পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

গোলকীয় শক্তি খণ্ডৰ বাবে ঐতিহাসিক মূহুৰ্ত: জি-২০ অনুষ্ঠানত ঘোষণা হ’ল গ্লোবেল ইন্ধন মৈত্ৰী (জিবিএ)

Posted On: 09 SEP 2023 6:36PM by PIB Guwahati

জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল ইন্ধন মৈত্ৰী (জিবিএ) ঘোষণা কৰাৰ লগে লগে বিশ্বৰ শক্তি খণ্ডই আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰয়।

গ্লোবেল ইন্ধন মৈত্ৰী হৈছে জৈৱ ইন্ধন গ্ৰহণৰ সুবিধাৰ বাবে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু উদ্যোগৰ এক মিত্ৰতা বিকশিত কৰিবৰ বাবে ভাৰতৰ নেতৃত্বত গ্ৰহণ কৰা এক পদক্ষেপ। জৈৱ ইন্ধনৰ বিকাশ আৰু নিয়োজনৰ বাবে জৈৱ ইন্ধনৰ সৰ্ববৃহৎ উপভোক্তা আৰু উৎপাদকসকলক একত্ৰিত কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে জৈৱ ইন্ধনক শক্তি পৰিৱৰ্তনৰ মূল আধাৰ হিচাপে উদ্ভাসিত কৰা আৰু নিয়োগ সৃষ্টি তথা অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা।

গ্লোবেল ইন্ধন মৈত্ৰী ঘোষণাই জি-২০ ৰ অধ্যক্ষ হিচাপে ভাৰতৰ ইতিবাচক কাৰ্যসূচীৰ কৰ্মমুখী প্ৰকৃতি প্ৰদৰ্শন কৰে আৰু “গ্লোবেল ছাউথৰ বলিষ্ঠ কণ্ঠ”ক প্ৰতিনিধিত্ব কৰে।

গ্লোবেল ইন্ধন মৈত্ৰী  চমুকৈ জি.বি.এ.-য়ে সমগ্ৰ মূল্য শৃংখলাত ক্ষমতা নিৰ্মাণৰ অনুশীলন, ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বাবে কাৰিকৰী সমৰ্থন আৰু নীতিৰ শিকন আৰু প্ৰচাৰ কৰি বিশ্বব্যাপী বিকাশ আৰু বহনক্ষম জৈৱ ইন্ধন প্ৰয়োগত সহায় কৰিব। ই উদ্যোগ, দেশ, পৰিৱেশ তন্ত্ৰৰ বিভিন্ন অংশীদাৰ আৰু চাহিদা - যোগানৰ মেপিংত মুখ্য অংশীদাৰসকলক সহায় কৰাৰ বাবে এক ‘ভাৰ্চুৱেল মাৰ্কেট’ক একত্ৰিত কৰাত সহায় কৰিব। ইয়াৰ উপৰি প্ৰযুক্তি প্ৰদানকাৰীসকলক অন্তিমগৰাকী ব্যৱহাৰকাৰীৰ সৈতেও সংযোগ হোৱাত সহায় কৰিব। ই জৈৱ ইন্ধন গ্ৰহণ আৰু বাণিজ্যক ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত মানদণ্ড, কোড, স্থিৰতা নীতি আৰু নিয়মাৱলীৰ বিকাশ, গ্ৰহণ আৰু ৰূপায়ণত সহায় কৰিব।

