প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘নৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে

লগতে তেওঁ ‘দেৱী শৈলাপুত্ৰী’ৰ ওচৰতো প্ৰাৰ্থনা জনায়

प्रविष्टि तिथि: 15 OCT 2023 8:44AM by PIB Guwahati

‘নৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ কৰি তোলাৰ কামনাৰে প্ৰধানন্ত্ৰীয়ে আই দুৰ্গাক প্ৰাৰ্থনা জনায়।

‘নৱৰাত্ৰি’ৰ প্ৰথম দিনা ‘আই শৈলপুত্ৰী’ৰ চৰণত প্ৰণিপাত জনায় শ্ৰী মোদী। তেওঁৰ নাগৰিকসকলৰ বাবে শক্তি-সামৰ্থ্য তথা সমৃদ্ধিও কামনা কৰে।

‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;

"দেশবাসীলৈ নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। দেৱী দুৰ্গাই সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। জয় মাতা দী!"

"নৱৰাত্ৰিৰ প্ৰথম দিনা মই ‘আই শৈলপুত্ৰী’ৰ চৰণত প্ৰণিপাত জনাইছোঁ। দেশৰ জনসাধাৰণক শক্তি-সামৰ্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰিবলৈও তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। "

***

KB/BM


(रिलीज़ आईडी: 1967943) आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam