প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰীক্ষা পে চৰ্চাই মানসিক চাপক সফলতালৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত পৰীক্ষা যোদ্ধাসকলে হাঁহি হাঁহি পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 DEC 2023 9:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰীক্ষা পে চাৰ্চাৰ লক্ষ্য হৈছে মানসিক চাপক সফলতালৈ ৰূপান্তৰিত কৰা, যাৰ ফলত পৰীক্ষা যোদ্ধাসকলে হাঁহি হাঁহি পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে।

এটা এক্স পোষ্টত শিক্ষা মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক পৰীক্ষ পে চৰ্চা ২০২৪ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তলত দিয়া ৱেবছাইটটোত গৈ যিকোনো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰে আৰু শিক্ষা মন্ত্ৰালয়ৰ পোষ্ট অনুসৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰ সুযোগ লাভ কৰিব পাৰে। লিংকটো তলত দিয়াৰ দৰে।

https://innovateindia.mygov.in/ppc-2024/

শিক্ষা মন্ত্ৰালয়ৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

 

“#ParikshaPeCharcha-ই মানসিক চাপক সফলতালৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে, #ExamWarriors সকলক হাঁহি হাঁহি পৰীক্ষাৰ সন্মুখীন হ'বলৈ সক্ষম কৰি তুলিছে। কোনে জানে, পৰৱৰ্তী ডাঙৰ অধ্যয়নৰ টিপছটো হয়তো আমাৰ বাৰ্তালাপৰ বৈঠকৰ পৰাই পোনে পোনে আহিব!”

**********

 

DS/ST


(रिलीज़ आईडी: 1986672) आगंतुक पटल : 101
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam