প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এছিয়ান পেৰা গে’মছ’ত ৰূপৰ পদক জয় কৰাৰ বাবে ‘শ্বট পুট’ খেলুৱৈ ৰবি ৰঙালীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
24 OCT 2023 7:06PM by PIB Guwahati
‘এছিয়ান পেৰা গে’মছ’ত আজি পুৰুষৰ ‘শ্বটপুট এফ-৪০ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰা ‘শ্বট পুট’ খেলুৱৈ ৰবি ৰঙালীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ ৰবিক অনুপ্ৰেৰণাৰ উত্স বুলি অভিহিত কৰে আৰু তেওঁৰ কৃতিত্বক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"পুৰুষৰ ‘শ্বটপুট এফ ৪০ প্ৰতিযোগিতা’ত প্ৰতিভাশালী ৰবি ৰঙালীয়ে সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদকৰ জয় কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ।
ৰবি বহুতৰ বাবে অনুপ্ৰেৰণাৰ উত্স, তেওঁৰ উল্লেখযোগ্য সাফল্য হৈছে তেওঁৰ ব্যতিক্ৰমী শক্তি আৰু সমৰ্পণৰ স্বাক্ষৰ।"
***
DS/RT/KB
(ৰিলিজ আই ডি : 1972301)
অতিথি কক্ষ : 137
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam