প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম স্বনিধিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথা স্বীকাৰ কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 OCT 2023 7:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় ষ্টেট বেংকৰ এক গভীৰ গৱেষণাৰ কথা শ্বেয়াৰ কৰে, যিয়ে পিএম স্বনিধিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ এক স্পষ্ট ছবি দাঙি ধৰে। 

 

এছবিআইৰ গ্ৰুপ চিফ অৰ্থনৈতিক উপদেষ্টা সৌম্য কান্তি ঘোষে কৰা গৱেষণাত এই আঁচনিখনৰ সামগ্ৰিক প্ৰকৃতিৰ কথা উল্লেখ কৰা হৈছে আৰু ই বিত্তীয় সবলীকৰণক কিদৰে আগবঢ়াই লৈ গৈছে তাৰ ওপৰত আলোকপাত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে: 

"ভাৰতীয় ষ্টেট বেংকৰ সৌম্য কান্তি ঘোষৰ এই গভীৰ গৱেষণাই প্ৰধানমন্ত্ৰী স্বনিধিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ এক স্পষ্ট ছবি দাঙি কৰে। ই এই আঁচনিখনৰ সামগ্ৰিক প্ৰকৃতিৰ কথা উল্লেখ কৰে আৰু ই বিত্তীয় সবলীকৰণক কিদৰে আগবঢ়াই লৈ গৈছে তাৰ ওপৰত আলোকপাত কৰিছে।"

*************************

DS/RT/KG/BM



(Release ID: 1970587) Visitor Counter : 92