প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ডি বি চন্দ্ৰেগৌড়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
07 NOV 2023 11:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বিধায়ক তথা মন্ত্ৰী শ্ৰী ডি বি চন্দ্ৰেগৌড়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"শ্ৰী ডিবি চন্দ্ৰেগৌড়া ডাঙৰীয়াৰ মৃত্যুত দুখ প্ৰকাশ কৰিছোঁ। ৰাজহুৱা সেৱাৰ এগৰাকী পুৰোধা, কৰ্ণাটকৰ সাংসদ, বিধায়ক আৰু মন্ত্ৰী হিচাপে তেওঁৰ বিস্তৃত অভিজ্ঞতাই এক অম্লান স্বাক্ষৰ বহণ কৰিছে। আমাৰ সংবিধানৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান আৰু সমাজ সেৱাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি নিতান্তই লক্ষণীয় আছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মই আন্তৰিক সমবেদনা প্ৰকাশ কৰিছো। ওঁম শান্তি।"
***
DS/KB
(ৰিলিজ আই ডি : 1975369)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam