প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীত মিচৌং ঘূৰ্ণীত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
06 DEC 2023 12:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীত মিচৌং ঘূৰ্ণীত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এই ঘূৰ্ণীত আহত বা ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে প্ৰাৰ্থনা কৰি কয় যে কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ প্ৰভাৱিত অঞ্চলসমূহত অক্লান্তভাৱে কাম কৰি আছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱালৈকে তেওঁলোকে কাম কৰি যাব।
এটি এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীত মিচৌং ঘূৰ্ণীত আপোনজনক হেৰুৱাবলগীয়া হোৱা পৰিয়ালসমূহলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই ঘূৰ্ণীত আহত বা ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ প্ৰভাৱিত অঞ্চলসমূহত অক্লান্তভাৱে কাম কৰি আছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱালৈকে তেওঁলোকে কাম কৰি যাব।”
***
Dhiraj Singh / Siddhant Tiwari/SB
(रिलीज़ आईडी: 1983264)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam