তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

বিকাশিত ভাৰত সংকল্প যাত্ৰা-ত নাগৰিকৰ অংশগ্ৰহণে ২ কোটিৰ ঘৰ অতিক্ৰম কৰিছে; মাত্ৰ ৭টা দিনতে ১ কোটিৰো অধিক লোকে যাত্ৰাত যোগদান কৰাত সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে

Posted On: 14 DEC 2023 3:22PM by PIB Guwahati

জনসমৰ্থনৰ এক উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰি ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ই এক স্মৰণীয় অভিলেখ ৰচনা কৰিছে। উল্লেখ্য যে এমাহৰো কম সময়ৰ ভিতৰতে এই যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যাই ২ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। জনতাৰ অংশগ্ৰহণৰ এই অভূতপূৰ্ব বৃদ্ধিয়ে যাত্ৰাৰ গভীৰ প্ৰভাৱ আৰু উন্নয়নৰ এক সামূহিক অনুসৰণত লাখ লাখ লোকক একত্ৰিত কৰাৰ ইয়াৰ অবিশ্বাস্য সামৰ্থ্যকে আলোকপাত কৰিছে।

যাত্ৰাৰ বৰ্ধিত গতি এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে প্ৰথম ১কোটিৰ ঘৰ ২২ দিনত স্পৰ্শ কৰা হৈছিল, আনহাতে পৰৱৰ্তী ১কোটিৰ বাবে লাগিছিল মাত্ৰ ৭টা দিন। প্ৰতিটো দিন অতিবাহিত হোৱাৰ লগে লগে যাত্ৰাৰ প্ৰসাৰ বিস্তাৰিত হৈছে আৰু ইয়াৰ শক্তিশালী গতি বৰ্তাই ৰাখি ৰাইজৰ অত্যধিক ইতিবাচক সঁহাৰি আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।

এই যাত্ৰা ইতিমধ্যে প্ৰায় ৬০,০০০ গাঁও পঞ্চায়তত উপস্থিত হৈছে, যাৰ ফলত দেশৰ প্ৰতিটো কোণত প্ৰগতি আৰু উন্নতিৰ গতি ত্বৰান্বিত হৈছে। দিন দিয়েকৰ ভিতৰতে এই যাত্ৰাই ইয়াৰ উপস্থিতি অনুভূত কৰাইছে আৰু ১.৬ কোটিতকৈয়ো অধিক নাগৰিকে ২০৪৭ চনৰ ভিতৰত বিকাশিত ভাৰত গঢ়াৰ কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। যাত্ৰাৰ "মেৰী কাহানি, মেৰী জুবানী" উদ্যোগৰ অংশ হিচাপে ১.৩০ কোটিৰো অধিক লোকে তেওঁলোকৰ ব্যক্তিগত বাখ্যা সহভাগ কৰিছে, দেশজুৰি নাগৰিকসকলৰ বিবিধ অভিজ্ঞতা আৰু আকাংক্ষা প্ৰদৰ্শন কৰিছে।

 

যাত্ৰাৰ অন্যতম মূল বিষয় হিচাপে নাগৰিকসকলৰ কল্যাণৰ সৈতে সমগ্ৰ দেশতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে আৰু আজি পৰ্যন্ত ৪২ লাখৰো অধিক লোকক পৰীক্ষা কৰা হৈছে।

 

এক ৰাষ্ট্ৰ, এক যাত্ৰা

সকলো অঞ্চলতে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা এই যাত্ৰা চৰকাৰী সেৱা আৰু সমৰ্থন প্ৰদানৰ পোনপটীয়া মাধ্যমত পৰিণত হৈছে। আনকি অতিশয় দুৰ্গম অঞ্চলতো এই যাত্ৰা উপনীত হৈছে। অংশগ্ৰহণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে প্ৰায় ৮০ লাখ অংশগ্ৰহণকাৰীৰে আগবাঢ়ি আছে, তাৰ পিছতে মহাৰাষ্ট্ৰত ২৯ লাখৰো অধিক অংশগ্ৰহণকাৰী আৰু গুজৰাটত ২৩ লাখৰো অধিক অংশগ্ৰহণকাৰীৰ তথ্য লাভ কৰা হৈছে। জম্মু আৰু কাশ্মীৰতো আজিলৈকে ১৬ লাখৰো অধিক অংশগ্ৰহণকাৰীৰ উৎসাহজনক সঁহাৰিৰে এই যাত্ৰা অব্যাহত আছে। ১১ লাখৰো অধিক অংশগ্ৰহণকাৰীৰে অন্ধ্ৰ প্ৰদেশে এক উল্লেখযোগ্য স্থান লাভ কৰিছে।

 

চৰকাৰী আঁচনিসমূহৰ ১০০% সংপৃক্তি

চৰকাৰৰ মূল পদক্ষেপসমূহৰ ১০০% পৰিপূৰকতাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক দেশজোৰা প্ৰচেষ্টা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। এই পদক্ষেপৰাজিৰ সুবিধা সকলো লক্ষ্য হিতাধিকাৰীয়ে লাভত গুৰুত্ব আৰোপ কৰা হৈছে।

(নতুন দিল্লীৰ বাৰা হিন্দু ৰাওত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত স্থাপন কৰা চেলফি পইন্টত ফটোৰ বাবে পজ দিছে এগৰাকী মহিলাই)

এই যাত্ৰাৰ সময়ত স্থাপন হোৱা মাইলৰ খুঁটিসমূহ হৈছেঃ ২৯,০০০ ৰোধিক গাঁও পঞ্চায়তে সম্পূৰ্ণ ক’ভাৰেজ লাভ কৰিছে, আয়ুষ্মান কাৰ্ডৰ ১০০% চেচুৰেচন হৈছে; ১৮,০০০ ৰোধিক গাঁও পঞ্চায়তে ‘হৰ ঘৰ জল’ আঁচনিৰ বাবে ১০০% চেচুৰেচন লাভ কৰিছে; ৩৪,০০০ ৰোধিক গাঁও পঞ্চায়তে ভূমি অভিলেখৰ সম্পূৰ্ণ ডিজিটেলাইজেচন সম্পন্ন কৰিছে আৰু স্বচ্ছ ভাৰত পদক্ষেপৰ সমৰ্থনত ৯,০০০ ৰোধিক গাঁও পঞ্চায়তে অ’ডিএফ প্লাছ মডেল ১০০% মানি চলাৰ মাপকাঠী পৰিপূৰণ কৰে।

ৰূপান্তৰৰ অভিযান গ্ৰহণ কৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত ঝাড়খণ্ডৰ খুন্তিত শুভাৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাই সমগ্ৰ ভাৰতৰ নাগৰিকৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিছে। এই অভিলাষী পদক্ষেপৰ লক্ষ্য হৈছে চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান দূৰ কৰা, সমাজ সবলীকৰণ আৰু এক সৰ্বাংগীন তথা বিকশিত ভাৰতৰ ভেটি স্থাপন কৰা।

****

Research Unit, PIB (Nimish Rustagi/Himanshu Pathak)/KB/SB



(Release ID: 1986401) Visitor Counter : 358