কেবিনেট
কেবিনেটে চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ইকুৱেডৰৰ মাজত বুজাবুজিৰ চুক্তিত (MoU) অনুমোদন জনায়
পোষ্ট কৰা হৈছে:
18 JAN 2024 12:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটক ০৭ নৱেম্বৰ, ২০২৩ত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু ইকুৱেডৰ ডাক্তৰ লিঅ'পল্ডো ইজকিয়েটা পেৰেজৰ এজেন্সিয়া নেচনেল ডি ৰেগুলেচন, কন্ট্ৰ'ল ৱাই ভিজিলেন্সিয়া চেনিট্ৰিয়া – ARCSAৰ মাজত চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি সম্পৰ্কে অৱগত কৰা হয়।
লাভা-লাভঃ
এই বুজাবুজিৰ চুক্তিয়ে উভয় পক্ষৰ মাজত নিয়ন্ত্ৰণমূলক দিশসমূহ সম্পৰ্কে ভালদৰে বুজিবলৈ সহায় কৰিব আৰু চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বৰ্ধন তথা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নত সমন্বয় সাধনত সহায় কৰিব।
নিয়োগ সৃষ্টিৰ সম্ভাৱনাঃ
এই বুজাবুজি চুক্তিয়ে নিয়ন্ত্ৰণমূলক পদ্ধতি অনুসৰণক উদ্দীপনা যোগাই ভাৰতৰপৰা ঔষধৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব পাৰে আৰু ফলস্বৰূপে ঔষধ খণ্ডৰ শিক্ষিত পেছাদাৰীসকলৰ বাবে উন্নত নিয়োগৰ সুযোগত সহায় কৰিব পাৰে।
আত্মনিৰ্ভৰ ভাৰতঃ
এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে চিকিৎসা সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত সুবিধা হ’ব যাৰ ফলত বৈদেশিক মুদ্ৰাৰ উপাৰ্জন হ’ব। এই প্ৰচেষ্টাই আত্মনিৰ্ভৰ ভাৰতক উদ্বুদ্ধ কৰিব।
পটভূমিঃ
চিডিএছচিঅ’ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সংলগ্ন কাৰ্য্যালয় স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনস্থ এটি কাৰ্য্যালয়। চিডিএছচিঅ’ হৈছে ভাৰতৰ ঔষধ, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰীৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ কৰ্তৃপক্ষ। ডাক্তৰ লিঅ'পল্ডো ইজকিয়েটা পেৰেজৰ এজেন্সিয়া নেচনেল ডি ৰেগুলেচন, কন্ট্ৰ'ল ৱাই ভিজিলেন্সিয়া চেনিট্ৰিয়া – ARCSA হৈছে ইকুৱেডৰ এই সামগ্ৰীসমূহ নিয়ন্ত্ৰণ কৰা নিয়ন্ত্ৰণকাৰী সংস্থা।
*****
DS/SKS/SB
(ৰিলিজ আই ডি : 1997258)
অতিথি কক্ষ : 128
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam