প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰাত মহিলা ৰোলাৰ স্কেটাৰ্ছক অভিনন্দন জনায়

प्रविष्टि तिथि: 02 OCT 2023 10:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলা স্পীড স্কেটিং ৩০০০ মিটাৰ ৰিলেট ব্ৰঞ্জৰ পদক জয় কৰাত ৰোলাৰ স্কেটাৰ্ছ কাৰ্তিকা জগদীশ্বৰণ, হীৰল সাধু আৰু আৰতী কস্তুৰী ৰাজক অভিনন্দন জনায়।

তেওঁ তেওঁলোকৰ দৃঢ় সংকল্প আৰু টীম ৱৰ্কৰো প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"কাৰ্তিকা জগদীশ্বৰণ, @heeral_sadhu আৰু @aarathyskating ক অভিনন্দন। আমাৰ অসাধাৰণ মহিলা স্পীড স্কেটিং ৰিলে টীমে এছিয়ান গেমছত মহিলা স্পীড স্কেটিং ৩০০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক জয় কৰিলে।

তেওঁলোকৰ দৃঢ় সংকল্প আৰু উৎকৃষ্ট টীম ৱৰ্ক বহু লোকৰ বাবে প্ৰেৰণা-স্ৰোত।"

**********

 

DS/ RT


(रिलीज़ आईडी: 1963381) आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam