গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত ‘চাইবাৰ সুৰক্ষিত ভাৰত’ গঢ়ি তোলাটো গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম

আই4চি-য়ে ইয়াৰ উলম্ব নেচনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালিটিক্স ইউনিটৰ (এনচিটিএইউ) জৰিয়তে যোৱা সপ্তাহত সংগঠিত বিনিয়োগ / কাম আধাৰিত - আংশিক সময়ৰ চাকৰি প্ৰৱঞ্চনাৰ সৈতে জড়িত ১০০ ৰো অধিক ৱেবছাইট চিনাক্ত কৰে

তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত ইয়াৰ ক্ষমতা প্ৰয়োগ কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (মেইটৱাই) এই ৱেবছাইটবোৰৰ কাম-কাজ বন্ধ কৰি দিছে

এই ৱেবছাইটবোৰে, কাম আধাৰিত / সংগঠিত অবৈধ বিনিয়োগ সম্পৰ্কীয় অৰ্থনৈতিক অপৰাধৰ সুবিধা প্ৰদান কৰি, ডিজিটেল বিজ্ঞাপন, চেট মেচেঞ্জাৰ আৰু ভুৱা / ভাৰাৰ একাউণ্ট ব্যৱহাৰ কৰিছিল আৰু বিদেশৰ পৰা এইবোৰ পৰিচালনা কৰা বুলি জানিব পৰা গৈছিল

Posted On: 06 DEC 2023 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত "চাইবাৰ সুৰক্ষিত ভাৰত" গঢ়ি তোলাটো অন্যতম।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ আৰু চাইবাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা সকলৰ পৰা নাগৰিকক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নাগৰিকসকলক এনে প্ৰৱঞ্চকসকলে ব্যৱহাৰ কৰা ফোন নম্বৰ আৰু ছ'চিয়েল মিডিয়া হেণ্ডেলবোৰ এনচিআৰপিক www.cybercrime.gov.in-ত তক্ষণাৎ অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে

ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰ (আই4চি) হৈছে দেশত চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সমন্বিত আৰু ব্যাপক এক পদক্ষেপ। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আই4চি, এম.এইচ.এ.-য়ে ইয়াৰ উলম্ব নেচনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালিটিক্স ইউনিটৰ (এনচিটিএউ) জৰিয়তে যোৱা সপ্তাহত সংগঠিত বিনিয়োগ / কাম আধাৰিত - আংশিক সময়ৰ চাকৰি প্ৰৱঞ্চনাৰ সৈতে জড়িত ১০০ ৰো অধিক ৱেবছাইট চিনাক্ত কৰিছিল আৰু যাৱতীয় পৰামৰ্শ দিছিল। তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত ইয়াৰ ক্ষমতা প্ৰয়োগ কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (মেইটৱাই) এই ৱেবছাইটবোৰৰ কাম-কাজ বন্ধ কৰি দিছিল। অবৈধ বিনিয়োগ সম্পৰ্কীয় অৰ্থনৈতিক অপৰাধৰ ওপৰত আধাৰিত / সংগঠিত কৰা কামৰ সুবিধা প্ৰদান কৰা এই ৱেবছাইটবোৰ বিদেশৰ পৰা পৰিচালিত হোৱা বুলি জানিব পৰা গৈছিল আৰু তেওঁলোকে ডিজিটেল বিজ্ঞাপন, চেট মেচেঞ্জাৰ আৰু ভুৱা / ভাৰাৰ একাউণ্ট ব্যৱহাৰ কৰি আছিল। এইটোও জানিব পৰা গৈছিল যে বৃহৎ পৰিমাণৰ অৰ্থনৈতিক প্ৰৱঞ্চনাৰ জৰিয়তে আদায় কৰা ধন কাৰ্ড নেটৱৰ্ক, ক্ৰিপ্টো মুদ্ৰা, বিদেশী এটিএম আৰু আন্তৰ্জাতিক বিত্তীয় প্ৰযুক্তি কোম্পানী ব্যৱহাৰ কৰি ভাৰতৰ বাহিৰলৈ উলিয়াই নিয়া হৈছিল। এই সন্দৰ্ভত কেইবাটাও অভিযোগ পোৱা হৈছিল

