প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বুটিংত স্বৰ্ণ জয় কৰাৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 SEP 2023 11:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত শ্বুটিংত স্বৰ্ণ জয় কৰাৰ বাবে ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষ দলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্বুটাৰত্ৰয় ক্ৰমে সৰবজ্যোত সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে তেওঁলোকৰ নিখুঁততা আৰু দক্ষতাৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে।
এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,
“এছিয়ান গেমছত আমাৰ ‘স্পেচিয়েল’ ১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষ দলৰ দ্বাৰা শ্বুটিংত আন এটা স্বৰ্ণ! সৰবজ্যোত সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে তেওঁলোকৰ নিখুঁততা আৰু দক্ষতাৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। মই তেওঁলোকক অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভকামনা জনাইছো।"
***
BM/KG
(रिलीज़ आईडी: 1963125)
आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam