প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ ঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন জি-২০ ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ

Posted On: 10 SEP 2023 12:26PM by PIB Guwahati

গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে আমাৰ সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰেঃ প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত তেখেতে কয় যে গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“ঐতিহাসিক ৰাজঘাটত জি-২০ পৰিয়ালে শান্তি, সেৱা, মমতা আৰু অহিংসাৰ মূৰ্ত প্ৰতীক মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়। 

বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰসমূহ একত্ৰিত হোৱাৰ লগে-লগে গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে আমাৰ সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰে।”

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত প’ষ্ট কৰি এইদৰে কৈছেঃ

“জি-২০ পৰিয়ালে বাপুক শ্ৰদ্ধাঞ্জলি জনাইছে। বিশ্বৰ নেতাসকলে ৰাজঘাট দৰ্শনেৰে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।”

 

At the iconic Rajghat, the G20 family paid homage to Mahatma Gandhi - the beacon of peace, service, compassion and non-violence.

As diverse nations converge, Gandhi Ji’s timeless ideals guide our collective vision for a harmonious, inclusive and prosperous global future. pic.twitter.com/QEkMsaYN5g

— Narendra Modi (@narendramodi) September 10, 2023

 

The G20 family pays homage to Bapu.

World leaders visited Rajghat where they paid tributes at the Samadhi of Mahatma Gandhi. pic.twitter.com/fYXJTWNk2n

— PMO India (@PMOIndia) September 10, 2023

 

*****

DS/TS/SB



(Release ID: 1955997) 



(Release ID: 1956003) Visitor Counter : 124