১. এনেধৰণৰ ডিজিটেল বিজ্ঞাপনবোৰ গুগল আৰু মেটাৰ দৰে প্লেটফৰ্ম ব্যৱহাৰ কৰি "ঘৰত বহিয়েই চাকৰি", ঘৰত বহিয়েই আয় কৰক আদি বিভিন্ন ভাষাত বিদেশৰ বিজ্ঞাপনদাতাই দিছিল। ইয়াৰ লক্ষ্য হৈছে প্ৰধানকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মহিলা আৰু আংশিক সময়ৰ চাকৰি বিচাৰি থকা নিবনুৱা যুৱক-যুৱতীসকল।

২. এনে বিজ্ঞাপনত ক্লিক কৰাৰ পিছত হোৱাটছএপ / টেলিগ্ৰাম ব্যৱহাৰ কৰা এজেণ্ট এজনে সম্ভাৱ্য ভুক্তভোগীৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে, যি য়ে তেওঁক ভিডিঅ' লাইক আৰু চাবস্ক্ৰাইব কৰিবলৈ মেপচ ৰেটিং আদিৰ দৰে কিছুমান কাম কৰিবলৈ সন্মত কৰে।

৩. এনে কাম সম্পূৰ্ণ হোৱাৰ পিছত ভুক্তভোগীক আৰম্ভণিতে কিছু কমিছন দিয়া হয় আৰু প্ৰদান কৰা কামৰ বিপৰীতে অধিক ধন লাভৰ বাবে অধিক বিনিয়োগ কৰিবলৈ কোৱা হয়।

৪. বিশ্বাস আদায় কৰাৰ পিছত যেতিয়া ভুক্তভোগীয়ে অধিক পৰিমাণৰ ধন জমা কৰে, জমা কৰা ধনবোৰ নিস্ক্ৰিয় কৰা হয় আৰু এনেদৰে ভুক্তভোগী প্ৰতাৰিত হয়।

সাৱধানতামূলক ব্যৱস্থা হিচাপে এনেদৰে পৰামৰ্শ দিয়া হৈছে:-

১. ইণ্টাৰনেটৰ জৰিয়তে পৃষ্ঠপোষকতা কৰা এনে উচ্চ কমিছন আদায় দিয়া অনলাইন আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে উপযুক্তভাৱে পৰীক্ষা কৰক।

২. যদি কোনো অজ্ঞাত ব্যক্তিয়ে হোৱাটছএপ / টেলিগ্ৰামৰ জৰিয়তে আপোনাৰ সৈতে যোগাযোগ কৰে, সত্যাসত্য নিশ্চিত নকৰাকৈ বিত্তীয় লেনদেন কৰাৰ পৰা বিৰত থাকক।

৩. ইউ.পি.আই. এপ’ত উল্লেখ কৰা ধন আদায় পোৱাৰ নাম নিশ্চিত কৰক। যদি ধন আদায় পোৱাজন কোনো সাধাৰণ ব্যক্তি হয়, তেনেহলে ই ভুৱা একাউণ্ট হ'ব পাৰে আৰু আঁচনিখন প্ৰৱঞ্চনামূলক হ'ব পাৰে। একেদৰে, প্ৰাৰম্ভিক কমিছন পোৱা উৎসটো পৰীক্ষা কৰক।

৪. নাগৰিকসকলে অজ্ঞাত একাউণ্টৰ সৈতে লেনদেন কৰাৰ পৰা বিৰত থকা উচিত, কিয়নো এইবোৰ ধনৰ অবৈধ সৰবৰাহ আৰু আনকি সন্ত্ৰাসবাদীক বিত্তীয় যোগানৰ সৈতে জড়িত থাকিব পাৰে আৰু আৰক্ষীৰ দ্বাৰা এনে একাউণ্টৰ কাম-কাজ বন্ধ কৰা আৰু অন্যান্য আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

*****

RK/AY/ASH/RR/HS/ID



(Release ID: 1982983) Visitor Counter : 87