প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শেখ হাছিনাক একেৰাহে চতুৰ্থবাৰ বিজয়ৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 08 JAN 2024 7:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে বাৰ্তালাপেৰে সংসদীয় নিৰ্বাচনত একেৰাহে ঐতিহাসিক চতুৰ্থবাৰ জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে বাৰ্তালাপেৰে সংসদীয় নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰ ঐতিহাসিকভাৱে জয়লাভৰ বাবে তেওঁক অভিনন্দন জনাওঁ। নিৰ্বাচনৰ সফল পৰিচালনাৰ বাবে বাংলাদেশৰ জনসাধাৰণকো অভিনন্দন জনাইছোঁ। আমি বাংলাদেশৰ সৈতে আমাৰ চিৰস্থায়ী আৰু জন-কেন্দ্ৰিক সম্পৰ্ক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।"

******

DS/SKS/SB



(Release ID: 1996541) Visitor Counter : 79