তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তৃতীয় লিংগৰ লোকসকলৰ সবলীকৰণঃ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অন্তৰ্ভুক্তিকৰণৰ কাহিনী

পিএম স্বনিধি – সপোন, অন্তৰ্ভুক্তি আৰু উদ্যমিতাৰ শক্তিৰ উন্মুক্তকৰণ

Posted On: 21 DEC 2023 1:21PM by PIB Guwahati

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ই সমগ্ৰ ভাৰততে আশাৰ নৈ বোৱাই লক্ষ-লক্ষ লোকক সংযুক্তকৰণেৰে উন্নয়নৰ মনোভাৱক জাগ্ৰত কৰি তুলিছে। এই যাত্ৰাই ভিন্ন অঞ্চলৰ অগণন ব্যক্তিক সংযোগেৰে এটি উজ্জ্বল ভৱিষ্যতৰ সামূহিক সপোনক লালিত-পালিত কৰিছে।

পৰিসংখ্যাই প্ৰগতিৰ ছবি এখন আঁকিব পাৰে যদিও কেতবোৰ কাহিনীয়ে পৰিসংখ্যাকো অতিক্ৰম কৰে। তেনে এটা কাহিনী হ’ল কেটাৰিঙৰ জগতখনত এক সফল পথ প্ৰদৰ্শন কৰা তৃতীয় লিংগৰ নীলেশৰ।

পিএম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্ম নিৰ্ভৰ নিধি (PM SVANidhi) যোজনাৰ জৰিয়তে, মহাৰাষ্ট্ৰৰ ৱৰ্ধাৰ বাসিন্দা নীলেশে ১০,০০০ টকাৰ ঋণ লাভ কৰে, যিয়ে এক প্ৰেৰণাদায়ক উদ্যমিতা যাত্ৰাত অনুঘটক হিচাপে ক্ৰিয়া কৰে। নীলেশে প্ৰাৰম্ভিকভাৱে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অদম্য দৃঢ়তা আৰু ইতিবাচক মনোভাৱে, তেওঁক এটা সমৃদ্ধিশালী কেটাৰিং ব্যৱসায় প্ৰতিষ্ঠাত সহায় কৰিছিল। নীলেশে কেৱল কেটাৰিং ব্যৱসায় প্ৰতিষ্ঠাই নহয়, আৰ্থিক সবলীকৰণৰ বাবে তৃতীয় লিংগৰ আৰু মহিলাসকলে সহযোগিতা কৰা আত্মসহায়ক গোট ‘মোহিনী বাচাত গাট’ গঠনেৰে আন দহজনকো অনুপ্ৰাণিত কৰিছে। নীলেশৰ কাহিনীয়ে আনক সমাজৰ বাধা অতিক্ৰমেৰে নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত কৰে। নীলেশে পিএম স্বনিধি আঁচনিখনক "আশীৰ্বাদ" হিচাপে গণ্য কৰিছে, যিয়ে তেওঁক নিজৰ সম্ভাৱনা মুকলিৰে আৰ্থিক স্বতন্ত্ৰতা লাভৰ পথ প্ৰশস্ত কৰে।

আন এটা কাহিনী হ’ল তৃতীয় লিংগৰ উদ্যোগী মিছ মনাৰ। তেঁৱো এই যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ পৰিক্ৰমা সম্পৰ্কে ব্যক্ত কৰিছে।

চণ্ডীগড়ৰপৰা মনাৰ যাত্ৰা আৰম্ভ হৈছিল। ইয়াত তেওঁ এখন সৰু চাহৰ দোকানেৰে প্ৰাণোচ্ছলতা আৰু আত্মনিৰ্ভৰশীলতাৰ বন্তি জ্বলাইছিল। পিএম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্ম নিৰ্ভৰ নিধি (PM SVANidhi) আঁচনিৰপৰা ১০,০০০ টকাৰ ঋণে এই সৰু চাহৰ ষ্টলখনি স্থাপনেৰে তেওঁক আৰ্থিক স্বাধীনতাৰ পথত অগ্ৰসৰ হোৱাৰ পথ প্ৰশস্ত কৰে। পিছত ক্ৰমে তেওঁ ২০,০০০ আৰু ৫০,০০০ টকাৰ আৰু দুবাৰ ঋণ লাভে তেওঁৰ এই যাত্ৰাক সুদৃঢ় কৰি তোলে।

নীলেশ আৰু মনাৰ এই ৰূপান্তৰৰ যাত্ৰা কেৱল ব্যক্তিগত জয়েই নহয়; বৰঞ্চ তেওঁলোকে উন্নতি আৰু সবলীকৰণৰ এক বহল কেনভাছক চিত্ৰিত কৰিছে, যি কথা এই যাত্ৰাৰ সময়ত অভিজ্ঞতাৰ আদান-প্ৰদানৰ জৰিয়তে প্ৰকাশ পাইছে। পিএম স্বনিধি আঁচনিখনে পথৰ কাষৰ বিক্ৰেতাসকলক আনুষ্ঠানিক অৰ্থনৈতিক আৱৰণলৈ অনাত সহায় কৰিছে। ২০ ডিচেম্বৰ পৰ্য্যন্ত ৫৭ লাখৰো অধিক লোক পিএম স্বনিধি আঁচনিৰ জৰিয়তে উপকৃত হৈছে। সংযোগ আৰু সবলীকৰণৰ অভিযানেৰে বিকশিত ভাৰত সংকল্প যাত্ৰা অব্যাহত থকাৰ সময়ত আমি নিশ্চিতভাৱে আশা কৰিব পাৰো যে এনে কাহিনীসমূহে আমাক সকলোকে এটি উজ্জ্বল ভৱিষ্যতৰ অৰ্থে অনুপ্ৰাণিত আৰু পৰিচালিত কৰি থাকিব।

প্ৰসংগ

******

Nimish Rustagi/ Himanshu Pathak/ Madiha Iqbal/SB



(Release ID: 1989535) Visitor Counter : 59