কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে মেছাৰ্ছ চুভেন ফাৰ্মাচিউটিকেলছ লিমিটেডত ৯৫৮৯ কোটি টকা পৰ্য্যন্ত বৈদেশিক বিনিয়োগত অনুমোদন জনায়
प्रविष्टि तिथि:
13 SEP 2023 3:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি চাইপ্ৰাছৰ মেছাৰ্ছ বেৰহ্যান্দা লিমিটেডৰ মেছাৰ্ছ চুভেন ফাৰ্মাচিউটিকেলছ লিমিটেডত ৯৫৮৯ কোটি টকা পৰ্য্যন্ত বৈদেশিক বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুমোদন নেচনেল ষ্টক এক্সচেঞ্জ লিমিটেড আৰু বম্বে ষ্টক এক্সচেঞ্জ লিমিটেডৰ তালিকাভুক্ত ৰাজহুৱা সীমিত ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী মেছাৰ্ছ চুভেন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ৭৬.১% পৰ্য্যন্ত ইকুইটি শ্বেয়াৰ অধিগ্ৰহণৰ বাবে জনোৱা হৈছে। বাধ্যতামূলক মুক্ত প্ৰস্তাৱৰ জৰিয়তে বৰ্তমানৰ প্ৰম’টাৰ শ্বেয়াৰহ’ল্ডাৰ আৰু ৰাজহুৱা শ্বেয়াৰহ’ল্ডাৰৰপৰা শ্বেয়াৰ হস্তান্তৰকৰণেৰ এয়া সম্পন্ন হ’ব। মেছাৰ্ছ চুভেন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ সামগ্ৰিক বৈদেশিক বিনিয়োগ ৯০.১% পৰ্য্যন্ত বৃদ্ধি পাব পাৰে।
এই প্ৰস্তাৱৰ মূল্যায়ন ছেবি, আৰবিআই, চিচিআই আৰু আন-আন সংশ্লিষ্ট সংস্থাই কৰিছে। সংশ্লিষ্ট বিভাগ, আৰবিআই আৰু ছেবিয়ে এই প্ৰস্তাৱ পৰীক্ষাৰ পিছত অনুমোদন জনোৱা হৈছে আৰু এই ক্ষেত্ৰত প্ৰযোজ্য সকলো নীতি-নিয়ম পৰিপূৰণৰ অধীনত এই অনুমোদন জনাইছে।
বৈদেশিক বিনিয়োগকাৰী কোম্পানী মেছাৰ্ছ বেৰহ্যান্দা লিমিটেডৰ সমগ্ৰ বিনিয়োগ এডভেন্ট ফাণ্ডৰ হাতত থাকে, যিয়ে বিভিন্ন লিমিটেড পাৰ্টনাৰ (LP) ৰপৰা বিনিয়োগ একত্ৰিত কৰে। এডভেন্ট ফাণ্ডসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰত নিগমিত এডভেন্ট ইন্টাৰনেচনেল কৰ্প’ৰেচনে পৰিচালনা কৰে। ১৯৮৪ত স্থাপন হোৱা এডভেন্ট ইন্টাৰনেচনেল কৰ্প’ৰেচনে ৪২ খন দেশত প্ৰায় ৭৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰিছে। এডভেন্ট ইণ্ডিয়াই ২০০৭ ৰপৰা ভাৰতত বিনিয়োগ আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে স্বাস্থ্যসেৱা, বিত্তীয় সেৱা, ঔদ্যোগিক উৎপাদন, উপভোক্তা সামগ্ৰী আৰু আইটি সেৱা খণ্ডৰ ২০টা ভাৰতীয় কোম্পানীত প্ৰায় ৩৪০০০ কোটি টকা বিনিয়োগ কৰিছে।
উক্ত অনুমোদিত বিনিয়োগৰ লক্ষ্য হৈছে নতুন নিয়োগ সৃষ্টি কৰা, উদ্যোগ আৰু সঁজুলিত বিনিয়োগৰ জৰিয়তে ভাৰতীয় কোম্পানীটোৰ ক্ষমতা সম্প্ৰসাৰণ। এডভেন্ট গ্ৰুপৰ সৈতে এছ’চিয়েচনে ব্যৱসায়িক কাৰ্য্যকলাপ সম্প্ৰসাৰণেৰে মেছাৰ্ছ চুভেন ফাৰ্মাচিউটিকেলছ লিমিটেডে বৃহৎ মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে; কাৰ্য্যকৰী উৎকৃষ্টতা অৰ্জন কৰা; উৎপাদনশীলতা বৃদ্ধি আৰু বৃদ্ধি ত্বৰান্বিত কৰা; ভাৰতীয় কোম্পানীৰ পৰিবেশ, অৱস্থা আৰু সুৰক্ষাৰ মানদণ্ড উন্নত কৰা আৰু পৰিচালনাৰ ক্ষেত্ৰত বৈশ্বিক উত্তম পন্থাৰ লগতে বৰ্তমানৰ পেছাদাৰীসকলক উৎকৃষ্ট প্ৰশিক্ষণৰ সুযোগ প্ৰশস্ত কৰিব।
চৰকাৰে ফাৰ্মাচিউটিকেল খণ্ডৰ বাবে বিনিয়োগকাৰী অনুকূল প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI) নীতি ব্যৱস্থা ৰূপায়ণ কৰিছে যাতে প্ৰযুক্তি, উদ্ভাৱন আৰু দক্ষতাৰ জৰিয়তে ত্বৰান্বিত অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়নৰ বাবে বৈশ্বিক উত্তম পন্থাসমূহ প্ৰশস্ত কৰিবপৰা যায়; ঘৰুৱা উৎপাদনশীলতা বৃদ্ধি, প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি আৰু আন-আন সুবিধাসমূহৰ লগতে নিয়োগ সৃষ্টিৰ বাবে মূলধন পৰিপূৰক হিচাপে ক্ৰিয়া কৰে।
বৰ্তমানৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ নীতি অনুসৰি গ্ৰীনফিল্ড ফাৰ্মাচিউটিকেল প্ৰকল্পত স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% বৈদেশিক বিনিয়োগৰ অনুমতি দিয়া হৈছে। ব্ৰাউনফিল্ড ফাৰ্মাচিউটিকেল প্ৰকল্পত স্বয়ংক্ৰিয় পথৰ অধীনত ৭৪% পৰ্য্যন্ত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ অনুমতি দিয়া হয় আৰু ৭৪% ৰোধিক বিনিয়োগৰ বাবে চৰকাৰী অনুমোদনৰ প্ৰয়োজন হয়। যোৱা পাঁচ বছৰৰ ভিতৰত (২০১৮-১৯ ৰপৰা ২০২২-২৩লৈকে) ফাৰ্মাচিউটিকেল খণ্ডত মুঠ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ প্ৰবাহ ৪৩,৭১৩ কোটি টকা হৈছে। যোৱা বিত্তীয় বৰ্ষত এই খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ ৫৮% বৃদ্ধি পাইছে।
***
(रिलीज़ आईडी: 1957157)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam