা অনুপাতে ৰূপায়িত সফল ডিজিটেল চলুচনৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি (MoU) সম্পৰ্কে অৱগত কৰা হয়।

সবিশেষঃ

এই বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতা তথা ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধানৰ আদান-প্ৰদান প্ৰশস্ত কৰা।

ৰূপায়ণৰ নীতি আৰু লক্ষ্যসমূহঃ

এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ তাৰিখৰপৰা কাৰ্য্যকৰী হ’ব আৰু পৰৱৰ্তী ৩ বছৰলৈ বাহাল থাকিব।

প্ৰভাৱঃ

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI)ৰ ক্ষেত্ৰত জিটুজি আৰু বিটুজি উভয় দ্বিপাক্ষিক সহযোগিতাৰ বৰ্ধন ঘটিব।

হিতাধিকাৰীৰ সংখ্যাঃ

এই বুজাবুজিৰ চুক্তিয়ে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ সূচনা কৰা উন্নত সহযোগিতাত গুৰুত্ব আৰোপ কৰিছে।

পটভূমিঃ

আইচিটি ডমেইনত দ্বিপাক্ষিক আৰু বহুপক্ষীয় সহযোগিতাক লাভান্বিত কৰাৰ বাবে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) কেইবাখনো দেশ আৰু বহুপক্ষীয় সংস্থাৰ সৈতে সহযোগিতা অব্যাহত ৰাখিছে। এই সময়ছোৱাত মন্ত্ৰালয়ে আইচিটি ডমেইনত সহযোগিতা আৰু তথ্য বিনিময়ক উদ্দীপনা যোগাবলৈ ভিন্ন দেশৰ সমকক্ষ সংস্থা/এজেন্সীৰ সৈতে বুজাবুজিৰ চুক্তি (MoU)/এমঅ’চি/চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদি ভিন্ন পদক্ষেপৰে সংগতি ৰাখি দেশখনক ডিজিটেল মাধ্যমেৰে এখনি সবল সমাজ আৰু জ্ঞান অৰ্থনীতিলৈ ৰূপান্তৰিত কৰা। এই পৰিৱৰ্তিত আৰ্হিত ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰা, উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্ব আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ডিজিটেল খণ্ডত বিনিয়োগক প্ৰলুব্ধকৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

যোৱা কেইবছৰমানৰপৰা ভাৰতে ডিজিটেল পাব্লিক আন্তঃগাঁথনি (DP) ৰূপায়ণৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব প্ৰদৰ্শনেৰে ক’ভিড মহামাৰীৰ সময়তো জনসাধাৰণৰ বাবে সফলভাৱে সেৱা আগবঢ়াইছে। ফলত, বহু দেশে ভাৰতৰ অভিজ্ঞতাৰপৰা শিকি ভাৰতৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰত আগ্ৰহ প্ৰকাশ কৰিছে।

ইণ্ডিয়া ষ্টেক ছলিউচন হৈছে ভাৰতে জনসংখ্যা অনুপাতে বিকশিত আৰু কাৰ্য্যকৰী কৰা এটা ডিপিআই, যাতে ৰাজহুৱা সেৱা যুগুত আৰু প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি। ইয়াৰ লক্ষ্য হৈছে সংযোগ বৃদ্ধি কৰা, ডিজিটেল অন্তৰ্ভুক্তিক প্ৰসাৰিতকৰণ আৰু জনসেৱাৰ নিৰৱচ্ছিন্ন প্ৰৱেশ প্ৰশস্ত কৰা। এইসমূহ মুক্ত প্ৰযুক্তি আধাৰিত, আন্তঃকাৰ্য্যকৰী আৰু উদ্যোগ তথা সমাজৰ অংশগ্ৰহণক ব্যৱহাৰ কৰিবলৈ ডিজাইন কৰা হৈছে। ই উদ্ভাৱনীমূলক আৰু অন্তৰ্ভুক্ত সমাধানৰ পোষকতা কৰে। কিন্তু ডিপিআই গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিখন দেশৰ অনন্য প্ৰয়োজন আৰু প্ৰত্যাহ্বান আছে যদিও মৌলিক কাৰ্য্যক্ষমতা একে, যাৰ ফলত বৈশ্বিক সহযোগিতা আৱশ্যকীয় হৈ উঠিছে।

****

DS/SKS/SB
 



(Release ID: 1997348) Visitor Counter : 69