প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘নাৰী শক্তি বন্দন আধিনিয়ম’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লোকসভাত প্ৰদান কৰা মন্তব্যৰ পাঠ
प्रविष्टि तिथि:
21 SEP 2023 12:06PM by PIB Guwahati
আদৰণীয় অধ্যক্ষ মহোদয়,
সদনত মোক ক'বলৈ দিয়াৰ বাবে, মোক সময় দিয়াৰ বাবে মই আপোনাৰ ওচৰত অত্যন্ত কৃতজ্ঞ।
সন্মানীয় অধ্যক্ষ মহোদয়,
মই মাত্ৰ ২-৪ মিনিট সময় ল'ব বিচাৰিছোঁ। কালি ভাৰতৰ সংসদীয় যাত্ৰাৰ এক সোণালী মুহূৰ্ত আছিল। আৰু সেই সোণালী মুহূৰ্তৰ বাবে এই সদনৰ সকলো সদস্য, সকলো দলৰ সদস্য, সকলো দলৰ নেতাই অৱদান আগবঢ়াইছে। সদনতেই হওক বা সদনৰ বাহিৰতেই হওক, তেওঁলোক সকলোৱেই এই মুহূৰ্তৰ সমানেই দাবীদাৰ। আৰু সেয়েহে মই আজি আপোনাৰ জৰিয়তে এই অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত আৰু দেশৰ মাতৃ শক্তিত এক নতুন শক্তি সঞ্চাৰ কৰাৰ বাবে, কালি আৰু আজিৰ এই সিদ্ধান্ত, ৰাজ্যসভাৰ পিছত যেতিয়া আমি অন্তিমটো পৰ্যায় সম্পূৰ্ণ কৰিম, দেশৰ মাতৃ শক্তিৰ মানসিকতা সলনি হ'ব, যি বিশ্বাসৰ জন্ম হ’ব, সেই বিশ্বাস দেশক নতুন উচ্চতালৈ লৈ যাব পৰা এক অকল্পনীয়, অপ্ৰতীম শক্তিৰ ৰূপত উজ্জীৱত হৈ উঠিব বুলি মই অনুভৱ কৰোঁ। আৰু এই পৱিত্ৰ কাম কৰাৰ বাবে আপোনালোকে যি অৱদান আগবঢ়াইছে, সমৰ্থন প্ৰদান কৰিছে, সাৰ্থক আলোচনা কৰিছে, সদনৰ নেতা হিচাপে মই আজি আপোনালোক সকলোকে মোৰ হৃদয়ৰে, সন্মান সহকাৰে অভিনন্দন জনাবলৈ আৰু আপোনালোকক ধন্যবাদ জনাবলৈ ইয়াত থিয় দিছোঁ।
নমস্কাৰ।
***
(रिलीज़ आईडी: 1959308)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam