প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডি এম ডি কেৰ প্ৰতিষ্ঠাপক বিজয়কান্তৰ মৃত্যুত প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 28 DEC 2023 11:06AM by PIB Guwahati

ডি এম ডি কেৰ প্ৰতিষ্ঠাপক আৰু প্ৰবীণ অভিনেতা শ্ৰী বিজয়কান্তৰ মৃত্যুত প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীযে আজি শোক প্ৰকাশ কৰিছে।

তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰখনত মচিব নোৱাৰা চিহ্ন ৰাখি যোৱা শ্ৰী বিজয়কান্তে আগবঢ়াই যোৱা ৰাজহুৱা সেৱা তেওঁ স্মৰণ কৰে।

প্ৰধান মন্ত্ৰীয়ে ' X ' ত এটা পোষ্টত এনেদৰে কয়:

'তিৰু বিজয়কান্ত জীৰ মৃত্যুৰ বাতৰিত গভীৰ দুখ পাইছো। তামিল চলচ্চিত্ৰৰ অভিনেতা জনে তেওঁৰ অভিনয় প্ৰতিভাৰে দৰ্শকৰ অন্তৰ জয় কৰিছিল। ৰাজনৈতিক নেতা হিচাপে ৰাজহুৱা সেৱাত উৎসৰ্গিত আছিল তেওঁ আৰু তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰখনত  স্থায়ী প্রভাৱ ৰাখি থৈ গৈছে। তেওঁৰ মৃত্যুৱে সৃষ্টি কৰা শূন্যতা পূৰণ কৰাটো কঠিন হব। তেওঁ আছিল ঘনিষ্ঠ বন্ধু আৰু পাৰ হৈ যোৱা সময় চোৱাত তেওঁৰ লগত হোৱা বাৰ্তালাপ স্মৰণ কৰিছো। আজি দুখৰ সময়ত তেওঁৰ পৰিয়াল, সমৰ্থক আৰু অজস্ৰ অনুগামীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। ওম শান্তি।'

*****

DS/RT/HS


(रिलीज़ आईडी: 1991210) आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam