যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

বিচ গেমছ-২০২৪, দিউ

দিউত অনুষ্ঠিত প্ৰথম বিচ গেমছত মধ্য প্ৰদেশ চেম্পিয়ন

লাক্ষদ্বীপে মহাৰাষ্ট্ৰক অতিক্ৰমি বিচ ছকাৰ গ’ল্ড লাভ কৰে

দিউ বিচ গেমছৰ সফল আয়োজনে সমুদ্ৰ তীৰত ৰোমাঞ্চকৰ ক্ৰীড়া অনুষ্ঠানৰ সূচনা কৰিলে – অনুৰাগ ঠাকুৰ

Posted On: 13 JAN 2024 12:04PM by PIB Guwahati

দিউৰ ব্লু ফ্লেগ প্ৰাপ্ত ঘোঘলা বিচত আয়োজিত ভাৰতৰ প্ৰথম বহু-ক্ৰীড়া বিচ গেমছ, ২০২৪ৰ সফল সামৰণি পৰিছে। ইয়াতে মধ্যপ্ৰদেশে চেম্পিয়নৰ খিতাপ লাভ কৰে। ৰাজ্যখনে মুঠ ১৮ টা পদক লাভ কৰে, ইয়াৰে ৭ টা সোণৰ পদক। এই উল্লেখযোগ্য কৃতিত্বই মধ্যপ্ৰদেশৰ দলটোৰ ক্ৰীড়া দক্ষতাৰ প্ৰদৰ্শনেই নহয়, বৰঞ্চ ৰাজ্যখনৰ প্ৰতিভাৰ  গভীৰতাক উজ্জ্বল কৰি তুলিছে।

 

এই ক্ৰীড়াত মহাৰাষ্ট্ৰই ৩ টা স্বৰ্ণকে ধৰি মুঠ ১৪ টা পদক লাভৰ সমান্তৰালকৈ তামিলনাডু, উত্তৰাখণ্ড আৰু আয়োজক দাদৰা, নগৰ হাভেলী, দিউ আৰু দমনে ১২টাকৈ পদক লাভ কৰে। অসমে ৮ টা পদক লাভ কৰে, ইয়াৰে ৫ টা স্বৰ্ণ পদক।

 

ইয়াত লাক্ষাদ্বীপে বিচ ছকাৰত সোণৰ পদক লাভেৰে ঐতিহাসিক কৃতিত্ব লাভ কৰে। এয়া প্ৰাচীন দ্বীপটোৰ উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে। সুপ্ৰতিদ্বন্দ্বিতামূলক ফাইনেলত মহাৰাষ্ট্ৰক ৫-৪ গ’লত পৰাস্ত কৰে লাক্ষাদ্বীপে। লাক্ষাদ্বীপৰ এই জয়ে পদক বিজয়ীসকলৰ বৈচিত্ৰ্যৰ বৰ্ধনেই নহয়, বৰঞ্চ দিউ বিচ গেমছ, ২০২৪ৰ সৰ্বাংগীন আৰু দেশজোৰা প্ৰভাৱকো উজ্জ্বল কৰি তুলিছে।

 

৪-১১ জানুৱাৰীত অনুষ্ঠিত এই ক্ৰীড়াত ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১ বছৰ অনূৰ্ধ ১৪০৪ জন খেলুৱৈ, ২০৫ জন মেচ বিষয়াই অংশগ্ৰহণ কৰিছিল।

 

প্ৰতিদিনে ২ টা অধিবেশনত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল। পুৱা ৮ বজাৰপৰা দুপৰীয়া সমাপ্ত হৈছিল পুৱাৰ অধিবেশন, পৰৱৰ্তী বিয়লি ৩ বজাৰপৰা আৰম্ভ হয় বিয়লিৰ অধিবেশন। এই সময়সূচীয়ে উপযুক্ত বতৰ পৰিস্থিতিত খেলুৱৈসকলৰ প্ৰদৰ্শনক অনুকূল কৰি তোলাই নহয়, উৎসাহী দৰ্শকৰ বাবে এক ৰোমাঞ্চকৰ আৰু আকৰ্ষণীয় দৰ্শন অভিজ্ঞতাৰ সুবিধাও প্ৰশস্ত কৰে।

 

টাগ অৱ ৱাৰৰ কৌশলগত শ্ব’ডাউনৰপৰা আৰম্ভ কৰি ছি ছুইমিঙৰ উত্তেজনাপূর্ণ কৃতিত্ব, পেনকাক চিলাটৰ সমৰ কলা, মাল্লাখাম্বৰ এক্ৰ’বেটিক প্ৰদৰ্শন, বিচ ভলীবলৰ দ্ৰুত-গতিৰ একচন, বিচ কাবাডীৰ কৌশলগত যুঁজ আৰু বিচ ছকাৰৰ কিক আৰু গ'ললৈকে প্ৰতিটো খেলেই নিজৰ অনন্য শক্তিৰ সঞ্চাৰ কৰে। বিচ বক্সিঙৰ আত্মপ্ৰকাশে উত্তেজনা বৃদ্ধিৰে অংশগ্ৰহণকাৰী আৰু দৰ্শক উভয়কে মোহিত কৰিলে তথা দেশত এথলেটিক যাত্ৰাৰ এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰিলে।

 

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এক্স (পূৰ্বৰ টুইটাৰ)ত এই ক্ৰীড়া সমাৰোহলৈ সমৰ্থন আৰু ইয়াকে লৈ উৎসাহ প্ৰকাশ কৰে। তেওঁ প’ষ্টটোৰ কেপচনত লিখিছে এইদৰে, “ক্ৰীড়াবিদসকলৰ শক্তি আৰু দিউৰ সৌন্দৰ্য্যই এক অভূতপূৰ্ব মোহনীয় আৰু উল্লাসজনক উদ্দীপনাৰ সঞ্চাৰ কৰিছে।” তেওঁ আৰু কয়, ভাৰতৰ সমুদ্ৰ তীৰসমূহলৈ এক নতুন স্পন্দন কঢ়িয়াই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে এতিয়া ক্ৰীড়াৰ ৰূপ লৈছে। গুজৰাট উপকূলৰ ওচৰৰ দিউত প্ৰথমবাৰৰ বাবে বিচ গেমছৰ আয়োজনে ইয়াৰেই সাক্ষ্য বহন কৰিছে।

 

ভৌগোলিকভাৱে ভাৰত বিশ্বৰ ভিতৰতেই একাধিক ধুনীয়া সমুদ্ৰ তীৰেৰে সমৃদ্ধ। ভাৰতৰ ১২ এনে সমুদ্ৰ সৈকতে বহনক্ষম পৰ্যটনক প্ৰোৎসাহিতকৰণৰ বাবে ব্লু ফ্লেগ চাৰ্টিফিকেচন লাভ কৰিছে। কিন্তু, দেশৰ সকলো এনে সমুদ্ৰ তীৰৰ পৰ্য্যাপ্ত অন্বেষণ হোৱা নাই। এনে প্ৰেক্ষাপটত, দিউ বিচ গেমছৰ সফল আয়োজন এক আশাব্যঞ্জক খবৰ হিচাপে পৰিগণিত হৈছে।

 

বিচ গেমছ-২০২৪, দিউৰ আলোকচিত্ৰসমূহ



(Release ID: 1995882) Visitor Counter : 81