কেবিনেট

নতুন দিল্লী জি-২০শীৰ্ষ সন্মিলন সফলতাৰ সন্দৰ্ভত কেবিনেটৰ প্ৰস্তাৱ

Posted On: 13 SEP 2023 8:53PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে আজি অনুষ্ঠিত বৈঠকত ২০২৩ চনৰ ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সফলতাক প্ৰশংসা কৰি এক প্ৰস্তাৱ গৃহীত কৰে।

‘এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ’ শীৰ্ষক বিষয়বস্তুৰ বিভিন্ন দিশ দাঙি ধৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক কেবিনেটে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীৰ জন ভাগীদাৰীৰ দৃষ্টিভংগীয়ে আমাৰ সমাজৰ বিভিন্ন শ্ৰেণীক জি-২০ৰ কাৰ্যসূচী আৰু কাৰ্য্যকলাপৰ সৈতে জড়িত কৰিছিল। ৬০খন চহৰত ২০০ত অধিক বৈঠকে জি-২০ অনুষ্ঠান আয়োজনৰ বাবে এক অভূতপূৰ্ব স্থান প্ৰতিনিধিত্ব কৰিছিল। ফলত ভাৰতীয় জি-২০ অধ্যক্ষতা সঁচা অৰ্থত জনকেন্দ্ৰিক আছিল আৰু ৰাষ্ট্ৰীয় প্ৰচেষ্টা হিচাপে আত্মপ্ৰকাশ কৰিছিল।

কেবিনেটে অনুভৱ কৰিছে যে শীৰ্ষ সন্মিলনৰ ফলাফল পৰিৱৰ্তনশীল আৰু ই আগন্তুক দশকবোৰত বিশ্বব্যৱস্থাৰ পুনৰ গঠনত অৰিহণা যোগাব। বিশেষকৈ বহনক্ষম উন্নয়নৰ লক্ষ্য বাস্তৱায়িত কৰাত, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰত, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি স্থাপন কৰাত, সেউজ উন্নয়ন চুক্তিৰ প্ৰসাৰত আৰু মহিলা নেতৃত্বাধীন উন্নয়নক উৎসাহিত কৰাত গুৰুত্ব দিয়াটো উল্লেখযোগ্য আছিল।

কেবিনেটে লগতে উল্লেখ কৰে যে যি সময়ত পূব-পশ্চিম মেৰুকৰণ শক্তিশালী হৈ আছে আৰু উত্তৰ-দক্ষিণৰ বিভাজন গভীৰ হৈছে, সেই সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাই দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত এক গুৰুত্বপূৰ্ণ সহমতৰ সৃষ্টি কৰিছিল।

‘গ্ল’বেল ছাউথৰ কণ্ঠ’ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাটো ভাৰতৰ অধ্যক্ষতাৰ এক অনন্য দিশ আছিল। ভাৰতৰ এই পদক্ষেপৰ ফলত আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে গ্ৰহণ কৰাটো বিশেষ সন্তুষ্টিৰ বিষয়।

নতুন দিল্লী সন্মিলনে ভাৰতৰ সমসাময়িক প্ৰযুক্তিৰ উন্নতিৰ লগতে আমাৰ ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰদৰ্শনৰ এক সুযোগ প্ৰদান কৰে। জি-২০ৰ সদস্য ৰাষ্ট্ৰৰ নেতা আৰু প্ৰতিনিধিয়ে এই কথা বহুলভাৱে শলাগ লৈছে।

আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ শক্তিশালীকৰণ, উন্নয়নৰ বাবে অধিক সম্পদৰ উপলব্ধতা, পৰ্যটনৰ সম্প্ৰসাৰণ, বিশ্বব্যাপী কৰ্মক্ষেত্ৰৰ সুযোগ, বাজৰা উৎপাদন আৰু ব্যৱহাৰৰ জৰিয়তে শক্তিশালী খাদ্য সুৰক্ষা আৰু জৈৱ ইন্ধনৰ প্ৰতি গভীৰ দায়বদ্ধতা জি-২০ শীৰ্ষ সন্মিলনৰ বিশিষ্ট ফলাফলসমূহৰ ভিতৰত অন্যতম যিয়ে সমগ্ৰ দেশখনক লাভান্বিত কৰিব।

শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ চুক্তি আৰু বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰীৰ  সমাপ্তিও যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল।

কেন্দ্ৰীয় কেবিনেটে জি-২০ শীৰ্ষ সন্মিলনৰ সফলতাত জড়িত সকলো সংগঠন আৰু ব্যক্তিৰ অৱদানৰ শলাগ লয়। ইয়াৰ কাম-কাজত ভাৰতৰ জনসাধাৰণে বিশেষকৈ নৱপ্ৰজন্মই যি উৎসাহেৰে অংশগ্ৰহণ কৰিছিল, সেইটোক ই স্বীকৃতি দিছিল। বিশ্বৰ বৃদ্ধি আৰু উন্নয়নৰ প্ৰসাৰৰ লক্ষ্যৰে ভাৰতীয় জি-২০ অধ্যক্ষতাক এক শক্তিশালী দিশ প্ৰদানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক স্বীকৃতি প্ৰদান কৰে।

 

***

DS/DB



(Release ID: 1957294) Visitor Counter : 108