প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক বিজয়ী পুজিলিষ্ট প্ৰীতি পাৱাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 OCT 2023 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্ৰামত শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বক্সাৰ প্ৰীতি পাৱাৰক অভিনন্দন জ্ঞাপন কৰে।

তেওঁ কয় যে ১৯ বছৰীয়া যুৱতীগৰাকীৰ প্ৰদৰ্শনক লৈ তেওঁ গৌৰৱান্বিত, যি তেওঁৰ স্থিৰতা, নিষ্ঠা আৰু কেতিয়াও হাৰ মানিব নোখোজা মনোভাৱৰ প্ৰমাণ।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"এগৰাকী প্ৰতিভাশালী পুগিলিষ্ট, যিয়ে কঠোৰ পৰিশ্ৰমৰ ফলত এছিয়ান গেমছত ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

প্ৰীতি পাৱাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত, যি তেওঁৰ স্থিৰতা, নিষ্ঠা আৰু কেতিয়াও হাৰ মানিব নোখোজা মনোভাৱৰ প্ৰমাণ।"

**************


(ৰিলিজ আই ডি : 1963893) অতিথি কক্ষ : 134