প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৮ৰ পৰা ১০ জানুৱাৰীলৈ গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ‘ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন’ৰ দশম সংস্কৰণ উদ্বোধন কৰিব

সন্মিলনৰ বিষয়বস্তু: ‘ভৱিষ্যতৰ প্ৰৱেশদ্বাৰ’

প্ৰধানমন্ত্ৰীয়ে ‘ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ট্ৰেড শ্ব'ও উদ্বোধন কৰিব

শীৰ্ষ গোলকীয় নিগমসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ‘গিফ্ট চিটী’ত ‘গ্লোবেল ফিনটেক লিডাৰশ্বিপ ফ'ৰাম’ৰ বিশিষ্ট ব্যৱসায়িক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব

Posted On: 07 JAN 2024 3:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ৰ পৰা ১০ জানুৱাৰী,  ২০২৪লৈ গুজৰাট ভ্ৰমণ কৰিব।

৯ জানুৱাৰীৰ পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰী গান্ধীনগৰৰ মহাত্মা মন্দিৰত উপস্থিত হ'বগৈ, য'ত তেওঁ বিশ্বনেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু তাৰ পিছত শীৰ্ষ গোলকীয় নিগমসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব। আবেলি প্ৰায় ৩ বজাত তেওঁ ‘ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ট্ৰেড শ্ব' উদ্বোধন কৰিব।

১০ জানুৱাৰীৰ দিনা পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰৰ ‘মহাত্মা মন্দিৰ’ত ‘ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০২৪’ উদ্বোধন কৰিব। তাৰ পিছত, তেওঁ শীৰ্ষ গোলকীয় নিগমসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ‘গিফ্ট চিটী’ ভ্ৰমণ কৰিব, য'ত সন্ধিয়া প্ৰায় ৫:১৫ বজাত তেওঁ ‘গ্লোবেল ফিনটেক লিডাৰশ্বিপ ফ'ৰাম’ৰ বিশিষ্ট ব্যৱসায়িক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব।

২০০৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অনুষ্ঠিত কৰা ‘ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন’ আজি সামগ্ৰিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ বাবে ব্যৱসায়িক সহযোগিতা, জ্ঞানৰ আদান-প্ৰদান আৰু কৌশলগত অংশীদাৰিত্বৰ বাবে অন্যতম প্ৰতিষ্ঠিত গোলকীয় মঞ্চ হিচাপে বিকশিত হৈছে। ২০২৪ চনৰ ১০ৰ পৰা ১২ জানুৱাৰীলৈ গুজৰাটৰ গান্ধীনগৰত ‘ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলন’ৰ দশম সংস্কৰণ অনুষ্ঠিত হব। ইয়াৰ বিষয়বস্তু হৈছে 'ভৱিষ্যতৰ প্ৰৱেশদ্বাৰ'। সন্মিলনৰ এই দশম সংস্কৰণত "সফলতাৰ সন্মিলনৰ ৰূপত ভাইব্ৰেণ্ট গুজৰাটৰ ২০টা বছৰ" উদযাপন কৰা হ'ব।

এই বছৰৰ সন্মিলনৰ বাবে ৩৪খন অংশীদাৰ দেশ আৰু ১৬টা অংশীদাৰ সংগঠনে অংশগ্ৰহণ কৰিছে। লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলসমূহত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিবলৈ ‘ভাইব্ৰেণ্ট গুজৰাট মঞ্চ’ ব্যৱহাৰ কৰিব।

সন্মিলনখনত বিশ্বৰ প্ৰাসংগিক বিষয় যেনে ‘উদ্যোগ ৪.০’, ‘প্ৰযুক্তি আৰু উদ্ভাৱন’, ‘বহনক্ষম উৎপাদন’, ‘সেউজ হাইড্ৰজেন’, ‘ই-গতিশীলতা’ আৰু ‘নৱীকৰণযোগ্য শক্তি আৰু স্থিৰতাৰ দিশত পৰিৱৰ্তন’ৰ দৰে আলোচনাচক্ৰ আৰু সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব।

‘ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ট্ৰেড শ্ব'ত প্ৰতিষ্ঠানসমূহে বিশ্বমানৰ অত্যাধুনিক প্ৰযুক্তিৰ পৰা তৈয়াৰ কৰা সামগ্ৰী প্ৰদৰ্শন কৰিব। ‘ই-গতিশীলতা’, ‘ষ্টাৰ্ট-আপ’, ‘এমএছএমই’, ‘নীল অৰ্থনীতি’, ‘সেউজ শক্তি’ আৰু ‘স্মাৰ্ট আন্তঃগাঁথনি’ হৈছে ‘ট্ৰেড শ্ব'ৰ কেতবোৰ গুৰুত্বপূৰ্ণ খণ্ড।

 

***

DS/LP/AK/KB



(Release ID: 1996547) Visitor Counter : 72