প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰ’ত সুন্দৰ সিং গুৰজাৰৰ স্বৰ্ণ জয়; প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 25 OCT 2023 9:15PM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ জেভলাইন থ্ৰ’ এফ৪৬ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে আজি সুন্দৰ সিং গুৰজাৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

গুৰজাৰৰ প্ৰদৰ্শনক অনবদ্য বুলি প্ৰশংসা কৰি তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“জেভেলিন থ্ৰ’ এফ৪৬ ইভেণ্টত অনবদ্য প্ৰদৰ্শনেৰে স্বৰ্ণ পদক জয় কৰাৰ বাবে @SundarSGurjar লৈ অভিনন্দন। এইটো এটা অনবদ্য সাফল্য। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা।”

 

*****

DS/RT


(ৰিলিজ আই ডি : 1972932) অতিথি কক্ষ : 121