গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নতুন গ্ৰন্থ ‘ইগনাইটিং কালেক্টিভ গুডনেছঃ মন কি বাত @ ১০০’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰৰ এক অনন্য যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে

Posted On: 17 OCT 2023 4:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নতুন কিতাপ 'ইগনাইটিং কালেক্টিভ গুডনেছঃ মন কি বাত @ ১০০'ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰৰ এক অনন্য যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে। 'এক্স'ত এক পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে মোদীজীয়ে কিদৰে তেওঁৰ শব্দৰ শক্তিৰ জৰিয়তে দেশবাসীক উমৈহতীয়া লক্ষ্যৰ বাবে সমবেত কৰিছিল তাৰ ওপৰত কিতাপখনে নতুনকৈ আলোকপাত কৰিছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ‘মন কি বাত’-এ ১০০ তম খণ্ড অতিক্ৰম কৰিছে, এনে সময়ত তথ্য আৰু অন্তৰ্দৃষ্টি সমৃদ্ধ এই কিতাপখন সেইসকল যুৱক-যুৱতীয়ে পঢ়া উচিত, যিসকলে এই পৰিৱৰ্তনশীল যাত্ৰাৰ বিষয়ে জানিব বিচাৰে। এই উপলক্ষে তেওঁ কিতাপখনৰ প্ৰকাশকক এই গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে অভিনন্দন জনায়।

************* 

 KG/BM



(Release ID: 1968697) Visitor Counter : 63