এই উদ্যোগটো ভাৰতৰ বাবে একাধিক ক্ষেত্ৰত লাভজনক বিবেচিত হ’ব। জি-২০ ত অধ্যক্ষতাৰ এক স্পষ্ট ফলাফল হিচাপে জিবিএ-য়ে বিশ্বব্যাপী ভাৰতৰ স্থিতি শক্তিশালী কৰাত সহায় কৰিব। তদুপৰি, এই মৈত্ৰীয়ে সহযোগিতাৰ ওপৰত গুৰুত্ব দিব আৰু প্ৰযুক্তি ৰপ্তানি আৰু ৰপ্তানি সঁজুলিৰ ৰূপত ভাৰতীয় উদ্যোগসমূহক অতিৰিক্ত সুযোগ প্ৰদান কৰিব। ই ভাৰতৰ হাতত  সম্প্ৰতি থকা জৈৱ ইন্ধন কাৰ্যসূচী যেনে প্ৰধানমন্ত্ৰী-জীৱন যোজনা, SATAT, আৰু গোবৰ্ধন আঁচনি ত্বৰান্বিত কৰাত সহায় কৰিব। ইয়াৰ ফলত কৃষকৰ উপাৰ্জন বৃদ্ধি পাব, নিয়োগ সৃষ্টি হ’ব আৰু ভাৰতীয় পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাব। ২০২২ চনত বিশ্বব্যাপী ইথানল বজাৰৰ মূল্য আছিল ৯৯.০৬ বিলিয়ন আমেৰিকান ডলাৰ আৰু ২০৩২ চনৰ ভিতৰত ৫.১% চক্ৰবৃদ্ধি হাৰত বৃদ্ধি হ’ব আৰু ২০৩২ চনৰ ভিতৰত এই মূল্যই ১৬২.১২ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। আই.ই.এ.-ৰ মতে, নেট জিৰোৰ লক্ষ্যৰ বাবে ২০৫০ চনৰ ভিতৰত ৩.৫-৫ গুণ জৈৱ ইন্ধন বৃদ্ধিৰ সম্ভাৱনা থাকিব, যাৰ ফলত ভাৰতৰ বাবে এক বৃহৎ সুযোগ সৃষ্টি হ'ব।

ইতিমধ্যে জিবিএত যোগদান কৰা দেশ আৰু সংগঠনসমূহ

১৯ খন দেশ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে ইতিমধ্যে যোগদান কৰিবলৈ সন্মত হৈছে।

  • জিবিএ সমৰ্থন কৰা ৭ খন জি-২০ ৰ দেশ ক্ৰমে: ১. আৰ্জেণ্টিনা, ২. ব্ৰাজিল, ৩. কানাডা, ৪. ভাৰত ৫. ইটালী, ৬. দক্ষিণ আফ্ৰিকা, ৭ আমেৰিকা যুক্তৰাষ্ট্ৰ
  • জিবিএ সমৰ্থন কৰা জি-২০ আমন্ত্ৰণকাৰী ৪ খন দেশ ক্ৰমে - ১. বাংলাদেশ, ২. ছিংগাপুৰ, ৩. মৰিচাছ, ৪. সংযুক্ত আৰৱ
  • জিবিএ সমৰ্থন কৰা জি-২০ ৰ বাহিৰৰ ৮ খন দেশ ক্ৰমে  - ১. আইচলেণ্ড, ২. কেনিয়া, ৩. গুয়ানা, ৪. পাৰাগুৱে, ৫. চেচেলছ, ৬. শ্ৰীলংকা, আৰু ৭. উগাণ্ডা(ই জিবিএ সমৰ্থন কৰিবলৈ সদস্য আহ্বান কৰিবলৈ সন্মত হৈছে) আৰু ৮. ফিনলেণ্ড।
  • ১২ টা আন্তৰ্জাতিক সংগঠন: বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব অৰ্থনৈতিক মঞ্চ, বিশ্ব এলপিজি সংগঠন, ইউএন এনাৰ্জি ফৰ অল, ইউএনআইডিঅ’, বায়োফিউচাৰ প্লেটফৰ্ম, আন্তৰ্জাতিক অসামৰিক বিমান সংস্থা, আন্তৰ্জাতিক শক্তি সংস্থা, আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা, বিশ্ব বায়োগেছ সংস্থা।
  • জিবিএ সদস্য দেশবোৰে জৈৱ ইন্ধনৰ মুখ্য উৎপাদক আৰু উপভোক্তা গঠন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ (৫২%), ব্ৰাজিল (৩০%) আৰু ভাৰতে (৩%), ইথানলৰ মুঠ উৎপাদনত প্ৰায় ৮৫% আৰু ব্যৱহাৰত প্ৰায় ৮১% অৰিহণা যোগায়।

                                 

***

RKJ/M



(Release ID: 1957271) Visitor Counter : 132