প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত পলকে লাভ কৰা সোণৰ পদকৰ বাবে আনন্দিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 29 SEP 2023 2:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গেমছ ২০২২’ত মহিলাৰ ‘১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতা’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে পলকক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"শ্বুটিঙত ভাৰতৰ বাবে আন এটা বিশেষ মুহূৰ্ত!

পলকক তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শন আৰু মহিলাৰ ‘১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতা’ত স্বৰ্ণ পদক জয়ৰ বাবে অভিনন্দন জনাইছোঁ। তেওঁৰ নিখুঁততা আৰু মনোযোগে আমাৰ দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। মই তেওঁক আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

***

BM/KB


(ৰিলিজ আই ডি : 1963397) অতিথি কক্ষ : 121